Logo
image

উৎসৱবলীয়া অসমীয়া

অসমত উৎসৱৰ অন্ত নাই৷ অসমীয়াৰ জাতীয় উৎসৱ বিহু৷ সেই বিহু এতিয়া হৈ পৰিছে একাংশৰ ব্যৱসায়িক কেন্দ্ৰ৷ মাঘ বিহুত লাখ লাখ নহয় কোনো কোনো অত্যুৎসাহী বিহুবলীয়া উদ্যোক্তাই কোটিৰ হিচাপ লৈ ভেলাঘৰ সাজে– সাজে ব্ৰিটিছ পাৰ্লিয়ামেণ্ট হাউছ, পাতে আগ্ৰাৰ তাজমহল আদি৷ লাখ লাখ টকাৰে আমন্ত্ৰণ জনায় গায়ক, নাচনী আদি৷ কঙালী বিহু বুলি খ্যাত হৈ অহা তাহানিৰ কঙালী এতিয়া বহুত ৰংচঙীয়া হৈ পৰিল৷ তিনিদিনীয়া ৰঙালী বিহু এতিয়া কিমান মহীয়া হ’ল হিচাপেই ৰাখিব নোৱাৰি৷ মাঘৰ ভোগালী বিহুও ৰঙেৰে ৰাঙলী হ’ল৷ কিমানদিনীয়া হ’ব সেইটো থিৰাং হয় বিহুমঞ্চৰ উদ্যোক্তা আৰু আমন্ত্ৰিত গায়ক-গায়িকা, কলা-কুশলীৰ ব্যৱসায়িক লাভৰ অংকত৷ পৱিত্ৰ অন্তৰেৰে, ভক্তিপ্ৰাণসৰ্বস্ব নিঃস্বাৰ্থ হৃদয়েৰে পতা অসমীয়া সংস্কৃতি, কৃষিজীৱী, গ্ৰাম্য জীৱনৰ সৰলতাৰ ছবিখনে এতিয়াৰ বিহুত ঠাই নাপায়৷ বহিঃৰাজ্য, বহিঃৰাষ্ট্ৰৰ সংস্কৃতিয়ে সেই ছবিখন গ্ৰাস কৰিবলৈ ধৰিছে আমাৰে বিহুবলীয়া উদ্যোক্তাসকলৰ উদ্যোগত আৰু ব্যৱসায়িক সংগীতপ্ৰেমী এচামৰ ব্যৱসায়িক স্বাৰ্থৰ খাটিৰত৷ দুৰ্গা পূজাকে ধৰি আন পূজাৰ থলিও সম্প্ৰতি হৈ পৰিছে উৎসৱ৷ পঞ্চাছৰ দশকলৈ ‘দুৰ্গা পূজা’ বুলি অভিহিত হৈ থকা ‘দুৰ্গা’ শব্দটোৰ লগত ‘উৎসৱ’ শব্দটো ক’ত কেনেকৈ এঠা লাগি পৰিল, কোৱাটো এতিয়া সম্ভৱ নহয়৷ ‘দুৰ্গা পূজা’, ‘দুৰ্গোৎসৱ’ হ’ল, হ’ল নাচোন-বাগোন, ব্যৱসায়ৰ বক্ষস্থল৷ এতিয়া আকৌ অসমত যোগ হ’লে অনেক উৎসৱৰ৷ নমামি ব্ৰহ্মপুত্ৰ উৎসৱ, য’ত ৰাজ্য চৰকাৰ উদ্যোক্তা৷ শ শ বহিৰাগত ৰাজ্যৰ পূজাৰী, ভক্তপ্ৰাণৰ আগমন৷ জনা-শুনা মতে প্ৰায় ষাঠি কোটিৰো অধিক চৰকাৰী, বেচৰকাৰী ধনৰ শৰাধ৷ পূজাত আত্মাৰ আৱেদন ঈশ্বৰ বা পূজ্য দেৱ-দেৱীৰ ওচৰত৷ নীৰৱতাৰে পূজা মন্ত্ৰৰ উচ্ছাৰণ, পূজাৰ্ঘ্য অৰ্পণ, মন, আত্মা, হৃদয়, ভক্তিৰে শুদ্ধচিত্তে সমৰ্পণ৷ তাৰে নাম হয় পূজা৷ ৰাগিয়াল দ্ৰব্য সেৱন, নাচোন-বাগোন, অধবৰ্নগ্ন