Logo
image

মৰীচিকা খেদি বেদুইন নহ’ব

[এক]

ৰ’দ ঘন বতৰত পকী পথেৰে যাত্ৰা কৰিলে অদূৰত পানী পৰি থকা যেন অনুভৱ হয়৷ এনে লাগে যেন চিপ্‌চিপিয়া পানীত  পথছোৱা ডুবি আছে৷ পিছে বাহনৰ গতি বঢ়ালেও সেই পানীত ডুবি থকা পথছোৱা বিচাৰি পোৱা নাযায়৷ বাহনখন যিমানে আগুৱাই যায়, পথছোৱাও সিমানে পিছুৱাই গৈ থাকে৷ এয়া এক দৃষ্টি-বিভ্ৰম৷ ইয়াকেই মৰীচিকা বুলি কোৱা হয়৷ বৈজ্ঞানিক ভিত্তি থকা এই পৰিঘটনা উত্তপ্ত মৰুভূমি অঞ্চলত অধিক স্পষ্টৰূপত দেখা যায়৷ পোহৰৰ পূৰ্ণ প্ৰতিফলনৰ ফলত মৰীচিকাৰ সৃষ্টি হয় আৰু এই পৰিঘটনাত অদূৰত পানীৰ উৎস থকা যেন লাগিলেও প্ৰকৃততে তেনে একো নাথাকে৷ মৰুভূমিৰ মাজেৰে যাত্ৰা কৰোঁতে পিয়াহত আতুৰ হৈ যদি সেই মৰীচিকা খেদি যায়, তেনেহ’লে নিশ্চিতভাৱে সেয়া হ’ব পণ্ডশ্ৰম৷ কিয়নো, মৰুভূমিত মৰীচিকা খেদি বেদুইন হ’ব পাৰি, তৃষ্ণা দূৰ কৰিব নোৱাৰি৷

[দুই]

