Logo
image

‘লুকআউটে’ৰে বন্ধাৰ চেষ্টা মনীষক, নামিল ই ডিও

মই ক’লৈ পলাম, ক’ত যাব লাগে কওক!

আমাৰ অসম, ২২ আগষ্টঃ শুকুৰবাৰে চিবিআইৰ ১৪ ঘণ্টা তালাচীৰ সন্মুখীন হোৱা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া অধিক বিপদৰ সন্মুখীন হৈছে৷ কিয়নো দিল্লীৰ নতুন আবকাৰী নীতিত কেলেংকাৰি সংঘটিত হোৱা বুলি অভিযোগ কৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআয়ে ছিছোদিয়াৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰাৰ সিদ্ধান্ত লৈছে৷ অৱশ্যে দেওবাৰে আগবেলাতে মনীষ ছিছোদিয়াৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰা বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ হোৱাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হয়৷ কিয়নো এখন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ এজন উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰাটো তেনেই সামান্য কথা নহয়৷ অৰ্থাৎ সাধাৰণতে তদন্তকাৰী সংস্থাই গুৰুতৰ অপৰাধত অভিযুক্তৰ বিৰুদ্ধে এনে জাননী জাৰি কৰে৷ বিশেষকৈ যি ব্যক্তিয়ে দেশ এৰি পলায়ন কৰাৰ আশংকা থাকে, সাধাৰণতে তেনে অভিযুক্তৰ বিৰুদ্ধে লুক আউট নটিছ জাৰি কৰা হয়৷ মনীষ ছিছোদিয়া যিহেতু দিল্লীৰ উপ-মুখ্যমন্ত্ৰী সেয়ে তেওঁ দেশ এৰি পলায়ন কৰাৰ আশংকা তেনেই ক্ষীণ৷ তদুপৰি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সিমান গুৰুতৰ নহয় আৰু তেওঁ ইতিমধ্যে এই অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰিছে৷ আনহাতে যদিহে এই অভিযোগত মনীষ ছিছোদিয়া দোষী সাব্যস্ত হয়, তেন্তে অৰৱিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰ সামগ্ৰিকভাৱে দায়বদ্ধ  হ’ব৷ মনীষ ছিছোদিয়াই দেশ এৰি পলায়ন কৰিলেও এখন চৰকাৰে গ্ৰহণ কৰা আবকাৰী নীতিৰ বাবে দোষী সাব্যস্ত হ’লে সমগ্ৰ চৰকাৰখনকে তদন্তকাৰীয়ে আদালতৰ কাঠগড়াত থিয় কৰাব পাৰিব৷ ধাৰণা কৰা হৈছে, আতংক সৃষ্টি কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত চিবিআয়ে এনে পদক্ষেপ গ্ৰহণ কৰিছে৷ সংবাদ প্ৰতিষ্ঠানে ছিছোদিয়াৰ বিৰুদ্ধে চিবিআয়ে লুকআউট নটিচ জাৰি কৰা  বুলি সংবাদ পৰিৱেশন কৰাৰ পাছত টুইটাৰৰ আশ্ৰয় লৈ তেওঁ মোদী চৰকাৰক সমালোচনা কৰি লিখে– ‘প্ৰধানমন্ত্ৰী মোদীজী, আপোনাৰ সমস্ত অভিযান ব্যৰ্থ হৈছে৷ একোৱেই নাপালে৷ এইবাৰ আপুনি লুকআউট চাৰ্কুলাৰ জাৰি কৰিলে কিয়? মনীষ ছিছোদিয়াক বিচাৰি পোৱা নাই নেকি? এয়া কেনেধৰণৰ চমক? দিল্লীত মই মুকলিমুৰীয়াকৈ ঘূৰি ফুৰিছো৷ আপুনি কি মোক দেখিবলৈ পোৱা নাই? দয়া কৰি কওক, মই ক’লৈ যাব লাগে? তালৈকে যাম৷’ উল্লেখ্য বিয়লি চিবিআয়ে জনায় যে তেওঁলোকে এতিয়ালৈকে মনীষ ছিছোদিয়া আৰু আবকাৰী নীতি কেলেংকাৰিত অভিযুক্ত কোনো ব্যক্তিলৈ লুকআউট নটিচ জাৰি কৰা নাই৷ সেই সন্দৰ্ভত প্ৰক্ৰিয়া চলি আছে৷ সময়ত এই বিষয়ে চিবিআয়ে জনাব বুলি মন্তব্য কৰে৷ ইপিনে মনীষ ছিছোদিয়াৰ বিৰুদ্ধে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰটে আবকাৰী কেলেংকাৰি সন্দৰ্ভত তদন্ত চলাব৷ এই কেলেংকাৰিত অবৈধভাৱে আৰ্থিক লেনদেন সংঘটিত হোৱাৰ অভিযোগ তুলি ইডিয়ে তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিব৷ দুটাকৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই মনীষ ছিছোদিয়াক পৰৱৰ্তী কিছুদিন হেঁচা মাৰি ধৰাৰ আশংকা সৃষ্টি হৈছে৷ ইতিপূৰ্বে শনিবাৰে এখন সংবাদমেলত তেওঁ কৈছিল যে মোদী চৰকাৰৰ নিৰ্দেশত তেওঁক যিকোনো দিনাই গ্ৰেপ্তাৰ কৰিব পাৰে৷ ইপিনে যোৱা ৫ জুলাইত মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে আশংকা প্ৰকাশ কৰি কৈছিল, আগষ্টৰ শেষত মোদী চৰকাৰে মনীষ ছিছোদিয়াক  গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে৷ 

