Logo
image

আৰ্জিত ধন দান দি স্বেচ্ছাই ‘দৰিদ্ৰ’ হোৱা এজন ধনাঢ্য

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ জীৱনৰ সমস্ত উপাৰ্জন দান কৰাটোৱে আছিল তেওঁৰ সপোন৷ সেই স্বপ্ন পূৰণ হ’ল এজন কোটিপতি ধনাঢ্যৰ৷ প্ৰয়োজনতকৈ অধিক ধন-সম্পদ কেতিয়াও তেওঁ বিচৰা নাছিল৷ কিন্তু আনক দান দি আনন্দ লাভৰ বাবে গোটাইছিল তেওঁ ওৰে জীৱন সম্পদ৷ চাৰ্লছ চাক ফিনে নামৰ লোকজনৰ এই কাহিনী আজিৰ পৃথিৱীত অবিশ্বাস্য হ’লেও সেয়াই সত্য৷ কলেজৰ এজন সহপাঠীৰ সৈতে তেওঁ বিমান বন্দৰত আৰম্ভ কৰিছিল এটা সৰু ব্যৱসায়৷ লাহে লাহে তেওঁ ব্যৱসায় উন্নতি কৰি এদিন  মাৰ্কিন কোটিপতিৰ তালিকাত নিজৰ নাম জিলিকাই তুলিছিল৷ কিন্তু তেওঁৰ সপোন আছিল জীৱনৰ সমস্ত উপাৰ্জন আনক দান দিয়াহে৷ সেই সপোন এতিয়া তেওঁৰ পূৰণ হৈছে৷ নিজৰ আঠশ কোটি ডলাৰ [ভাৰতীয় মুদ্ৰাৰ মূল্যত ৫৮ হাজাৰ ৭১৯ কোটি টকা৷] এই টকা তেওঁ বিশ্বৰ বিভিন্ন স্বেচ্ছাসেৱী সংস্থা, বিশ্ববিদ্যালয় আৰু হাস্পতালক দান কৰিছে৷ দানৰ জৰিয়তে দৰিদ্ৰত পৰিণত হোৱাৰ সপোন পূৰণ হোৱাত তেওঁ খুবেই আনন্দিত৷ তেওঁ ফৰ্বছ পত্ৰিকাত  প্ৰকাশ কৰিছে যে– টকাৰ ব্যৱহাৰ মই অন্য ধৰণে কৰাৰ কথা ভাবিছিলো৷ এই কাম কৰি মই যথেষ্ট সুখী৷ উল্লেখ্য ৮০০ কোটি ডলাৰৰ সম্পত্তিৰ ভিতৰত  ৩৭০ কোটি ডলাৰৰ সম্পত্তি তেওঁ শিক্ষাৰ লগত জড়িত বিভিন্ন সংস্থাক দান দিছে৷ চাৰ্লছ চাক ফিনৰ এই মহানতাত বিল গেটছ, ওৱাৰেণ্ট বাফেটৰ দৰে মাৰ্কিন বিলিয়নিয়াৰ অভিভূত হোৱাৰ লগতে তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে৷ উল্লেখ্য ৮৯ বছৰীয়া ফিনেৰ জীৱন-যাপনো নিচেই সাধাৰণ৷ চান ফ্ৰান্সিস্ক’ৰ এটা ভাড়াঘৰত তেওঁ বাস কৰে৷ তেওঁৰ নিজাকৈ এখন বাহনো নাই৷ এযোৰ কাপোৰেৰেই তেওঁ বছৰটো চলে৷ তেওঁ বিশ্বাস কৰে ‘সম্পদে দায়িত্ব বঢ়ায়৷’