Logo
image

অমিত শ্বাহ আহিব, যাবগৈ অজন্তা-ৰ’জলীনা-ৰাজদীপ

আমাৰ অসম, ১৭ ডিচেম্বৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ২৫ ডিচেম্বৰৰ সন্ধিয়া গুৱাহাটীলৈ আহিব৷ মুখ্যতঃ চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে সেইদিনা অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী৷ ২৫ ডিচেম্বৰৰ নিশা গুৱাহাটীত উপস্থিত হৈ ২০২১ৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰদেশ বিজেপিৰ নেতৃত্বৰে এক দীঘলীয়া বৈঠকত মিলিত হ’ব৷ বিজেপিৰ এক উচ্ছস্তৰীয় সূত্ৰই জনোৱা মতে অমিত শ্বাহৰ এই ভ্ৰমণৰ সময়তে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ গোলাঘাটৰ বিধায়ক অজন্তা নেওগ, কংগ্ৰেছৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক ৰ’জলীনা তিৰ্কী, লক্ষীপুৰ সমষ্টিৰ কংগ্ৰেছৰ পৰা বহিষ্কৃত বিধায়ক ৰাজদীপ গোৱালাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদানৰ সম্ভাৱনা আছে৷ লক্ষণীয় যে দিনচেৰেক পূৰ্বে বিজেপিৰ মন্ত্ৰী ভৱেশ কলিতাৰ সৰুপথাৰ ভ্ৰমণৰ সময়ত সৰুপথাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত বিধায়িকা ৰ’জলীনা তিৰ্কী মন্ত্ৰীগৰাকীৰ সৈতে একেলগে প্ৰৱেশ কৰিছিল৷ বিধায়িকাগৰাকীৰ পিতৃ আকলিয়াছ তিৰ্কীয়ে বিজেপিৰ ভ্ৰাতৃ সংগঠন ভাৰতীয় মজদুৰ সংঘৰ অসম শাখাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ ইফালে, প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ বিজেপি গমন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ বাবে কিছু স্থবিৰ হৈছিল যদিও বৰ্তমান তেৱোঁ বিজেপিত যোগদানৰ সিদ্ধান্ত প্ৰায় সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে৷ অজন্তা নেওগে দীঘলীয়া সময় ধৰি প্ৰদেশ কংগ্ৰেছৰ সকলো কাৰ্যসূচীৰ পৰা নিজকে আঁতৰাই ৰাখিছে৷ লক্ষীপুৰৰ বিধায়ক ৰাজদীপ গোৱালাক ইতিমধ্যে বিজেপিৰে সম্পৰ্ক ৰখাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দলৰ পৰা বহিষ্কাৰ কৰিছে৷ গোৱালাৰ বিজেপিৰ আগমনৰ সিদ্ধান্তক প্ৰদেশ বিজেপিৰ স্ক্ৰিনিং কমিটীয়েও অনুমোদন জনোৱা বুলি ইতিমধ্যে প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰিছে৷ লক্ষণীয় যে এই তিনি কংগ্ৰেছ নেতাৰ অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদানৰ সকলো কামকাজ অত্যন্ত গোপনে নেডাৰ সমন্বয়ক তথা ৰাজ্যৰ শিক্ষা, স্বাস্থ্য বিত্তমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই আগবঢ়োৱা বুলি জানিব পৰা গৈছে৷ কিছুদিনৰ পূৰ্বে উজনি অসম ভ্ৰমণলৈ যাওতে মন্ত্ৰীজনে ৰ’জলীনা তিৰ্কীৰ ঘৰত ভাত খাই আহিছে বুলিও জানিব পৰা গৈছে৷ অমিত শ্বাহৰ এই ভ্ৰমণৰ সময়ত বিধানসভাৰ নিৰ্বাচনৰ আসন ভাগ-বতোৱাৰা সন্দৰ্ভত মিত্ৰদল অগপৰ সৈতেও এক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ পূৰ্বেই প্ৰদেশ বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা আৰু সহ প্ৰভাৰী পৱণ শৰ্মা দুদিনীয়া দলীয় কাৰ্যসূচীৰে বুধবাৰে গুৱাহাটীত উপস্থিত হয়৷ প্ৰদেশ বিজেপিৰ প্ৰভাৰীৰ দায়িত্ব লাভ কৰাৰ পিছত পাত্তা প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহিছে৷ প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বুধবাৰে পুৱা পাণ্ডাক বিমানবন্দৰত আদৰণি জনায়৷ দুপৰীয়া বৈজয়ন্ত পাণ্ডাই প্ৰদেশ বিজেপিৰ এখন বিষয়ববীয়াৰ সভাত অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত জিলা প্ৰভাৰী আৰু সভাপতিসকলৰ সৈতে আন এখন বৈঠকত বহে৷ বিয়লি মৰ্চা কোষ বিলাকৰ সৈতে বৈঠক অনুষ্ঠিত হয়৷ সন্ধিয়া মুখপাত্ৰ, পেনেলিষ্ট, সংবাদ কোষ, সামাজিক কোষ, তথ্য প্ৰযুক্তি কোষৰ সৈতে বৈঠকত বহে৷ নিশা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বৈঠকত মিলিত হয়৷ বৃহস্পতিবাৰে পুৱাই তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰে৷ ইয়াৰ পিছতে তেওঁ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত কৃষক আইনৰ সমৰ্থনত আয়োজিত এক কৃষক সন্মিলনত ভাগ লয়৷ বিয়লি দুই বজাত তেওঁ এখন সংবাদ মেলত সম্বোধন কৰে৷ লক্ষণীয় যে বুধবাৰে মাৰাথান বৈঠকত প্ৰদেশ বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডাই মিছন ১০০ প্লাছৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে দলৰ নেতা কৰ্মীসকলক ২৪*৭ ঘণ্টা কাম কৰিবলৈ পৰামৰ্শ দিয়ে৷ সততা আৰু পৰিশ্ৰমেৰে নিজ লক্ষ্যত অগ্ৰসৰ হ’বলৈ তেওঁ পৰামৰ্শ দিয়ে৷ আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিটত দলীয় কৰ্মীসকলক আৰু অধিক সক্ৰিয় হ’বলৈ তেওঁ আহ্বান জনায়৷