স্ব-নিয়ন্ত্ৰিত, আত্মনিৰ্ভৰশীল আৰু এখন স্বাধীন অসমৰ সোণোৱালী স্বপ্ন দেখুৱাই ১৯৭৯ চনৰ ৭ এপ্ৰিলত ঐতিহ্যমণ্ডিত শিৱসাগৰৰ ৰংঘৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী অসম, চমুকৈ আলফাৰ জন্ম হৈছিল৷ আৰম্ভণিৰ সময়ছোৱাত আলফাই কিছু জনসমৰ্থন লাভ কৰিছিল যদিও গণভিত্তি হেৰুৱাবলৈ সংগঠনটোক বৰ বেছি সময়ৰ প্ৰয়োজন নহ’ল৷ আলফাই দেখুওৱা সপোনৰ পৰিণতি হ’লগৈ  নিদাৰুণ, আলফাৰ ইতিহাসো হৈ পৰিল ৰক্তৰঞ্জিত৷ সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে অসমক নতুন ৰূপত গঢ় দিয়াৰ অলীক স্বপ্ন দেখি আৰম্ভণিৰ সময়ছোৱাত বহু শিক্ষিত আৰু প্ৰতিভাৱান যুৱকে আলফাত যোগদান কৰিছিল যদিও সময়ৰ লগে লগে অসমৰ যুৱচামে বাস্তৱসন্মত সকলো কথা বুজি উঠিছিল আৰু আলফাৰ প্ৰতি তেওঁলোকৰ মোহভংগ হৈছিল৷ গতিকে আলফাত যোগদানৰ প্ৰৱণতাও তেওঁলোকৰ মনৰ পৰা নোহোৱা হৈছিল৷ ৰক্তক্ষয়ী অস্ত্ৰৰ ঝনঝননিকে সৰ্বস্ব বুলি ভবা আৰু সহজলভ্য ধনৰ পাছত দৌৰা এচাম আলফাই যেতিয়া হত্যা, অপহৰণ, ধন দাবী আদিৰে নিজকে সন্ত্ৰাসবাদী বুলি পৰিচয় দিলে, তেতিয়া সৰ্বসাধাৰণৰ মনতো আলফা আৰু বিদ্ৰোহী সংগঠন হৈ নাথাকিল৷ বিশেষকৈ, ১৯৯৭ চনত সমাজকৰ্মী সঞ্জয় ঘোষক অপহৰণ কৰি নি হত্যা কৰা, ২০০০ চনত তদানীন্তন অগপ চৰকাৰৰ এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী নগেন শৰ্মাক বোমা বিস্ফোৰণ ঘটাই হত্যা কৰা, ২০০৪ চনত ধেমাজিত বোমা বিস্ফোৰণৰ জৰিয়তে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ ল’বলৈ অহা কেইবাটিও নিষ্পাপ শিশুৰ প্ৰাণ কাঢ়ি লোৱা আদি দুষ্কাৰ্যৰ বাবে, সমাজবিৰোধী নৃশংস কামৰ বাবে আলফাৰ প্ৰতি থকা মানুহৰ আস্থা আৰু বিশ্বাস ধূলিসাৎ হৈ পৰিছিল৷ ইপিনে, সংগঠনটোৰ এটা অংশই আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছিল৷ এটা অংশই চৰকাৰৰ সৈতে শান্তি আলোচনাত মিলিত হ’বলৈ সন্মত হৈ সংগঠনটোৰ পৰা ওলাই আহিছিল৷ সেইদৰেই দেশৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনোৱা, হত্যা-অপহৰণ-বোমা বিস্ফোৰণ-ধন দাবী আদিৰে সন্ত্ৰাস চলোৱা, নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱা বহুসংখ্যক আলফা সদস্যই বিভিন্ন অভিযানৰ সময়ত আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ হাতত মৃত্যুবৰণ কৰিছিল৷ এনেবোৰ কাৰণতে আলফা ক্ৰমাৎ অপ্ৰাসংগিক হৈ পৰিল৷ শক্তি ক্ষয় হৈ হৈ সংগঠনটো হৈ পৰিল তেনেই নিশকতীয়া৷ চৰকাৰৰ সদিচ্চা আৰু দূৰদৰ্শী কঠোৰ স্থিতিৰ ফলত অসমৰ আকাশৰ পৰা হিংসা আৰু সন্ত্ৰাসৰ ক’লীয়া ডাৱৰ আঁতৰি গ’ল৷ এমুঠি সদস্য লগত লৈ পৰেশ বৰুৱাই মাজে মাজে শিবিৰৰ পৰা বিবৃতি প্ৰেৰণ কৰিয়েই ক্ষান্ত থাকিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হ’ল৷ এনে এক পৰিৱেশত স্বাধীনতাৰ সপোন দেখি আলফালৈ নতুনকৈ কোনোবা যোৱাৰ কথা ভাবিবই নোৱাৰি৷ ইয়াৰ মাজতো অত্যন্ত হতাশাগ্ৰস্ত হৈ অথবা অত্যধিক আৱেগৰ বশৱৰ্তী হৈ যি দুই-এক নতুনকৈ আলফালৈ গৈছিল, তেওঁলোকৰো বহুতকে চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত আলফাই মৃত্যুদণ্ড বিহিলে৷ প্ৰকৃততে পৰিৱেশটোৱেই এনে হৈছে যে আলফালৈ নতুনকৈ কোনোবা যাব পাৰে বুলি আলফাই নিজেই বিশ্বাস নকৰে৷ নহ’লেনো চোৰাংচোৱাৰ ভূতে তেওঁলোকক এইদৰে খেদি থাকেনে? নহ’লেনো চোৰাংচোৱাগিৰি কৰাৰ সন্দেহত আলফাই এইদৰে ইজনৰ পাছত সিজনক নিৰ্দয়ভাৱে হত্যা কৰেনে?

