Logo
image

বোকাত যেতিয়া পৰে মাৰ্চেডিজ...

আমাৰ অসম, ১৭ ডিচেম্বৰঃ মহাভাৰতৰ বৰ্ণনা মতে, কুৰুক্ষেত্ৰত বীৰ কৰ্ণৰ ৰথৰ চকৰি বোকাত পৰিছিল, তাৰ সুযোগ লৈছিল শত্ৰুপক্ষই৷ মঙলবাৰে কোক্‌ৰাঝাৰৰ গ্ৰীন ফিল্ডত প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি কাৰ্যবাহী পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত ঠিক তেনে ঘটনাই ঘটাৰ উপক্ৰম হৈছিল৷ হাগ্ৰামা মহিলাৰীৰ গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ ইউপিপিএল, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ ২২জন নৱনিৰ্বাচিত পাৰিষদক গুৱাহাটীৰ জি এছ ৰোডৰ এখন বিলাসী হোটেলত আবদ্ধ কৰি ৰখাটো সকলোৱে জানে৷ কিন্তু তেওঁলোক শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হ’লগৈ কেনেকৈ? আগদিনা অৰ্থাৎ সোমবাৰে আহি কোক্‌ৰাঝাৰত নিশা কটোৱাটোও নিৰাপদ নহয়– কোন সময়ত হাগ্ৰামাৰ মানুহে ডকা-হকা দি পাৰিষদক উঠাই লৈ যায় ঠিক নাই৷ আৰক্ষী-চিআৰপিৰ নিৰাপত্তাতো বিশ্বাস নাই৷ বহুত ভাবি-গুণি ঠিক কৰা হ’ল যে গুৱাহাটীৰ হোটেলৰ পৰাই শপতগ্ৰহণৰ দিনা পুৱা পাৰিষদবৃন্দক লৈ যোৱা হ’ব৷ কিন্তু গুৱাহাটীৰ পৰা কোক্‌ৰাঝাৰৰ পুৱা ১১ বজাৰ অনুষ্ঠান পাবলৈতো বোৱাৰীপুৱাতে ওলাব লাগিব! উপায় নাই, সেয়ে ঠিক হ’ল৷ বহু পাৰিষদে ৰাতি নুশুলেই, খানা-পিনা কৰিয়েই নিশাটো কটালে৷ নিশাই অনা হ’ল তিনিখনকৈ বিলাসী বাহন– ৰাজ্যিক পৰিবহণ নিগমৰ ৩০খন আসনযুক্ত মাৰ্চেডিজ বাছ এ এছ-২০ ২২৮৫, এ এছ-২০ ২২৮৩, এ এছ-২০ ২২৭৪, যিবোৰ বাছ বিমানবন্দৰৰ পৰা যাত্ৰী অনা-নিয়াৰ বাবে নতুনকৈ কিনা হৈছে৷

প্ৰায় দুই ডজন ভি আই পি যাত্ৰীক লৈ পোহৰ নৌহওঁতেই গুৱাহাটী এৰিলে মাৰ্চেডিজ বাছে৷ নমো নমোকৈ শপতগ্ৰহণ অনুষ্ঠানত দেখা দিয়াই আটাইকেইজনকে সেইদিনাই পুনৰ গুৱাহাটীৰ হোটেললৈ ওভতাই আনিব লাগিব৷ একেদিনাই গুৱাহাটী-কোক্‌ৰাঝাৰ অহা-যোৱা ধেমালি কথা নহয়৷ লাগিলে সেয়া মাৰ্চেডিজ বাছেই হওক কিয়ক্ক কিন্তু ৰাজনীতিত যে সকলো সম্ভৱ৷

মাজৰাস্তাত দুজনমান পাৰিষদে চাহ একাপেৰে ডিঙিটো তিয়াব খুজিছিল, কেইজনমানে ৰাস্তাৰ কাষত প্ৰকৃতিৰ আহ্বানত সঁহাৰি দিয়াৰ বাবেও বৰকৈ কাবৌ-কোকালি কৰিছিল৷ ওহোঁ, বাছত থকা প্ৰহৰীৰ কঠোৰ নিৰ্দেশ– কোনো অজুহাততে দুৱাৰ খোলা নহ’ব৷

