Logo
image

ফেচবুকত বৰ্ষাশ্ৰীক কমেণ্ট দি জে’লত সোমাই আছে বিতোপনো

আমাৰ অসম, ২৫ জুলাইঃ ৬৪টা দিনৰ বন্দিত্বৰ অন্তত মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই৷  কিন্তু যোৱা দুটা মাহ বিতোপন চাংমাই এতিয়াও অন্ধকাৰ কাৰাগাৰত৷ উল্লেখ্য ফেচবুকত কবিতা লিখি ৬৪ দিনকৈ কাৰাগাৰত থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই মুকলি আকাশৰ তললৈ অহাৰ পিছতেই চৰ্চালৈ আহিছে আমগুৰিৰ এজন যুৱক৷ আমগুৰি সমষ্টিৰ বালিপথাৰৰ বিতোপন চাংমাই নামৰ ২৩ বছৰীয়া যুৱকজনে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ ফেচবুক কমেণ্টত কথা পতাৰ বাবেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল৷ বালিপথাৰৰ পুতুল চাংমাইৰ একমাত্ৰ পুত্ৰ বিতোপন চাংমাইয়ে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ লগত ফেচবুক কমেণ্টত কথা পতাৰ বাবেই বৰ্ষাশ্ৰী গ্ৰেপ্তাৰ হোৱা পিছদিনাই আমগুৰি আৰক্ষী প্ৰশাসনে বিতোপন চাংমাইক ঘৰৰ পৰা উঠাই নি গ্ৰেপ্তাৰ কৰে৷ যোৱা দুটা মাহে বিতোপন চাংমাইৰ পিতৃ-মাতৃৰ চকুত চকুলো৷ পিতৃ মাতৃয়ে একমাত্ৰ পুত্ৰ ঘৰলৈ আহিব বুলি আশাৰে বাট চাই আছে৷ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুকলি হোৱাৰ পিছতে বিতোপন চাংমাইৰ পিতৃ-মাতৃয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক তেওঁলোকৰ একমাত্ৰ পুত্ৰক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনাইছে৷ ভৱিষ্যতে সন্তানৰ দায়িত্ব ল’ব আৰু নিষিদ্ধ ঘোষিত সংগঠনত যোগদান নকৰে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিব বুলি বিতোপন চাংমাইৰ পিতৃ-মাতৃয়ে প্ৰকাশ কৰিছে৷ আনহাতে বিতোপনৰ মুক্তিৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আটাছুৱে ন্যায়ালয়ৰ কাষ চাপিব বুলি জানিব পৰা গৈছে৷