ইমানৰ পাছতো শেহতীয়াভাৱে নগণ্যসংখ্যক হ’লেও কিছু যুৱক-যুৱতী আলফালৈ ঢাপলি মেলা কথাটো আমি উদ্বিগ্নতাৰে লক্ষ্য কৰিছিলোঁ আৰু বিষয়টো অতি গুৰুত্বসহকাৰে লৈছিলোঁ৷ হঠাৎ এচাম যুৱক-যুৱতীৰ মনত এইদৰে আলফালৈ যোৱাৰ প্ৰৱণতা কিয় গা কৰি উঠিল, তাক লৈ আমি গভীৰভাৱে চিন্তা-চৰ্চা কৰিছিলোঁ আৰু সমান্তৰালভাৱে বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ৷ আমাৰ চকুত ধূলি দি আলফা পুনৰ সংগঠিত হৈছে নেকি? বিদেশী ৰাষ্ট্ৰৰ প্ৰৰোচনাত পৰি অথবা পৃষ্ঠপোষকতা লৈ আলফা তলে পুতল হৈ পৰিছে নেকি? এনে বিভিন্ন দিশত আমাৰ চিন্তাৰ দুৱাৰবোৰ খুলি দিয়া হৈছিল আৰু সেই অনুসৰি যাৱতীয় ব্যৱস্থা  গ্ৰহণ কৰা হৈছিল৷ এনেদৰে ব্যৱস্থা গ্ৰহণ কৰি আমি ভালেখিনি সুফলো লাভ কৰিছিলোঁ৷ এটা উদাহৰণ দিলে কথাষাৰ অধিক স্পষ্ট হৈ পৰিব৷ বিষয়টোৰ গভীৰতালৈ সোমাই গৈ আমি কেতবোৰ আমোদজনক তথ্য লাভ কৰিছিলোঁ৷ শেহতীয়াভাৱে  এনে এক প্ৰচাৰ চলিছিল যে আলফা[স্বাধীন]ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাও আলোচনাৰ মেজলৈ আহিব৷ গতিকে এইখিনি সময়তে আলফাত যোগদান কৰি, কিছুদিন সংগঠনটোত থাকি, পৰেশ বৰুৱাৰ সৈতে মূলসুঁতিলৈ উভতি আহিলে চৰকাৰৰ পৰা মোটা অংকৰ ধন পোৱা যাব৷ এই সহজ অংক কৰিও এচাম আলফালৈ যাবলৈ তৎপৰ হৈ পৰিছিল অথবা আলফালৈ গৈছিল৷ মুখ্যমন্ত্ৰীৰ সবল নেতৃত্ব আৰু সদিচ্চামূলক ৰণনীতিৰ বাবে পৰেশ বৰুৱাই শেহতীয়াভাৱে কিছু নমনীয় স্থিতি গ্ৰহণ কৰিছিল আৰু অসমৰ শান্তিৰ স্বাৰ্থত কিছু সহযোগিতাৰ মনোভাব পোষণ কৰিছিল৷ ইয়াৰ ভিত্তিতে এচামে এইদৰে পৰেশ বৰুৱাও আলোচনাৰ মেজলৈ আহিব বুলি প্ৰচাৰ চলাই একাংশ যুৱক-যুৱতীক আলফালৈ যাবলৈ প্ৰৰোচিত কৰিছিল৷ এই প্ৰচাৰ উদ্দেশ্যপ্ৰণোদিত হোৱাৰ সম্ভাৱনাই বেছি৷ এই আমোদজনক তথ্য লাভ কৰাৰ পাছত আমি এনে এক সিদ্ধান্তত উপনীত হৈছিলোঁ যে এতিয়াৰ পৰা মূলসুঁতিলৈ অথবা আলোচনাৰ মেজলৈ উভতি অহা উগ্ৰপন্থী সদস্যই প্ৰথমে চাৰি লাখ টকা আৰু প্ৰতিমাহে ছহাজাৰ টকাকৈ লাভ কৰাৰ যি নিয়ম আছিল, সেয়া প্ৰযোজ্য নহ’ব৷ এই সিদ্ধান্তৰ পাছতে আলফালৈ বোৱা সোঁতটো পুনৰ চকুত লগাকৈ শীৰ্ণ হৈ পৰিছিল৷

আলফালৈ হঠাৎ এইদৰে কিছু  যুৱক-যুৱতী ঢাপলি মেলাৰ আঁৰত এজন সুচতুৰ আলফা নেতা জড়িত থকাৰ কথাও আমি লক্ষ্য কৰিছিলোঁ৷ যুৱক-যুৱতীসকলক আৱেগিকভাৱে ব্লেকমেইলিং কৰি, তেওঁলোকক আলফাত যোগদানৰ বাবে প্ৰৰোচিত কৰাৰ ক্ষেত্ৰত এই আলফা নেতাজন পাৰ্গত, সিদ্ধহস্ত৷ আলফাৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ নহয়, এই সু-চতুৰ আলফা নেতাজনৰ জালত ভৰি দিহে কিছু যুৱক-যুৱতী এইদৰে আলফালৈ যাবলৈ তৎপৰ হৈ পৰিছিল অথবা আলফালৈ গৈছিল৷

[তিনি]

