Logo
image

কামৰ সময়ত মানসিক চাপ কমোৱাৰ উপায়

আমাৰ অসম বিশেষঃ কামৰ ব্যস্ততা তথা সাংসাৰিক সমস্যাৰ বাবে কৰ্মস্থলীত বিভিন্নজনে মানসিক চাপত থাকে৷ পিছে নিজৰ টেবুলত সেউজীয়া গছপুলি ৰাখিলে মানসিক চাপৰ পৰা কিছু সকাহ পোৱা যায়৷ এই উপায় আগবঢ়াইছে বিভিন্ন গৱেষকে৷ শেহতীয়া এক সমীক্ষামতে কৰ্মস্থানৰ নিজৰ টেবুলখনত যদি সেউজীয়া বৰণৰ অলপ হ’লেও প্ৰভাৱ থাকে তেন্তে মানসিক চাপৰ পৰা নিজকে কিছু আঁতৰাই ৰাখিব পৰা যায়৷ সেয়ে উদ্বেগজনক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কৰ্মক্ষেত্ৰত গছপুলি ৰখাৰ পৰামৰ্শ আগবঢ়াইছে গৱেষকসকলে৷ জাপানৰ হিয়োগো বিশ্ববিদ্যালয়ৰ গৱেষকে চলোৱা সমীক্ষাটোৰ মতে যদি অফিচত ‘ইনড’ৰ প্লাণ্ট’ থাকে তেন্তে ইয়াৰ সুপ্ৰভাৱ পৰে কৰ্মচাৰীসকলৰ মানসিক শক্তিত৷ বিশেষকৈ যিসকল কৰ্মচাৰী নিয়মীয়াকৈ কামৰ হেঁচা বা কৰ্তব্যজনিত উদ্বিগ্নতাত ভোগে তেওঁলোকে নিজৰ টেবুলত একোডাল সেউজীয়া গছপুলি ৰাখিব পাৰে৷ হাৰ্ট টেকন’লজি নামৰ আলোচনী এখনত এই সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাইছে৷ প্ৰকাশিত প্ৰতিবেদনটোৰ মতে জাপানৰ হিয়োগো বিশ্ববিদ্যালয়ৰ গৱেষকসকলে সমীক্ষাটোত দেশখনৰ ৬৩টা কাৰ্যালয়ৰ কৰ্মচাৰীক সামৰি লৈছিল৷ য’ত দেখা গৈছিল যে বেছিভাগ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰত তেওঁলোকৰ মানসিক অৱস্থা সুস্থিৰ কৰি ৰাখিবলৈ নিজৰ টেবুল বা কাৰ্যালয়ত সেউজীয়া গছপুলি ৰাখিছিল৷ সমীক্ষাটোত কৰ্মচাৰীসকলক কামৰ মাজে মাজে তিনি মিনিট সময় বিৰতি লোৱাৰ নিৰ্দেশ দি এবাৰ টেবুলত গছপুলি ৰাখিআনবাৰ সেই গছপুলি আঁতৰাই ৰখা হৈছিল৷ ইয়াৰ জৰিয়তে কৰ্মচাৰীজনৰ মনত সেউজীয়া ৰঙে পেলোৱা প্ৰভাৱ ওলাই পৰিছিল৷ সেয়ে গৱেষকসকলে কৰ্মস্থানত মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ টেবুলত নাইবা কাৰ্যালয় কক্ষত সেউজীয়া গছপুলি ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে৷