দেহৰ প্ৰদৰ্শন পূজাস্থলত নীতিগতভাৱে নিষিদ্ধ৷ কিন্তু সেইবোৰেই এতিয়া হৈ পৰিছে অসমৰ অপৰিহাৰ্য একাংশ অসমীয়াৰ সভ্যতা-সংস্কৃতিৰ অবিচ্ছেদ্য অংগ৷ এয়া দুৰ্ভাগ্য নে সৌভাগ্য  বিচাৰ্যৰ বিষয়৷ ইমানতে শেষ নহয় আৰু জন্ম পাইছে নতুন নতুন উৎসৱৰ৷ সেইবোৰ সকলোৰে জ্ঞাত৷ ‘বৰাক উৎসৱ’, অমৃত মহোৎসৱ, নিযুক্তি-পত্ৰ বিতৰণ উৎসৱ আৰু যে কত কি উৎসৱে অসমক উদ্বাউল কৰিবলৈ ধৰিছে, তাৰ লেখ পোৱা টান হৈছে৷ অসম সাহিত্য সভাত প্ৰতিবছৰে বৃহৎ সভা হয়৷ লাখ লাখ মানুহৰ হয় সমাগম৷ সভা, আলোচনা-বিলোচনা, দোকান-পোহাৰে ভৰি পৰা সভাস্থলীৰ বৈশিষ্ট্য অনুপম৷ পুনৰ জন্ম হ’বলৈ ধৰিছে ‘সাহিত্য’ উৎসৱৰ৷ প্ৰতিযোগিতা চলিছে কোনে কিমান উৎসৱৰ জন্মদাতা হ’ব পাৰে৷ এনেদৰে ৰাইজক উৎসৱত ব্যস্ত, মচগুল হৈ থকাটো বিচাৰে শাসক চক্ৰই৷ মূল সমস্যাৰ পৰা ৰাইজক আঁতৰাই ৰখাৰ অপৰিহাৰ্যতা বুজি পায় ৰাজনৈতিক ক্ষমতালিপ্সাত আতুৰ নেতাসকলে আৰু তেওঁলোকৰ পদলেহনকাৰীয়ে৷ কিন্তু পাহৰি থকাটো অসমীয়াৰ বাবে আত্মঘাতী হ’ব, উৎসৱতে আত্মহাৰা হৈ অসমত অসমীয়াৰ জাতীয় অস্তিত্ব, মৰ্যাদা হানিৰ বাস্তৱতাক জলাঞ্জলি দিবলগীয়া হ’লে৷ নাচি-বাগি উৎসৱৰ ৰঙেৰে ৰাঙলী হৈ থাকোঁতে কোনে কেনেকৈ আৰু কেতিয়া অসমীয়াৰ ভৰিৰ তলৰ মাটি নাইকিয়া কৰিব, তাৰ তলা-মূধাই নোপোৱা অৱস্থা এটা আসন্ন অসমীয়াৰ বাবে; এই জীয়া সত্যক পাহৰিলে অসমীয়াৰ কি গতি হ’ব সেইটো অনুভৱ কৰাটো সকলোৰে বাবে এৰাব নোৱৰা দায়িত্ব৷ বজাৰৰ পৰা কিনি অনা চিৰা-পিঠাৰে পতা বিহু, বহিঃৰাজ্য, বহিঃৰাষ্ট্ৰৰ পৰা অহা বিহুৱান আৰু আন ৰাজ্য তথা ৰাষ্ট্ৰৰ পৰা আমদানি কৰা নাচ-গান, পোছাক-পৰিচ্ছদেৰে পতা উৎসৱ তথা মহোৎসৱে অসমৰ জাতীয় উৎসৱ বিহুৰ বৈশিষ্ট্য, পৱিত্ৰতা ৰক্ষা কৰিব নোৱাৰে, জাতীয় সংস্কৃতিৰ মৰ্যাদা সুৰক্ষিত কৰিব নোৱাৰে৷ ভাষা উৎসৱ, আন উৎসৱ, মহোৎসৱৰ মাধ্যমত ঐক্য-সংহতিৰ ভেটি মজবুত হ’ব পাৰে বুলি ভবাটো শুদ্ধ নে অশুদ্ধ অসমীয়াই বুজিব লাগিব, বুজাব লাগিব৷