Logo
image

স্পাইচজেটৰ পঞ্চাশ শতাংশ বিমানৰ উৰণ হ্ৰাস কৰাৰ নিৰ্দেশ

আমাৰ অসম, ২৮ জুলাইঃ এটাৰ পাছত এটা বিপত্তিৰ সন্মুখীন হ’ব লগাত পৰিছে স্পাইচ জেট নামৰ বিমান পৰিবহণ প্ৰতিষ্ঠানটো৷ প্ৰতিষ্ঠানটোৰ ইখনৰ-পাছত সিখন বিমান যান্ত্ৰিকক বিজুতিৰ সন্মুখীন হোৱাত স্বাভাৱিকতে বিতৰ্কৰ মাজত সোমাই পৰিছিল স্পাইচজেট৷ যোৱা ৬ জুলাইৰ পৰা একেৰাহে স্পাইচজেটৰ কেইবাখনো বিমানত যান্ত্ৰিক বিজুতি ঘটে৷ ফলত গন্তব্যস্থলীৰ সলনি আকাশ মাৰ্গৰ পৰা অৱতৰণ কৰিবলগীয়া হয় স্পাইচজেটৰ কেইবাখনো বিমান৷ এই ঘটনাৱলীত কথমপি ৰক্ষা পৰে সম্ভাব্য দুৰ্ঘটনাৰ পৰা স্পাইচজেটৰ বিমানকেইখন৷  ইয়াৰ বাবে অসামৰিক বিমান পৰিবহণ বিভাগৰ সঞ্চালক প্ৰধানৰ কাৰণ দৰ্শোৱাৰ জাননীৰ সন্মুখীন হ’বলগাত পৰিছিল বিমান পৰিবহণ প্ৰতিষ্ঠানটো৷ তিনি সপ্তাহৰ ভিতৰত  অসামৰিক বিমান পৰিবহণ বিভাগৰ সঞ্চালক প্ৰধানে স্পাইচজেটক কাৰণ দৰ্শোৱাৰ জাননী উত্তৰ বিচাৰিছিল৷ কিন্তু সেই উত্তৰ গ্ৰহণযোগ্য নোহোৱাত অৱশেষত স্পাইচজেটৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসামৰিক বিমান পৰিবহণ বিভাগৰ সঞ্চালক৷ সেই অনুসৰি অহা ৮ সপ্তাহত  স্পাইচজেটৰ ৫০ শতাংশ বিমানেহে চলাচল কৰিব পাৰি৷ অৰ্থাৎ পূৰ্বে অনুমোদন ধাৰিলে স্পাইচজেট কতৃৰ্পক্ষই বিমান সেৱা ৫০ শতাংশ হ্ৰাস কৰিব লাগিব৷ ইয়াৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হ’ব লাগিব স্পাইচজেট বিমান পৰিবহণ প্ৰতিষ্ঠানটো৷