Logo
image

বগা হ’বলৈ ব্যৱহাৰ কৰা ক্ৰীমেও আনিব পাৰে ভয়ংকৰ বিপদ

আমাৰ অসম বিশেষঃ চাইবাৰৰ যুগতো গাৰ বৰণ বগা কৰাৰ বাবে দুৰ্বাৰ আকাংখ্যা সকলোৰে৷ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দেশৰ সৰ্বত্ৰ ‘ফেয়াৰনেছ ক্ৰীম’ৰ বিপুল চাহিদা৷ প্ৰায় শিশু কালৰ পৰা গাৰ বৰণ বগা কৰিবলৈ প্ৰায় প্ৰতিজন ব্যক্তিয়ে আৰম্ভ কৰে ক্ৰীম ঘহিবলৈ৷ এনেদৰে ক্ৰীম ঘহিবলৈ আৰম্ভ কৰাৰ পাছত আৰম্ভণিতে কিছু পৰিষ্কাৰ দেখায়৷ কিন্তু গাৰ বৰণ বগা হ’বলৈ নিয়মীয়াভাৱে ক্ৰীম ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন ধৰণৰ এলাৰ্জি, শালমইনা, ব্ৰণ আদিয়ে দেখা দিয়ে৷ ইয়াৰ লগে লগে ত্বক শুকাই নিষ্প্ৰাণ হৈ যায়৷ প্ৰকৃততে বগা হ’বলৈ ব্যৱহাৰ কৰা ক্ৰীমত মাৰ্কাৰি, সীঁহ, ষ্টেৰয়ড আদি বিভিন্ন ৰাসায়নিক দ্ৰব্য থাকে যিবোৰে আমাৰ ত্বকৰ যথেষ্ট অনিষ্ট সাধন কৰে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে দেশৰ ত্বক বিশেষজ্ঞসকলে ফেয়াৰনেছ ক্ৰীমৰ উৎপাদন আৰু প্ৰচলন বন্ধ কৰিবলৈ আবেদন জনাই আহিছে৷ কিন্তু এতিয়াও ফেয়াৰনেছ ক্ৰীমৰ ব্যৱহাৰৰ ভয়াৱহতা সন্দৰ্ভত সচেতনতাৰ সৃষ্টি হোৱা নাই৷ বৰং আমাৰ দেশত ক্ৰমশঃ ফেয়াৰনেছ ক্ৰীমৰ চাহিদা বৃদ্ধিহে পাই আছে৷ ২০১৯ চনত ভাৰতত তিনি হাজাৰ কোটি টকাৰ ফেয়াৰনেছ ক্ৰীমৰ ব্যৱসায় হৈছিল৷ ‘ৰিচাৰ্ছ এণ্ড মাৰ্কেট্‌ছ’ৰ গৱেষণা পত্ৰত প্ৰকাশিত তথ্য মতে ২০২৩ চনত দেশত পাঁচ হাজাৰ কোটি টকাৰ ব্যৱসায় হ’ব৷