Logo
image

পত্নী সলনা-সলনি কৰিবলৈ চেষ্টা কৰা স্বামীৰ বিৰুদ্ধে গোচৰ

আমাৰ অসম, ১৬ ডিচেম্বৰঃ গুজৰাটৰ আহমেদাবাদৰ এজন লোকে তেওঁৰ পত্নীক আনৰ সৈতে সলনা-সলনি কৰিবলৈ চেষ্টা কৰি ৰঙা ঘৰৰ আলহী হ’বলগীয়া হয়৷ পত্নীয়ে এই কাৰ্যৰ বিৰোধিতা কৰি আহিছিল যদিও স্বামীয়ে অধিক জোৰ দিয়াত অৱশেষত আৰক্ষীৰ কাষ চাপে পত্নী৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি স্বামীক গ্ৰেপ্তাৰ কৰে৷ পত্নীয়ে অভিযোগ কৰা অনুসৰি স্বামীয়ে তেওঁক বন্ধুৰ সৈতে থাকিবলৈ আৰু বন্ধুৰ পত্নীক নিজৰ লগত ৰাখিবলৈ জোৰ দি আহিছিল৷ প্ৰায় ১৪ বছৰ পূৰ্বে দুয়োৰে বিয়া হৈছিল আৰু তেওঁলোকৰ এটি আঠ বছৰীয়া সন্তানো আছে৷ সুখে-দুখে দুয়ো ইমান বছৰ কটোৱাৰ পাছত এতিয়া স্বামীয়ে পত্নী সলনা-সলনি কৰিবলৈ চেষ্টা কৰে৷ আহমেদাবাদৰ এছ ডি হাৱাই ৰোড এলেকাত বাস কৰা মহিলাগৰাকীয়ে মহিলা আৰক্ষী চকীত স্বামীৰ বিৰুদ্ধে অভিযোগ দিয়ে৷ স্বামীয়ে পত্নীক তেওঁৰ বন্ধুৰ সৈতে থাকি শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিবলৈ আৰু নিজে বন্ধু পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল৷ পত্নীৰ অভিযোগ অনুসৰি স্বামীয়ে উক্ত বন্ধুজনৰ পত্নীৰ সৈতে আগৰে পৰাই অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল৷ এই কথা পত্নীয়ে জনাৰ পাছতে স্বামীয়ে পত্নী সাল-সলনি কৰিবলৈ প্ৰস্তাৱ দিয়ে৷