Logo
image

‘নগ্ন’ ৰণবীৰক আৰক্ষীৰ চমন সময় বিচাৰিলে অভিনেতাই

আমাৰ অসম, ২২ আগষ্টঃ সাহসিকতা নে অপৰাধ–এখন আলোচনীৰ বাবে নগ্ন ফটোশ্বুট কৰি আইনী জটিলতাৰ মাজত সোমাই পৰা বলীউডৰ ছুপাৰ ষ্টাৰ ৰণবীৰ সিঙে এতিয়া আৰক্ষী আৰু আইনৰ হাতৰ পৰা সাৰিবলৈ ‘সময়’ বিচাৰিবলৈ বাধ্য হৈছে৷ যোৱা মাহত শৰীৰ সম্পূৰ্ণ অনাবৃত কৰি এখন আলোচনীৰ বাবে ফটোশ্বুট কৰিছিল দীপিকা পাড়ুকনৰ স্বামী ৰণবীৰে৷ তেতিয়া ৰণবীৰৰ এই নগ্ন ফটোশ্বুটক সকলোৱে সাহসিকতা হিচাপেই অভিহিত কৰিছিল৷ নগণ্যসংখ্যক লোকে সেই ফটোশ্বুটৰ বাবে ৰণবীৰ সিঙক সমালোচনা কৰিলেও সতীৰ্থ অভিনেতা-অভিনেত্ৰীয়ে ৰণবীৰৰ ‘সাহস’ক প্ৰশংসা কৰিছিল আৰু তেওঁৰ পুৰুষসুলভ আবেদনময় দেহসৌষ্ঠবৰ প্ৰশংসা কৰিছিল৷ কিন্তু ৰণবীৰৰ সেই ‘সাহসিকতা’ অচিৰেই ‘অপৰাধলৈ পৰ্যবসিত হৈছিল, যেতিয়া তেওঁৰ নিৰাভৰণ শৰীৰৰ ফটোশ্বুটৰ বিৰুদ্ধে অশালীনতাৰ অভিযোগ তুলি যোৱা ২৬ জুলাইত এগৰাকী মহিলা অধিবক্তাই মুম্বাইৰ চেম্বুৰ থানাত এহাজাৰ দাখিল কৰিছিল৷ এটা স্বেচ্ছাসেৱী সংস্থাৰ পক্ষৰ পৰা তেওঁ অভিযোগ উত্থাপন কৰিছিল যে, ৰণবীৰ সিঙে নগ্ন ফটোশ্বুটেৰে চাৰিত্ৰিক মূল্যবোধৰ ক্ষয়িষ্ণু ৰূপ প্ৰদৰ্শন কৰিছে আৰু নাৰীৰ অনুভূতিত আঘাত হানিছে৷ লগে লগে আলোচনীৰ বাবে কৰা নগ্ন ফটোশ্বুট ৰণবীৰ সিঙৰ বাবে ডিঙিত লগা মাছৰ কাঁইট যেন হৈ পৰিছিল– মাছৰ সোৱাদ মুখৰ পৰা যোৱাৰ পাছত  কাঁইটৰ বাবে সমস্যাৰ পৰা ৰক্ষা নোপোৱাৰ দৰে৷ সেয়া যে ভাৰতীয় আইন অনুসৰি এক অপৰাধো হ’ব পাৰে, তেতিয়াহে জানিব পাৰিছিল বলীউড-তাৰকাই৷ 