একাংশ যুৱক-যুৱতী আলফালৈ যাবলৈ উন্মুখ হোৱাৰ অন্তৰ্নিহিত কাৰণ বিশ্লেষণৰ সমান্তৰালভাৱে আমি প্ৰতিৰোধমূলক ব্যৱস্থাও গঢ়ি তুলিছিলোঁ৷ এইক্ষেত্ৰত সামাজিক মাধ্যমত বিভিন্নজনে দিয়া প’ষ্টসমূহ আৰক্ষীয়ে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল আৰু আপত্তিজনক কিবা দেখিলেই তেওঁলোকক স্থানীয় আৰক্ষী থানা, চকী আদিলৈ মতাই নি অথবা তেওঁলোকক আটক কৰি নি কাউঞ্চেলিঙৰ ব্যৱস্থা কৰিছিল, অৰ্থাৎ বুজনি দিছিল৷ লগতে, অভিভাৱকৰ হাতত তেওঁলোকক চমজাই দিছিল৷ পিছে, বহুক্ষেত্ৰত দেখা গ’ল যে ইমানৰ পাছতো যুৱকজনে অথবা যুৱতীগৰাকীয়ে আলফাত যোগদান কৰিছে৷ দুটামান  উদাহৰণ দিলে কথাষাৰ অধিক স্পষ্ট হ’ব৷

যুৱকজনৰ নাম বিভাকৰ কলিতা৷ বয়স ২৩ বছৰ৷ ঘৰ নৱগঠিত বজালী জিলাৰ পাটাছাৰকুছি থানাৰ অন্তৰ্গত পাঠশালাৰ ৪ নম্বৰ ৱাৰ্ডত৷ মাৰ্চৰ প্ৰথম সপ্তাহত বাগ্‌সা জিলাৰ ছিমলা থানাৰ অন্তৰ্গত কোকিলাবাৰীত অনুষ্ঠিত ব্ৰহ্ম ধৰ্ম সন্মিলনৰ সময়ত তিনিদিনৰ বাবে এখন চাহৰ দোকানত কাম কৰিছিল বিভাকৰে৷ সেই তিনিওদিন সি ছিমলা গাঁৱৰ ১৯ বছৰীয়া যুৱক কমল শৰণীয়াৰ ঘৰত আছিল৷ ৮ মাৰ্চৰ দিনা বিভাকৰ আৰু কমল দুয়ো পাঠশালালৈ আহিছিল আৰু বিভাকৰৰ ঘৰত নিশাটো কটাইছিল৷ পিছদিনা বিয়লি দুয়ো ৰে’লেৰে গুৱাহাটীলৈ আহিছিল  আৰু নিশা ৯মান বজাত বিভাকৰে মাকলৈ ফোন কৰি জনাইছিল যে সি বৰ্তমান ৰে’লেৰে তিনিচুকীয়ালৈ গৈ আছে৷ তাত থকা সম্বন্ধীয় ভাতৃ নৱজ্যোতি কলিতাৰ ঘৰতে সি বৰ্তমান থাকিব৷ ১০ মাৰ্চৰ দিনা বিভাকৰে তেওঁৰ ভগ্নীলৈ এটা মেছেজ প্ৰেৰণ কৰি জনাইছিল যে সি ভালদৰেই আছে যদিও ম’বাইলৰ নেটৱৰ্ক বহুত দুৰ্বল৷ তাৰ পাছৰে পৰা বিভাকৰৰ পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক নাই৷ পৰিয়ালৰ সদস্যই নৱজ্যোতি কলিতাৰ সৈতে যোগাযোগ কৰি জানিব পাৰিলে যে বিভাকৰহঁত তেওঁৰ ঘৰলৈ যোৱাই নাই৷ অনুৰূপধৰণে ৯ মাৰ্চৰ পৰা কমল শৰণীয়াৰ সৈতেও তেওঁৰ ঘৰৰ মানুহৰ কোনো যোগাযোগ হোৱা নাই৷ ইয়াৰ পাছত সংবাদ মাধ্যমে এয়া নিশ্চিত কৰে যে প্ৰভাকৰ আৰু কমল দুয়ো ইতিমধ্যে ম্যানমাৰত থকা আলফাৰ শিবিৰত উপস্থিত হৈছে৷