কি হৈছিল শুকুৰবাৰে

প্ৰসংগতঃ উল্লেখযোগ্য, দিল্লীৰ আবকাৰী বিভাগৰো দায়িত্বত থকা উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই ২০২১ চনৰ নৱেম্বৰত হাতত লোৱা চৰকাৰী আবকাৰী নীতি আসোঁৱাহপূৰ্ণ আৰু কেলেংকাৰিসৰ্বস্ব আছিল বুলি অভিযোগ কৰি শুকুৰবাৰে উপ-মুখ্যমন্ত্ৰীৰ বাসভৱন আৰু দিল্লীৰে অন্যান্য ২১টা স্থানত চিবিআয়ে তালাচী চলাইছিল৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই তালাচী অভিযান মুঠতে ৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ বিস্তৃত হৈছিল৷ চিবিআয়ে মুঠতে শুকুৰবাৰৰ দিনটোত ৩০টা স্থানত তালাচী চলায়, ইয়াৰে ২১টা স্থান আছিল ৰাজধানী নতুন দিল্লী তথা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত৷ তালাচীৰ অন্তত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআয়ে আবকাৰী নীতি কেলেংকাৰিৰ অভিযোগত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ¸ ছিছোদিয়াক মুখ্য অভিযুক্ত কৰি মুঠতে ১৩ জন ব্যক্তি আৰু দুটা কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ ৰুজু কৰা গোচৰৰ এজাহাৰৰ প্ৰথম নামটোৱেই হৈছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া৷ তেওঁৰ উপৰি এজাহাৰত দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত অৰ্ভ গোপীকৃষ্ণ, উপ-আয়ুক্ত আনন্দ কুমাৰ তিৱাৰী,  সহকাৰী আয়ুক্ত পংকজ ভাটনগৰ আৰু ৯ জন ব্যৱসায়ীৰ নাম আছে৷  চিবিআয়ে দাখিল কৰা এজাহাৰত অভিযোগ কৰা হৈছে যে এজন সুৰা ব্যৱসায়ীয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ¸ ছিছোদিয়াৰ এজন ঘনিষ্ঠ ব্যক্তিক এক কোটি টকা উপঢৌকন প্ৰদান কৰিছিল৷ তেওঁলোকৰ সুবিধা হোৱাকৈ আবকাৰী মন্ত্ৰী হিচাপে মণীষ ছিছোদিয়াই দিল্লীৰ আবকাৰী নীতি  তৈয়াৰ কৰাৰ বাবেই উক্ত সুৰা ব্যৱসায়ীজনে ছিছোদিয়াৰ ঘনিষ্ঠ ব্যক্তিক উৎকোচ প্ৰদান কৰা বুলি চিবিআয়ে এজাহাৰত অভিযোগ কৰিছে৷ উল্লেখ্য, দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই দিল্লীৰ আপ চৰকাৰে ভুল আবকাৰী নীতি গ্ৰহণ কৰা বুলি চিবিআইক তদন্তৰ বাবে এতিয়াৰ পৰা এমাহৰ পূৰ্বে আহ্বান জনাইছিল৷ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই চিবিআয়ে ইতিপূৰ্বে কেলেংকাৰি সন্দৰ্ভত প্ৰাথমিক অনুসন্ধান সম্পূৰ্ণ কৰে আৰু শুকুৰবাৰে তেওঁলোকে একেলগে দিল্লীৰ ২১ স্থানকে ধৰি দেশৰ ৭ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুঠ ৩০ স্থানত তালাচী চলায়৷  উল্লেখ্য, আবকাৰী নীতিৰ বাবে এনেদৰে তালাচী চলোৱা কিমান যুক্তিসংগত সেই লৈয়ো চৰ্চা হৈছে৷ ২০২১-২২ চনত আবকাৰী মন্ত্ৰী হিচাপে মনীষ¸ ছিছোদিয়াই কেজৰিৱাল চৰকাৰৰ হৈ নতুন আবকাৰী নীতি গ্ৰহণ কৰিছিল৷ ২০২১ চনৰ নৱেম্বৰত সেই নীতি বলৱৎ কৰা হয়৷ নতুন আবকাৰী নীতিৰ জৰিয়তে কেজৰিৱাল চৰকাৰে অতি কম দিনতে ৮,৯১৯.৫৯ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছিল৷ কেজৰিৱাল চৰকাৰৰ আবকাৰী ৰাজহ বৃদ্ধি হৈছিল ২৭ শতাংশ৷ কিন্তু এই নতুন আবকাৰী নীতিৰ জৰিয়তে কিছুমান সুৰা ব্যৱসায়ীক  ধন ঘটাৰ সুযোগ উলিয়াই দিয়াৰ অভিযোগ উঠিছিল৷ মুখ্য সচিব নৰেশ কুমাৰৰ এটা প্ৰতিবেদনৰ ভিত্তিত যোৱা ৮ জুলাইত আপ চৰকাৰৰ আবকাৰী নীতি সন্দৰ্ভত অভিযোগ ৰুজু হৈছিল৷ সেই অভিযোগত কোৱা হৈছিল যে নতুন আবকাৰী নীতিৰ জৰিয়তে মনীষ ছিছোদিয়াই কিছুসংখ্যক সুৰা সম্ৰাটক ধনৰ পাহাৰ বান্ধিবলৈ সুযোগ উলিয়াই দিছে৷ অভিযোগ অনুসৰি এজন নিবিদাকাৰীক চৰকাৰে ৩০ কোটি টকা ওভতাই দিছিল৷ ৰপ্তানি কৰা বীয়েৰৰ ক্ষেত্ৰত চৰকাৰে ভুল হিচাপেৰে নিবিদা আহ্বান জনোৱা বুলি কৈ এই ধন ওভতাই দিছিল৷ তদুপৰি ছিছোদিয়াৰ অধীনত আবকাৰী বিভাগে ক’ভিড অতিমাৰীৰ লকডাউনৰ ফলত সৃষ্টি হোৱা লোকচানৰ ক্ষেত্ৰত ১৪৪.৩৬ কোটি টকা সুৰা ব্যৱসায়ীৰ সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰৰ বাবদ মাফ কৰিছিল৷ তাৰ জৰিয়তে মনীষ¸ ছিছোদিয়া ব্যক্তিগতভাৱে লাভান্বিত হোৱা বুলি চি বি আইৰ অভিযোগ৷