এজাহাৰ দাখিল হোৱাৰ পাছত আইনী কৰ্তব্য সম্পাদন কৰি চেম্বুৰ থানাৰ আৰক্ষী গৈ ৰণবীৰৰ বাসভৱনত উপস্থিত হৈছিল৷ কিন্তু সেই সময়ত তেওঁ ঘৰত নাছিল৷ সেয়ে আৰক্ষীয়ে ৰণবীৰ সিঙৰ ঘৰত এখন জাননী দি তেওঁক ২২আগষ্টৰ ভিতৰত থানাত উপস্থিত হ’বলৈ  নিৰ্দেশ দিছিল৷ কিন্তু ৰণবীৰ সিঙে আৰক্ষীৰ নিৰ্দেশ পালন কৰাৰ পৰা বিৰত থাকি তাৰবাবে অধিক সময় বিচাৰিছে৷ প্ৰথমে ৰণবীৰ সিঙৰ পক্ষৰ পৰা জনোৱা হৈছিল, তেওঁ ১৬আগষ্টত মুম্বাইলৈ উভতি আহিব আৰু তাৰ পাছতে থানাত হাজিৰা দিব৷ পিছে মুম্বাইলৈ উভতি অহা স্বত্ত্বেও এতিয়াই, ২২আগষ্টৰ ভিতৰত ৰণবীৰ থানালৈ নাযায়৷ জন্মাষ্টমীৰ দিনা তেওঁ আৰু পত্নী দীপিকা পাড়ুকনে বান্দ্ৰাত নতুন ঘৰ লৈ গৃহপ্ৰৱেশ কৰিছে৷ দীঘলীয়া শ্বুটিঙৰ অন্তত পৰিশ্ৰান্ত দুয়ো অভিনেতা-অভিনেত্ৰীয়ে কেইদিনমান বিশ্ৰাম লোৱাৰ মনস্থ কৰিছে বিলাসবহুল নতুন বাসভৱনত৷ সেয়ে তেওঁ চেম্বুৰ আৰক্ষীৰ পৰা থানাত উপস্থিত হবলৈ অধিক সময় বিচাৰিছে৷ কেতিয়া থানাত উপস্থিত হ’ব পাৰিব সেয়া অচিৰেই জনাব ৰণবীৰে৷

চেম্বুৰ আৰক্ষীয়ে ৰণবীৰ সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯২,২৯৩ আৰু ৫০৯ ধাৰাৰ উপৰি তথ্য প্ৰযুক্তি আইনৰ ৬৭এ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে৷ এইকেইটা ধাৰাৰ অধীনত দোষী সাব্যস্ত হ’লে ২বছৰৰ পৰা ১০বছৰ পৰ্যন্ত কাৰাবাস আৰু ১০০০টকাৰ পৰা ১০লাখ টকা পৰ্যন্ত শাস্তিৰ বিধান আছে৷ অৱশ্যে প্ৰত্যেকটো ধাৰাৰে শাস্তি ভিন্ন ভিন্ন আৰু প্ৰতিটো ধাৰাতে অভিযুক্ত দোষী সাব্যস্ত হোৱাৰ সম্ভাৱনা নাই৷ প্ৰসংগতঃ ৰণবীৰ সিঙৰ এই ফটোশ্বুট আছিল হলীউডৰ এসময়ত অভিনেতা ৱাৰ্ট ৰেনল্ডছে দীৰ্ঘদিন পূৰ্বে কৰা নগ্ন ফটোশ্বুটৰ ‘কপী-পেষ্ট’৷ কিয়নো ৰণবীৰৰ ফটোৰ ভংগীৰ সৈতে ৱাৰ্ট ৰেনল্ডছৰ ভংগীৰ কোনো পাৰ্থক্য নাছিল৷ অৱশ্যে আমেৰিকাৰ আইনত তেনে ফটোশ্বুট দোষণীয় নহয়৷ কিয়নো শৰীৰত সূঁতা এডালো নথকাকৈ ফটোশ্বুট কৰিলে তাক পশ্চিমৰ প্ৰায়বোৰ দেশত মূৰ্তি বুলি ধৰা হয়, কেৱল নগ্ন হোৱাৰ সময়ত তেওঁ লৰচৰ কৰিব নোৱাৰিব৷ আনহাতে, ভাৰতৰ অনেক মন্দিৰত নগ্ন ভাষ্কৰ্য থাকিলেও, নগ্ন গুহাচিত্ৰ থাকিলেও এনেদৰে নগ্ন ফটোশ্বুট কৰাতো আইন অনুসৰি অপৰাধ৷