গুৰুত্বপূৰ্ণ কথা এয়ে যে ইয়াৰ পূৰ্বে ২০২১ চনৰ ১৬ জুনত বিভাকৰ কলিতাই আলফাৰ সমৰ্থনত দিয়া এটা ফেচবুক প’ষ্টৰ বাবে দুয়োকে ছিমলা আৰক্ষী থানাই আটক কৰিছিল আৰু বাগ্‌সাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত যাৱতীয় কাউঞ্চেলিঙৰ অন্তত তেওঁলোকক অভিভাৱকৰ হাতত চমজাই দিয়া হৈছিল৷

সেইদৰে ডিব্ৰুগড় জিলাৰ খোৱাং থানাৰ অন্তৰ্গত ৰহমৰীয়া গাঁৱৰ ৰণ্টু সোণোৱালে ফেচবুকত প’ষ্ট দি আলফাৰ প্ৰতি থকা সমৰ্থনৰ কথা জনাইছিল৷ ২০২১ চনৰ ১৬ জানুৱাৰীত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰণ্টুক বুজনি দিয়া হৈছিল৷ কাউঞ্চেলিঙৰ অন্তত  ঘৰলৈ যাবলৈ দিয়া ৰণ্টু চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে৷ সি ইতিমধ্যে আলফা[স্বাধীন]ত যোগদান কৰা বুলি জনা গৈছে৷

ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ পংকজ গগৈ নামৰ যুৱকজনেও ফেচবুকৰ জড়িয়তে আলফাত যোগদানৰ বাবে থকা তেওঁৰ আগ্ৰহৰ কথা জানিবলৈ দিছিল৷ চলিত বৰ্ষৰ জানুৱাৰীত নামৰূপৰ উপ-আৰক্ষী অধীক্ষকে পংকজক বুজনি দিছিল৷ এই কাউঞ্চেলিঙৰ পাছত ৪ মাৰ্চত সি কামৰ সন্ধানত কেৰালালৈ গৈছিল৷ তাৰ পাছত পংকজ আৰু ঘৰলৈ ঘূৰি অহা নাছিল৷ সি বাহিৰে বাহিৰে আলফাত যোগদান কৰা বুলি জনা গৈছে৷

এয়া দুটামান উদাহৰণহে৷ ১৪ মে’, ২০২১ৰ পৰা ১৬ জুলাই, ২০২২লৈকে অসম আৰক্ষীয়ে আলফা সম্পৰ্কীয় এনে আপত্তিজনক প’ষ্ট দিয়া মুঠ ৩৫৮টা ফেচবুক প্ৰফাইল ধৰা পেলাইছে আৰু সংশ্লিষ্ট জিলাসমূহলৈ সেই তথ্য প্ৰেৰণ কৰিছে৷ ইয়াৰ ভিতৰত ২০২টা ফেচবুক প্ৰফাইলৰ গৰাকীক আৰক্ষীয়ে কাউঞ্চেলিং কৰিছে, অৰ্থাৎ বুজনি দিছে৷ ২০১টা প’ষ্ট ডিলিট কৰোৱা হৈছে৷ ৩৯জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ এই সন্দৰ্ভত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা হৈছে ৩৫টা৷ উদ্বেগৰ কথা এয়ে যে আৰক্ষীয়ে বুজনি দিয়াৰ পাছতো কেইবাজনো যুৱক-যুৱতী আলফালৈ গৈছে আৰু ইতিপূৰ্বে  উল্লিখিত ঘটনাকেইটাই তাৰ প্ৰমাণ৷ এইক্ষেত্ৰত আৰক্ষীক আভুৱা-ভাঁৰি আলফালৈ যোৱা ঘটনাও ঘটিছে৷ কাউঞ্চেলিঙৰ পাছতো যিসকল আলফালৈ গ’ল, তেওঁলোকৰ অভিভাৱকে এইবাৰ আৰক্ষীক প্ৰশ্ন কৰিলে– ‘যদি আলফালৈ যাব বুলি জানিছিলেই, বাধা নিদিলে কিয়? জে’লত ভৰাই নথ’লে কিয়? কিয় বুজনি দিয়েই ক্ষান্ত থাকিল?’ এনে পৰিস্থিতিত আৰক্ষীয়েও বিষয়টো নতুন দৃষ্টিভংগীৰে চাবলৈ বাধ্য হ’ল আৰু সামাজিক মাধ্যমত এনেধৰণৰ আপত্তিজনক শব্দৰ প্ৰয়োগ কৰাসকলক কাউঞ্চেলিঙৰ সমান্তৰালভাৱে  প্ৰয়োজনত গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাত গুৰুত্ব আৰোপ কৰিবলৈ ধৰিলে৷

