Logo
image

কলেষ্ট’ৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ উপায়

আমাৰ অসম বিশেষঃ আমি সকলোৱে খাদ্যৰসিক৷ খাবলৈ সকলোৱে ভাল পাওঁ৷ লগতে খাদ্যবিধ  যদি ‘জাংকফুড’ হয় তেতিয়াতো আৰু কথাই নাই৷ কিন্তু জানি থোৱা ভাল যে জাংকফুডে শৰীৰত কলেষ্ট’ৰেলৰ মাত্ৰা অত্যধিক হাৰত বঢ়ায়৷ কলেষ্ট’ৰেল হৈছে যকৃতৰ ভিতৰত প্ৰস্তুত হোৱা এবিধ ফেটী এচিড৷ এই এচিডে শৰীৰত বিভিন্ন ধৰণৰ কাম কৰে৷ কিন্তু ইয়াৰ মাত্ৰা যদি বাঢ়ি যায় তেতিয়া ই বেমাৰ হিচাপে দেখা দিয়ে৷ আয়ুৰ্বেদ শাস্ত্ৰমতে কলেষ্ট’ৰেল শৰীৰৰ কাৰণে উপকাৰী হ’লেও যদি এই ফেটী এচিডবিধ ট’ক্সিনযুক্ত হয় তেন্তে শৰীৰৰ বাবে ই অপকাৰ আৰম্ভ কৰে৷ বদহজমৰ বাবে শৰীৰত ট’ক্সিনৰ উৎপন্ন হয়৷ বদহজমে ট’ক্সিনক শৰীৰৰ পৰা ওলাই যোৱাত বাধা প্ৰদান কৰে৷ যাৰ ফলত শৰীৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰা আৰম্ভ হয়৷ তেতিয়াই কলেষ্ট’ৰেলৰ সমস্যাই দেখা দিয়ে৷ কলেষ্ট’ৰেলে প্ৰাথমিক অৱস্থাত হৃদপিণ্ডৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু  কেতবোৰ নিয়ম মানি চলিলে কলেষ্ট’ৰেলে শৰীৰত পেলোৱা কু-প্ৰভাৱৰ পৰা আঁতৰি থাকিব পৰা যায়৷

[১] জাংকফুড বা অত্যধিক মচলাযুক্ত খাদ্য গ্ৰহণৰ পিছত কিছু খোজকঢ়াৰ অভ্যাস কৰক৷ ইয়াৰ জৰিয়তে শৰীৰত জমা হোৱা অতিৰিক্ত কেল’ৰি নাইকীয়া হ’ব৷

[২] অত্যধিক খাদ্য গ্ৰহণৰ পিছত কুহুমীয়া পানী খাওক৷ এনে কৰিলে এপিনে হজম সোনকালে হয়৷ আনপিনে যকৃত আৰু পাকস্থলী সুস্থ হৈ থাকে৷

[৩] খাদ্য গ্ৰহণৰ পূৰ্বে শোৱাৰ অভ্যাস ত্যাগ কৰক৷ তদুপৰি খাদ্য গ্ৰহণৰ পিছতে শুবলৈ গ’লে খাদ্যবস্তুৰ পৰা পাবলগীয়া শক্তি সম্পূৰ্ণৰূপে লাভ কৰিব পৰা নাযায়৷ যাৰ ফলত ই চৰ্বি হিচাপে জমা হয়৷ ফলত কলেষ্ট’ৰেলৰ মাত্ৰা বৃদ্ধি পায়৷

[৪] তেলযুক্ত বা অত্যধিক মচলাযুক্ত খাদ্যৰ সৈতে বহুতে আইচক্ৰীম বা শীতল পানীয় খাই ভাল পায়৷ কিন্তু এই অভ্যাস যকৃত আৰু পাকস্থলীৰ বাবে অতি অপকাৰী৷ এনে অভ্যাসে কলেষ্ট’ৰেলৰ মাত্ৰা বৃদ্ধি কৰে৷ সেয়ে মচলা বা তেলযুক্ত খাদ্যৰ সৈতে শীতল পানীয় নাইবা আইচক্ৰীম খোৱাৰ অভ্যাস আঁতৰাওক৷

[৫] আয়ুৰ্বেদ শাস্ত্ৰমতে জালুক গুটিয়ে যকৃত বা লিভাৰত জমা হোৱা ফেট্‌ বা চৰ্বি নিয়ন্ত্ৰণ কৰে৷ সেয়ে পানীৰ সৈতে মৌ মিহলাই জালুক গুটি গুড়ি কৰি খাব পাৰে৷

[৬] ত্ৰিফলা যকৃতৰ বাবে আটাইতকৈ উপকাৰী৷ সেয়ে কুহুমীয়া পানীৰ সৈতে মৌ আৰু ত্ৰিফলা মিহলাই খাওক৷ ই হজম শক্তি বৃদ্ধি কৰে৷

[৭] তেলযুক্ত খাদ্য গ্ৰহণ কৰাৰ পিছত যদি হজমৰ সমস্যা অনুভৱ হয়, তেন্তে গৰম পানীৰ সৈতে মৌ মিহলাই খাওক৷