Logo
image

বোকাজানৰ মহিলা দণ্ডাধীশ বেমঠৈ আহংবাম চানুৰ অকাল মৃত্যু

আমাৰ অসম, ১৫ নৱেম্বৰঃ বোকাজান মহকুমাৰ দণ্ডাধীশ আহংবাম বেমঠৈ চানুৰ অকাল মৃত্যু। মঙলবাৰে নাগালেণ্ডৰ নিকছ হাস্পতালত মৃত্যু হয় দণ্ডাধীশগৰাকীৰ। দুদিন পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছিল বেমঠৈ আহংবাম চানু৷ মঙলবাৰে হঠাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত এয়াৰ এম্বুলেঞ্চৰ যোগেদি চানুক চেন্নাইলৈ নিয়াৰ যো-জা কৰা হৈছিল। কিন্তু দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে বেমঠৈ আহংবাম চানুৱে। চিকিৎসকে প্ৰকাশ কৰা অনুসৰি বৃক্ক আৰু যকৃত দুয়োটাই বিকল হৈ পৰিল চানুৰ। অতি কম বয়সতে জীৱন যাত্ৰা সামৰা বোকাজানৰ দণ্ডাধীশৰ মৃত্যুত সমগ্ৰ বোকাজানতে পৰিছে গভীৰ শোকৰ ছাঁ৷