Logo
image

মৰ্গানে পাব পাৰে কে কে আৰৰ নেতৃত্ব!

আমাৰ অসম, ২৩ছেপ্টেম্বৰঃ গৌতম গম্ভীৰৰ নেতৃত্বত কলকাতা নাইট ৰাইডাৰ্ছে [কে কে আৰ] দুবাৰ আই পি এলৰ খিতাপ জয় কৰিছিল৷ কিন্তু গম্ভীৰে যি কৰি দেখুৱাইছিল, পৰৱৰ্তী বেটছমেনসকলৰ বাবে দলটোত সেই কাম কৰাটো যথেষ্ট কঠিন৷ বৰ্তমানৰ অধিনায়ক দীনেশ কাৰ্তিকেও সেই কথাটো ভালদৰে জানে৷ অধিনায়ক হিচাপে বিগত ছীজনত কাৰ্তিকৰ প্ৰদৰ্শন বৰ সন্তোষজনক নাছিল৷ ২০১৯ বৰ্ষত কলকাতা নাইট ৰাইডাৰ্ছ প্লে-অফলৈ উন্নীত হ’ব পৰা নাছিল৷ সেয়েহে এইবাৰৰ নাইট ৰাইডাৰ্ছৰ টীম মেনেজমেণ্টৰ দৃষ্টি থাকিব কাৰ্তিকৰ ওপৰত৷ যদি এইবাৰো কাৰ্তিকৰ প্ৰদৰ্শন আশানুৰূপ নহয়, তেন্তে তেওঁ নেতৃত্ব হেৰুৱাবলগীয়া হ’লে তাত আচৰিত হ’বলগীয়া একো নাথাকিব৷ প্ৰাক্তন ভাৰতীয় অধিনায়ক আৰু বৰ্তমানৰ ক্ৰিকেট ধাৰাভাষ্যকাৰ সুনীল গাভাস্কাৰৰ কথাত তাৰেই ইংগিত পোৱা গ’ল৷ কলকাতা নাইট ৰাইডাৰ্ছে ২৩ ছেপ্টেম্বৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷ অৰ্থাৎ প্ৰথম খেলতে দলটো সন্মুখীন হ’ব লাগিব চাৰিবাৰৰ চেম্পিয়ন দলটোৰ৷ সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে দলটোক চেম্পিয়ন কৰোৱাৰ চাপো থাকিব কাৰ্তিকৰ ওপৰত৷ যদি এই পৰীক্ষাত কাৰ্তিক সফল হ’ব নোৱাৰে, তেন্তে অধিনায়কৰ দায়িত্ব দিয়া হ’ব পাৰে ইংলেণ্ডৰ এঅ’ইন মৰ্গানক৷ এটা সাক্ষাৎকাৰত এনেদৰেই মন্তব্য কৰিলে গাভাস্কাৰে৷ লগতে তেওঁ কয় যে কলকাতা নাইট ৰাইডাৰ্ছৰ বেটিং লাইন-আপ যথেষ্ট শক্তিশালী৷ মৰ্গানৰ উপিস্থিতিয়ে দলটোৰ মিডল অৰ্ডাৰ  অধিক শক্তিশালী আৰু অভিজ্ঞ কৰি তুলিছে৷ যিকোনো পৰিস্থিতিত প্ৰতিপক্ষৰ সন্মুখত বিপজ্জনক হৈ উঠাৰ সামৰ্থ্য আছে মৰ্গানৰ৷ এনে এটা দলে যদি টুৰ্নামেণ্টখনৰ প্ৰথম চাৰি-পাঁচখন খেলত আশানুৰূপ প্ৰদৰ্শন দেখুৱাব নোৱাৰে, তেন্তে কাৰ্তিকৰ নেতৃত্বৰ প্ৰতি ভাবুকি আহি পৰিব পাৰে৷ কাৰ্তিকৰ বিকল্প হিচাপে টীম মেনেজমেণ্টে মৰ্গানক নেতৃত্বৰ দায়িত্ব দিয়াৰ কথা ভাবিব পাৰে৷ উল্লেখ্য, আই পি এলৰ দ্বাদশ ছীজনত এনে ঘটনা দেখা গৈছিল ৰাজস্থান ৰয়েলছত৷ দলটোক সবল নেতৃত্ব দিয়াত ব্যৰ্থ হোৱাত অজিংক্য ৰাহানেক নেতৃত্বৰ পৰা আঁতৰাই সেই দায়িত্ব দিয়া হৈছিল অষ্ট্ৰেলিয়াৰ ষ্টিভেন স্মিথক৷ এইবাৰ অনুৰূপ ঘটনা দেখা যাব পাৰে কলকাতা নাইট ৰাইডাৰ্ছ দলত৷ অৱশ্যে গোটেইখিনি নিৰ্ভৰ কৰিব উইকেটকীপাৰ-বেটছমেন দীনেশ কাৰ্তিকৰ ওপৰত৷ বেটছমেন আৰু অধিনায়ক হিচাপে তেওঁ দলক সফলতা দিব পৰে নে নোৱাৰে সেয়া হ’ব লক্ষ্যণীয়৷