হংকঙৰ এটা অট্টালিকা, য’ত একেলগে থাকে দহ হাজাৰ বাসিন্দা
আমাৰ অসম, ১৪ ডিচেম্বৰঃ পূব হংকঙৰ কেৰিবে চহৰখন বিশ্বৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ অঞ্চল ৰূপে পৰিচিত৷ প্ৰতি বছৰে এই অঞ্চলটোত উদ্যোগ আৰু আৱাসিক এলেকাৰ সম্প্ৰসাৰণ ঘটে৷ হংকঙৰ কেৰিবে চহৰখনত এটা অট্টালিকা আছে যিটো অট্টালিকা ‘মনষ্টাৰ বিল্ডিং’ ৰূপে পৰিচিত৷ আশ্চৰ্য যে এই অট্টালিকাটোত একেলগে দহ হাজাৰ লোকে বাস কৰে৷ প্ৰকৃততে ‘মনষ্টাৰ বিল্ডিং’টোত সংলগ্ন হৈ আছে পাঁচটা বিশাল অট্টালিকা৷ পাঁচ অট্টালিকাৰ সংলগ্নীকৰণেৰে অতিকায় ৰূপত থিয় হৈ আছে ‘মনষ্টাৰ বিল্ডিং’৷ প্ৰাপ্ত তথ্যমতে ১৯৬০ চনত নিম্ন আয়ৰ বাসিন্দাসকলৰ বাবে চৰকাৰীভাৱে এই অট্টালিকাটোৰ নিৰ্মাণ কৰা হৈছিল৷ পৰৱৰ্তী সময়ত এটা এটাকৈ পাঁচটা অট্টালিকা প্ৰথমটো অট্টালিকাৰ সৈতে সংলগ্ন হৈ আজিৰ অতিকায় ৰূপ ধাৰণ কৰিছে মনষ্টাৰ বিল্ডিঙে৷ অট্টালিকাটোত মুঠ ২,২৪৩টা কোঠালি আছে, য’ত বাস কৰে দহ হাজাৰ লোকে৷ মূল অট্টালিকাটোৰ তলৰ মহলাত বাসিন্দাসকলৰ বাবে আছে এখন বৃহৎ বজাৰ৷