Logo
image

’২৩ত আৰম্ভ হ’ব ভাৰতৰ প্ৰথম ‘ৰেপিড ৰে’ল’ সেৱা

১,১০০ অভিযন্তা, ১৪ হাজাৰ কৰ্মচাৰীয়ে দিনে-ৰাতিয়ে কৰিছে কাম
আমাৰ অসম, ২২ আগষ্টঃ ভাৰতত প্ৰথম ৰেপিড ৰে’লৰ চলাচলৰ সপোন পূৰণ হোৱাৰ দিশে আগবাঢ়িছে৷ অহা বছৰ অৰ্থাৎ ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা এই ৰে’ল সেৱা লাহে লাহে আৰম্ভ হ’ব৷ দেশৰ ৰাজধানী দিল্লীৰ পৰা উত্তৰ প্ৰদেশৰ মীৰাটলৈকে প্ৰথমে আৰম্ভ হ’বলগীয়া এই ৰেপিড ৰে’ল সেৱাৰ কাম-কাজ অন্তিম পৰ্যায়ত উপনীত হৈছেহি আৰু এই কৰিড’ৰত দ্ৰুত গতিসম্পন্ন ৰে’লৰ চলা দেখা পোৱা যাব৷ এনে ৰে’লৰ চলাচলৰ বাবে ট্ৰায়েল আৰম্ভ হৈছে৷ এয়া অতি সুখবৰ৷ এই প্ৰকল্প যেতিয়া সম্পূৰ্ণৰূপে আৰম্ভ হ’ব, তেতিয়া দিল্লীৰ পৰা মীৰাটত মাত্ৰ ৫০ মিনিটতে উপস্থিত হ’ব পাৰিব ৰাইজে৷ দিল্লী-এনচিআৰৰ বাসিন্দাসকলৰ বাবে এয়া অতি ভাল খবৰ৷ ৮২.৫ কিলোমিটাৰ দূৰত্বৰ এই ৰে’ল প্ৰকল্পক বিশ্বৰ সবাতোকৈ হাইটেক পদ্ধতি বুলি কোৱা হ’ব৷ এই ৰেপিড ৰে’ল প্ৰকল্পৰ বাবে কৰিড’ৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ পৰিবহণ নিগম৷ এই প্ৰকল্পৰ নিৰ্ধাৰিত ধনৰ পৰিমাণ হৈছে ৩০,২৪৭ কোটি টকা৷ বৰ্তমান এই প্ৰকল্পৰ কামত নিয়োজিত হৈ আছে ১,১০০ অভিযন্তা আৰু ১৪ হাজাৰ কৰ্মচাৰী৷ ২০২৫ চনৰ ভিতৰত এই প্ৰকল্পৰ অধীনত ৰেপিড ৰে’লৰ চলাচল সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ পৰিব৷ এই কৰিড’ৰেদি চলিবলগীয়া ৰে’লৰ গড় গতিবেগ হৈছে প্ৰতিঘণ্টাত ১০০ কিলোমিটাৰ৷