মাইনাছ ৫১ ডিগ্ৰীতো পাঠদান হোৱা স্কুলখন
আমাৰ অসম, ১৪ ডিচেম্বৰঃ ছাইবেৰিয়া বিশ্বৰ ভিতৰতে অন্যতম শীতল অঞ্চল ৰূপে পৰিচিত৷ ইয়াতে আছে পৃথিৱীৰ আটাইতকৈ শীতলতম স্কুলখন৷ এই স্কুলখনৰ শ্ৰেণীকোঠাৰ তাপমাত্ৰা প্ৰায়েই মাইনাছ ৫১ ডিগ্ৰীৰ আশে-পাশে থাকে৷ কিন্তু আচৰিত যে এনে শীতৰ মাজতো স্কুলখনত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰিবলৈ আহে৷ অৱশ্যে তাপমাত্ৰা যদি মাইনাছ ৫২ ডিগ্ৰীৰ তললৈ নামে তেতিয়া ১১ বছৰ বা তাৰ তলৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান বন্ধ কৰি দিয়া হয়৷ ছাইবেৰিয়াৰ অমায়াকণ চহৰত এই স্কুলখন অৱস্থিত৷ অকল স্কুলেই নহয় উক্ত অঞ্চলত বেংক, পোষ্ট অফিচ আদিতো কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয় অতিপাত শীতৰ বাবে৷ চহৰখনৰ জীৱন প্ৰণালীও একপ্ৰকাৰ প্ৰত্যাহ্বানজনক৷ উল্লেখ্য যে ১৯৩২ চনত ষ্টেলিনৰ সময়ত এই স্কুলখন প্ৰতিষ্ঠা কৰা হৈছিল৷ শেহতীয়াকৈ যোৱা ৪ ডিচেম্বৰৰ পুৱা ৯ বজাত স্কুলখনৰ শ্ৰেণীকোঠাৰ তাপমাত্ৰা আছিল মাইনাছ ৫১ ডিগ্ৰী চেলছিয়াছ৷ স্থানীয় বাসিন্দাসকলৰ মতে স্কুলখন যিটো অঞ্চলত আছে সেই অঞ্চলটোৰ প্ৰতিটো মুহূৰ্তত হেণ্ড গ্ল’ভছ পৰিধান কৰাটো স্থানীয় প্ৰশাসনে বাধ্যতামূলক কৰি দিছে৷