[চাৰি]

মাজতে এনে এক পৰিৱেশ হৈছিল যে সেইখিনি সময়ত যি কাৰণতেই নহওক কিয়, মাত্ৰ এঘাৰ দিনৰ ভিতৰত ৪৩জন যুৱক-যুৱতীয়ে আলফালৈ    ঢাপলি মেলিছিল৷ এনে উদ্বেগজনক পৰিস্থিতিত আৰক্ষীয়ে বিষয়টো অধিক গুৰুত্বসহকাৰে লৈছিল আৰু সামাজিক মাধ্যম নিৰীক্ষণৰ কামটো তীব্ৰতৰ কৰি তুলিছিল৷  লগতে, আলফাৰ আদৰ্শৰ প্ৰতি দুৰ্বলতা দেখুৱাই যদি কোনোবাই  কিবা কথা লিখে, তেনে লোকক গ্ৰেপ্তাৰৰ সিদ্ধান্ত লোৱা হৈছিল৷ যাৱতীয় কাউঞ্চেলিঙৰ পাছতো যিহেতু আলফালৈ সোঁত বৈয়ে আছিল, গতিকে কাউঞ্চেলিঙৰ সমান্তৰালভাৱে এইদৰে গ্ৰেপ্তাৰৰ সিদ্ধান্ত ল’বলৈ আৰক্ষী একপ্ৰকাৰ বাধ্য হৈছিল৷ সেইখিনি সময়তে যদি কোনোবাই ফেচবুক একাউণ্টৰ টেগলাইন দিয়ে–‘স্বাধীন সূৰুযৰ দিশে আকৌ এখোজ, আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ’, তেন্তে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ নকৰিবইবা কিয়? টেগলাইন মানে আমি কি বুজোঁ? এজন লোকৰ সামাজিক পৰিচয়ৰ সাৰাংশ নহয় জানো? যি সময়ত মাত্ৰ এঘাৰ দিনৰ ভিতৰত ৪৩জন যুৱক-যুৱতী আলফালৈ গৈছিল, তেনে এক উদ্বেগজনক, স্পৰ্শকাতৰ সময়ত এই টেগলাইনে আৰক্ষীৰ দৃষ্টি আকৰ্ষণ কৰাটোৱেই স্বাভাৱিক৷ তদুপৰি, আলফালৈ যাবলৈ মন মেলি থকা অথবা আলফালৈ ইতিমধ্যে যোৱা কোনো ব্যক্তিৰ লগত যদি কাৰোবাৰ টেলিফ’নিক সম্পৰ্কৰ সম্ভেদপোৱা যায়, তেনে লোকো আৰক্ষীৰ অনুসন্ধানৰ আওতালৈ আহি যায়৷ ‘কল ডিটেইল ৰেকৰ্ড’, চমুকৈ চি ডি আৰ বিশ্লেষণ আদি পদ্ধতিৰ জৰিয়তে কাৰ লগত কোনে কেতিয়া যোগাযোগ কৰিছে, সেই তথ্য আহৰণ কৰা যায়৷ তেনে লোকে যদি ফেচবুকৰ দৰে সামাজিক মাধ্যমত আলফাৰ আদৰ্শৰ প্ৰতি দুৰ্বলতা প্ৰকাশ পোৱা কোনো বাক্য লিখে, তেন্তে সন্দেহ¸ অধিক গাঢ় হয় আৰু সেইখিনিক ‘প্ৰাইমা ফেচি এভিডেঞ্চ’, অৰ্থাৎ প্ৰাথমিক প্ৰমাণ হিচাপে গণ্য কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়, বিষয়টো ন্যায়িক প্ৰক্ৰিয়াৰ মাজলৈ আগুৱাই দিয়া হয়৷ আৰক্ষীয়ে বিষয় এটা ন্যায়িক প্ৰক্ৰিয়াৰ মাজলৈ আগুৱাইহে দিব পাৰে৷ শাস্তি দিয়াৰ দায়িত্ব মহামান্য আদালতৰ৷

[পাঁচ]