যিয়েই নহওক মাৰ্চেডিজ বাছ গৈ পুৱা ১০.৩০ বজাত কাণে কাণ মাৰি কোক্‌ৰাঝাৰ পালেগৈ– চিধাই গ্ৰীন ফিল্ডৰ শপতগ্ৰহণ স্থলী৷ একেবাৰে মঞ্চৰ গাতে গা লগাই পাৰিষদসকলৰ বাবে খোৱা-বোৱা আৰু আন আনুষংগিক ব্যৱস্থা৷ বাছ একেবাৰে মঞ্চৰ পিছফালে হাজিৰ৷ কাম শেষ হ’লেই পুনৰ হ’ব গুৱাহাটীমুখী৷

শপতগ্ৰহণ শেষ হোৱাৰ লগে লগে পাৰিষদবৃন্দক ততাতৈয়াকৈ বাছত উঠিবলৈ নিৰ্দেশ দিয়া হ’ল৷ সেই মতে কাম৷ পিছে ই কি! ৫০ লাখ টকীয়া মাৰ্চেডিজ বাছ লৰচৰ নহয় দেখোন! হ’ল কি? তেতিয়াই চালকে জনালে যে বাছ বোকাত পৰিল৷ চকা সোমাই গ’ল ফিল্ডৰ একাঁঠু বোকাত৷ চাৰিওপিনে হাহাকাৰ লাগিল৷ এশ মানুহে ঠেলা মৰাতো বাছখন লৰচৰ নহ’ল৷ মাৰ্চেডিজ বাছত হেনো ঠেলা-ঠেলিৰ ছিষ্টেমেই নাই৷ বিদেশী মটৰ প্ৰযুক্তি আৰু দেশী ৰাজনীতিৰ সেয়া আছিল ঐতিহাসিক সংঘাত!

সকলোৰে হুৱাদুৱা লাগিল৷ ইপিনে, আন্ধাৰ হ’লেই সৰ্বনাশ৷ কোন সময়ত হাগ্ৰামাৰ এজেণ্ট আহি মেকুৰীয়ে কেৰাহীৰ পৰা মাছ তোলাৰ দৰে পাৰিষদক তুলি লৈ যায় ঠিক নাই৷ ফিল্ডতে নিশ্ছিদ্ৰ পহৰাত ৰখা হ’ল তেওঁলোকক৷ দুজনমানে স্ক’ৰপিঅ’ বা ইন’ভা লৈ গুৱাহাটীলৈ যোৱাৰ কথা কৈছিল৷  ওহোঁ, ‘বাটত আছে কণা বিধি’ বুলি সেই প্ৰস্তাৱ নাকচ কৰা হ’ল৷ ‘ৰাতিটো তেন্তে কোক্‌ৰাঝাৰতে পাৰিষদসকলক ৰখা হওক!’ একেকোবে বাতিল সেই প্ৰস্তাৱো৷

অৱশেষত মাৰ্চেডিজ বাছৰ স্থানীয় ডীলাৰক ফোন কৰি এটা সমাধান উলিওৱা গ’ল৷ দিছপুৰৰে মন্ত্ৰী এজনৰ মালিকানাধীন সোণাপুৰস্থিত সেই ডীলাৰৰ মতে কিন্তু– হাতী যদি বোকাত পৰিব পাৰে, মাৰ্চেডিজ পৰিলে জগৰ কিয়? ইঞ্জিন ডাউন দি ঠেলা মাৰি বোকাৰ পৰা উঠোৱা সম্ভৱ হ’ল বাছ৷ ইঞ্জিন ষ্টাৰ্ট দিয়েই পোনছাটেই গুৱাহাটীমুখী পথত তিনিওখন বাছ৷ দোভাগ নিশাহে ভোকে-লঘোণে গুৱাহাটীৰ হোটেলত নামিলহি পাৰিষদসকল৷

এৰাতি নহয়, দুৰাতিয়েই টোপনি খতি হ’ল নৱনিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ৷ যি হওক সদ্যহতে ৰাহুৰ গ্ৰাসৰ পৰা [পঢ়ক হাগ্ৰামাৰ গ্ৰাসৰ পৰা] ৰক্ষা পোৱা গ’ল৷

পিছে মাৰ্চেডিজৰ চকা বোকাত সোমাই যাত্ৰানাস্তিৰ উপক্ৰম কৰা ঘটনাই মহাভাৰতৰ বীৰ কৰ্ণৰ ৰথৰ কাহিনীও সকলোকে মনত পেলাই দিলে৷

ৰাজনীতিৰ কি বিড়ম্বনা!