
মাটি কিনা মানুহৰ দৌৰ
অসম ৰাজ্যখন সাৰুৱা মাটি আৰু নদী-নিজৰা, পাহাৰে-অৰণ্যৰে ভৰপূৰ৷ এই সত্যতা হাজাৰজনৰ গৱেষণা আৰু লোক-সাহিত্যত প্ৰতিফলিত হৈছে৷ জনগোষ্ঠী অনুযায়ী মানুহবোৰে নিৰ্দিষ্ট এলেকাত বাস কৰে৷ সকলোৰে নিজা সংস্কৃতি আৰু পৰম্পৰা আছে৷ সেয়ে আজিও নিজৰ অস্তিত্ব বৰ্তাই আছে৷ এই সমগ্ৰ জনগোষ্ঠীৰ মানুহ আৰু জীৱন পৰিক্ৰমাৰ আদব-কায়দাই বৰঅসমৰ ছবি এখন দাঙি ধৰে৷ যিহেতু জনগোষ্ঠী অনুযায়ী ভাষাও বেলেগ বেলেগ, সেয়ে অসম ভাষা-বৈচিত্ৰ্যৰ এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্য৷ অসম মুলুকত মাটিৰ পাত্ৰ বিক্ৰীৰ পৰা ফুল, বাঁহৰ গাজ আৰু বাঁহ-বেতৰ সঁজুলি বিক্ৰী কৰি জীৱন প্ৰৱৰ্তন কৰা অনেক লোক আছে৷ সম্প্ৰতি অসমৰ গাঁওসমূহৰ ৬০ শতাংশত খেতি-বাতি হয় আৰু বাকীবোৰ ছন পৰি ৰয়৷ আজিকালি এনেকুৱা মানুহ সৃষ্টি হৈছে যে তেওঁ গছ-গছনিক জংঘল বুলি কাটি পেলায়৷ কিন্তু মানুহ বহা কোঠালিত গছৰ ডালৰ দৰে ছোফা, প্ৰাকৃতিক দৃশ্যৰ পেইণ্টিং আৰু টেবুলত সজাবলৈ কাঠৰ গঁড়, চৰাই, হাতী, হৰিণ ইত্যাদি লাগিবই৷ নিজৰ খেতিমাটি এনেয়ে পৰি থাকক, কিন্তু মোক চাংসাৰি, জলাহ, ধোপাটাৰী, বাইহাটাত খালেই হওক বা বিলেই হওক বা পিতনিয়েই হওক, অলপ মাটি লাগে৷ অনাগত দিনত তাত ব্যৱসায় কৰিম৷ সেই অঞ্চলত নতুনকৈ চিকিৎসালয় আৰু উদ্যোগৰ প্ৰসাৰ হ’ব৷ এনে আলোচনা এতিয়া গাঁও আৰু চহৰৰ সকলোৰে মুখত৷ এয়াই হ’ল আমাৰ মানুহৰ গতানুগতিক চিন্তা৷ এবাৰ এখন গাঁৱৰ [গুৱাহাটীৰ ওচৰৰ] পথৰুৱা ৰাস্তাৰে গৈ আছিলোঁ৷ এঠাইত বাহন ৰখাই কিবা এটা কৰাৰ সময়তে দুজন ডেকাই আগবাঢ়ি আহি সুধিলে– ‘দাদা, আপুনি মাটিৰ চিলচিলাত আহিছে নেকি?’ মই সুধিলোঁ– ‘কি ক’লা’? এজনে ক’লে– ‘মাটি লয় যদি দেখুৱাই দিব পাৰোঁ৷’ মনতে গুণিলোঁ– এই ল’ৰাসোপাই শুৱনি ধাননি পথাৰৰ মাটি কাৰোবাক দেখুৱাবৰ বাবেই ৰৈ থাকে৷ কোনোবা বেপাৰী বা দুৰ্নীতিপৰায়ণ লোকে এনে ল’ৰাবোৰক পইচা দি পুহি ৰাখে৷ আনকি মাটিৰ মালিকে নাজানে যে তেওঁৰ মাটি কোনোবাই কাৰোবাক বিক্ৰীৰ বাবে দেখুৱাই আছে৷ শুৱনি ধাননি পথাৰ যে পৰ্যটনৰ উৎস হ’ব পাৰে, অসমীয়া মানুহে বুজি পোৱাৰ আগতে তাত হয়তো প্ৰকাণ্ড দালান হ’ব৷ চৰকাৰে যিবোৰ চহৰত কিবা ডাঙৰ আঁচনি ফলপ্ৰসূ কৰাৰ ঘোষণা কৰে, সেই মুহূৰ্তৰ পৰাই সেই এলেকাৰ মাটিৰ দাম হোৰা হোৰে বাঢ়ে৷ দুখ লাগে এই কাৰণেই যে সেই মাটি অসমীয়া মানুহে কিনিবলৈ পইচা গোটাই থাকোঁতে কাৰোবাৰ নামত নামজাৰি হৈ যায়৷ এই ছেগতে অসাধু লোকৰ প্ৰৰোচনাৰ বলি হয় নিৰীহ কৃষক৷ খেতি কৰিব পৰা নাই বুলিয়েই মাটি বিক্ৰী কৰাৰ মানসিকতা সলাবৰ সময় হৈছে৷ আজি অদৰকাৰী বুলি বিক্ৰী কৰিবৰ বুলি কোৱাৰ লগে লগে ১০জন লোক আহি উপস্থিত হ’ব৷ এজনে আনজনতকৈ দুগুণ দাম দিব৷ ধনৰ মোহত মাটিৰ মালিকে ভৱিষ্যতৰ দিনবোৰ পাহৰি যায়৷ অৱশ্যে দালালে মালিকক ইমানে পঢ়ুৱায় যে মালিক নতুন পৃথিৱীলৈ গতি কৰে৷ জলাশয়বোৰ তীব্ৰ হাৰত কমিবলৈ ধৰিছে, ফলত কৃষিভূমিবোৰ পানীত ডুব গৈ থাকে৷ এনে হোৱাৰ মূলতে হ’ল– বিলৰ চৰকাৰী মাটি ধৃষ্টবুদ্ধিৰ লোকে বণিকক বিক্ৰী কৰা৷ সেয়ে পথাৰৰ পৰা বাগৰি বিলত পানী জমা হোৱা পথ নাইকিয়া হয়৷ এই ছেগতে কওঁ যে জলবায়ু পৰিৱৰ্তন বা প্ৰদূষণ সম্পৰ্কে বক্তৃতা দিয়া বহু লোকে দীপৰ বিল আৰু শিলসাঁকো বিলত দালান সাজিছে৷ দীপৰ বিল যে ‘ৰামচৰ ক্ষেত্ৰ’, সেই চৰিত্ৰ কোনো দুখীয়া মানুহে বিনাশ কৰা নাই৷ এই বিনাশত শিক্ষিত মানুহৰ হাত বেছি৷ এজন বন্ধুক সুধিছিলোঁ যে তুমি ক’ৰবাত ঘৰ বনালা নেকি৷ বন্ধুৰ উত্তৰ– ‘গাঁৱৰ মাটিখিনি বিক্ৰীৰ বাবে মানুহ লগাইছোঁ৷ সেই পইচাৰে কিবা এটা কৰিম বুলি ভাবিছোঁ৷’ মই ক’লোঁ– ‘ঙ্ম তোমাৰ ঘৰ গুৱাহাটীৰ পৰা মাত্ৰ ৩৩ কিলোমিটাৰ দূৰত৷ কিয় বিক্ৰী কৰা৷’ বন্ধুৰ উত্তৰ– ‘গাঁৱত এডজাষ্ট হ’ব নোৱৰা হৈছোঁ৷ তাতে সন্তানে মুঠেই ইচ্ছা নকৰে৷’ বন্ধুৰ কথা শুনি গুণিলোঁ– এনেদৰেই আমাৰ শিপাবোৰ ছিগিবলৈ ধৰিছে৷ এৰি অহা গাঁওখনক পিতৃ-মাতৃয়ে অৱজ্ঞা কৰিলে সন্তানৰ গাত দোষ আছে জানো! এনেদৰে আমি পথাৰৰ পৰা বিচ্ছিন্ন হ’বলৈ ধৰিছোঁ৷ পথাৰৰ পৰা বিচ্ছিন্ন মানে সকলো শেষ৷ বৰ্তমান প্ৰতিখন সৰু-বৰ চহৰৰ ৪০ কিলোমিটাৰ ব্যাসাৰ্ধত মানুহে কৃষিকৰ্ম কৰা মাটিবোৰ বিক্ৰীৰ বাবে দালালৰ প্ৰৰোচনাত পৰিছে৷ যদিহে ‘আমাৰ পথাৰ আমাৰ সংস্কৃতি’ শ্লোগান সৃষ্টি কৰিব নোৱাৰোঁ, আৰু মাত্ৰ দুটা দশকৰ অন্তত অসম কৃষিপ্ৰধান সাৰুৱা মাটিৰ ৰাজ্য বুলি নতুনকৈ লিখিব পৰা নাযাব৷ এটা জাতিৰ পৰিচয় বহন কৰে নিজা সংস্কৃতি, পৰম্পৰা আৰু ভাষাই৷ সংস্কৃতি আৰু পৰম্পৰা হেৰালে ভাষাও ধবংসৰ গৰাহত পৰাটো নিশ্চিত৷ চহৰত ঘৰ বান্ধি থাকিও এৰি অহা গাঁওখন ৰক্ষা কৰিব পাৰি৷ পৰীক্ষাত ভাল ফলাফল দেখুওৱা বাবে আপোনাক আপোনাৰ গাঁৱৰ মানুহখিনিয়ে আশীৰ্বাদ দি ভাল মানুহ হোৱাৰ কামনা কৰিছিল৷ এতিয়া আমি সময় নাই বুলি মিছা অভিমান কৰি থাকিলে এদিন পৰিচয়হীন হোৱাৰ বাট তেনেই চমু হৈ আহিছে৷ শিক্ষিত লোকসকলে আগভাগ লৈ নিজ নিজ গাঁওখনক আদৰ্শ গাঁও হিচাপে গঢ়িবলৈ চেষ্টা কৰক৷ মাটি কিনাৰ দৌৰত উজুটি খাই পৰিলে শিপাও হেৰাব, ডালো ছিগিব পাৰে৷ দালালবোৰ আমাৰে মাজৰ লোক৷ তেওঁলোকক আনৰ দালালি বাদ দি সমবায় ভিত্তিত কাম কৰাৰ বাবে আমি আগবাঢ়ি অহা উচিত৷ বৰষুণ অহাৰ আগতে জাপিটো লোৱা উচিত৷ নতুন প্ৰজন্মক শুৱনি গাঁৱৰ পৰা আমি বঞ্চিত কৰা উচিত নহ’ব৷ সেয়ে বহনক্ষম উন্নয়নৰ সূত্ৰৰে আমি অসমীয়া জাতি, ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰে জীয়াই থাকিব লাগিব৷