এজন কবি আছিল৷ নাম কবিৰঞ্জন শইকীয়া৷ বাৰ বছৰ বয়সতে কবিৰঞ্জনে তেওঁৰ  জীৱনৰ প্ৰথমখন কবিতা সংকলন প্ৰকাশ কৰিছিল৷ সংকলনটোৰ নাম আছিল– ‘ৰক্ত আৰতি’৷ যৌৱনৰ ভৰপক সময়তে কবিৰঞ্জন আলফালৈ গৈছিল আৰু নাম লৈছিল স্বাধীনতা ফুকন৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ উপ-প্ৰচাৰ সচিব আছিল স্বাধীনতা ফুকন৷ ২০০০ চনত নিৰাপত্তাৰক্ষীৰে হোৱা এক সংঘৰ্ষত স্বাধীনতা ফুকন নিহত হৈছিল৷ ইয়াৰ লগে লগে এজন প্ৰতিশ্ৰুতিসম্পন্ন কবি চিৰদিনলৈ হেৰাই গৈছিল, যাৰ নাম আছিল কবিৰঞ্জন শইকীয়া৷

আমি নিবিচাৰোঁ– আৱেগৰ বশৱৰ্তী হৈ, অলীক স্বপ্ন খেদি নতুন প্ৰজন্মৰ আৰু কোনোবা অবাটে যাওক, যি ৰক্তৰঞ্জিত বাটত প্ৰতি মুহূৰ্ততে শুনা যায় মৃত্যুৰ কিৰীলি৷ আমি নিবিচাৰোঁ– সেই বাটেৰে গৈ এদিন তেওঁলোকো হেৰাই যাওক, যিদৰে মাত্ৰ ২৬ বছৰ বয়সতে হেৰাই গৈছিল  কবিৰঞ্জন শইকীয়া৷ আমি বিচাৰোঁ–তেওঁলোকে ভাল ভাল কবিতা লিখক, সৃষ্টিশীল কৰ্মৰ লগতে পঢ়া-শুনাত মনোনিৱেশ কৰক, আত্মনিৰ্ভৰশীল হ’বলৈ যত্ন কৰক আৰু এদিন স্ব-প্ৰতিভাৰে উজলি উঠক৷

আশা কৰিছোঁ– নিজে সুবিধাজনক স্থিতিত থাকি, কম বয়সীয়া যুৱক-যুৱতীক অবাটে যাবলৈ প্ৰৰোচিত  কৰা, উচটাই জোল খোৱা এচাম লোকৰ লেৰেলা সাদৰ আৰু আৰক্ষী তথা চৰকাৰৰ অভিভাৱকসুলভ কঠোৰতাখিনিৰ মাজত থকা পাৰ্থক্য উঠি অহা চামে  উপলব্ধি কৰিব আৰু গ্ৰহণযোগ্য নতুন চিন্তাৰে তেওঁলোকৰ জীৱনটো আগবঢ়াই নিব৷ ফেচবুকত উদ্বিগ্নতা দেখুওৱা কিমানজনে কাৰাগাৰত থকাসকলক পঢ়া-শুনাত সহায়ক হোৱাকৈ কিতাপ-বহী যোগান ধৰিছে, কাপোৰ-কানি দিছে অথবা উৎসাহ যোগাইছে, সেই কথাও তেওঁলোকে মনত ৰখা ভাল৷ নিজৰ ভুল বুজি উঠি কোনোবা যদি অনুতপ্ত হয়, আৱেগ অথবা হতাশাগ্ৰস্ততাই হাত বাউল দি মতা ভুল পথেৰে নাযাওঁ বুলি কোনোবাই যদি প্ৰতিশ্ৰুতি দিয়ে আৰু ঘৰৰ মানুহেও দায়িত্ব লয়, তেনেহ’লে তেওঁলোকক সহায় কৰিবলৈ, তেওঁলোকৰ প্ৰতি সহযোগিতাৰ হাত আগবঢ়াবলৈ আৰক্ষী প্ৰস্তুত৷ কিয়নো– তেওঁলোক দেশৰ ভৱিষ্যৎ৷ আমাৰ আশা-ভৰসাৰ থল৷ আমি বিচাৰোঁ– তেওঁলোকৰ ভাল হওক৷

শেষত এটাই অনুৰোধ, কোনেও যেন মৰুভূমিত মৰীচিকা খেদি সময় অপচয় নকৰে৷ কিয়নো, মৰুভূমিত মৰীচিকা খেদি বেদুইন হ’ব পাৰি, তৃষ্ণা দূৰ কৰিব নোৱাৰি৷