Logo
image

নিজে টেণ্ডাৰ বিধি নিৰ্ধাৰণ কৰি নিজৰ ফাৰ্মকে কেইবাকোটিৰ ঠিকা

জিএমডিএত সিংঘাল-কাণ্ড, প্ৰতিবেদন-৮

আমাৰ অসম, ১৯ ডিচেম্বৰঃ উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধন আৰু আইনগত নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ এতিয়া অশোক সিংঘাল উন্নয়ন প্ৰাধিকৰণলৈহে পৰিগণিত হৈছে৷ বিল্ডাৰক জি এম ডি এৰ অধ্যক্ষৰ দৰে গুৰু দায়িত্ব দিয়াৰ পাছতেই গুৱাহাটীৰ আয়ুসৰেখা শিলসাঁকো বিলত পুতি  অশোক সিংঘালে সতীৰ্থ বিল্ডাৰ বসন্ত ছুৰাণাক অট্টালিকা নিৰ্মাণৰ বাবে অনুমতি দিবলৈ উঠি পৰি লগা তথ্য ইতিমধ্যে ‘আমাৰ অসম’ কাকতত সবিস্তাৰে প্ৰকাশ পাইছে৷ এইবাৰ জি এম ডি এৰ অধ্যক্ষ তথা বিল্ডাৰ অশোক সিংঘালে নিজৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘প্ৰটেক গ্ৰুপ’ৰ দ্বাৰা জি এম ডি এৰ কেইবা কোটি টকীয়া বিল্ডিং নিৰ্মাণৰ ঠিকা হস্তগত কৰাৰ পৰিকল্পনাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ অৰ্থাৎ কোটিটকীয়া ঠিকাৰ লালসাত থলুৱা ঠিকাদাৰক ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অশোক সিংঘাল৷ বিল্ডিং নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰী নীতি-নিৰ্দেশনাক জলাঞ্জলি দি নিজৰ প্ৰতিষ্ঠান ‘প্ৰটেক গ্ৰুপ’ৰ হাতত ঠিকা নিশ্চিত কৰিবলৈ আইন বিৰুদ্ধ চৰ্ত আৰোপ কৰি নিবিদা আহ্বান কৰাৰো অভিযোগ উঠিছে৷ এক কথাত অশোক সিংঘালে নিজেই অধ্যক্ষ হৈ জি এম ডি এৰ বিল্ডিং নিৰ্মাণত ঠিকা নিজৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ নামতে আদায় কৰিবলৈ পৰিকল্পনা কৰিছে৷ অভিযোগ অনুসৰি জি এম ডি এয়ে ২০১০ চনতে উজান বজাৰৰ পদুম পুখুৰীৰ পাৰত থকা নিজৰ ভূমিত দুই কোটি টকা ব্যয়ৰে ছয়মহলীয়া এটা ব্লিডিঙৰ প্ৰথম মহলাৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছিল৷ কিন্তু শেহতীয়াকৈ জি এম ডি এৰ অধ্যক্ষ অশোক সিংঘালৰ অনুমোদন সাপেক্ষে বিগত ১২ নৱেম্বৰত মহানগৰীৰ উজান বজাৰৰ পদুম পুখুৰী পাৰৰ উক্ত ৬ মহলীয়া অট্টালিকাটো নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা নিবিদা [এক্সপ্ৰেছন অব ইণ্টাৰেষ্ট] আহ্বান কৰিছিল৷ সেই অনুসৰি উজান বজাৰত থকা এবিঘা  ৩ কঠা ৭.৯৪ লেচা ভূমিত ৬মহলীয়া অট্টালিকাটো নিৰ্মাণৰ বাবে ইচ্ছুক প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰে৷ অৱশ্যে নিবিদাত নিৰ্মাণ কৰিবলগীয়া অট্টালিকাটোৰ আন্তগাঁথনি আৰু প্ৰথম মহলা নিৰ্মাণ হৈ থকাৰ কথা উল্লেখ কৰি ৩ ডিচেম্বৰ নিবিদা আবেদন  দাখিলৰ অন্তিম দিন ধাৰ্য কৰিছিল৷ আশ্চৰ্যজনক বিষয়টো হৈছে, বিল্ডিংটো নিৰ্মাণৰ বাবে জি এম ডি এৰ ফালৰ পৰা যি চৰ্ত আৰোপ কৰা হৈছে, সেই চৰ্তত থলুৱা কোনো ঠিকাদাৰে যে যোগ্য হ’ব নোৱাৰে সেয়া স্পষ্ট হৈ পৰিল৷ বিভাগীয় নিয়ম অনুসৰি ১.৬৭ বিঘা ভূমিত অট্টালিকা নিৰ্মাণ কৰিবলৈ হ’লে দুৰ্যোগ আইন অনুসৰি ২.২৫ শতাংশ মুকলি ঠাই এৰিব লাগিব৷ সেই অনুসৰি ১.৬৭  বিঘা ভূমিত ২.২৫ শতাংশ মুক্ত ভূমিক বাদ দি নিৰ্মাণ হ’বলগীয়া কংক্ৰিটৰ ব্যাসাৰ্ধ হৈছে প্ৰায় ৫৪,৪১২ বৰ্গফুট৷ মন কৰিবলগীয়া বিষয়টো হৈছে, বৰ্তমান যিকোনো বিল্ডিং নিৰ্মাণত প্ৰতিবৰ্গফুটত খৰচ হয় প্ৰায় ১,৬০০ টকা৷ সেই ভিত্তিত প্ৰায় ৫৪,৪১২ বৰ্গফুটৰ নিৰ্মাণত প্ৰকৃত ব্যয় হ’ব প্ৰায় ১১ কোটি টকা৷ চৰকাৰী নিয়ম অনুসৰি যিকোনো নিৰ্মাণ সম্পৰ্কীয় নিবিদা লাভৰ বাবে নিদিষ্ট ঠিকাৰ সৰ্বমুঠ নিৰ্মাণ ব্যয়ৰ বিপৰীত পূৰ্বতে ৮০ শতাংশ নিৰ্মাণ ব্যয়ৰ যিকোনো কাম কৰাৰ অভিজ্ঞতা থাকিব লাগে৷ কিন্তু জি এম ডি এৰ প্ৰায় এঘাৰ কোটি টকীয়া নিৰ্মাণ ব্যয়ৰ এটা অট্টালিকাৰ বাবদ অশোক সিংঘালৰ নিৰ্দেশত জি এম ডি এয়ে বছৰি ২০ কোটি টকাৰ বাৰ্ষিক লেনদেনৰ চৰ্ত আৰোপ কৰাত  সন্দেহৰ সৃষ্টি হৈছে৷ তদুপৰি নিবিদাৰ আন এক সন্দেহজনক চৰ্ত হৈছে, আবেদনকাৰীয়ে জি এম ডি এৰ নিদিষ্ট ৬মহলযুক্ত অট্টালিকাটোৰ দৰে আন দুটা অনুৰূপ প্ৰকল্প সম্পূৰ্ণ কৰাৰ অভিজ্ঞতা থাকিব লাগিব৷ এনে একোটা অট্টালিকাত নিৰ্মাণ পৰিসৰ ৪৬,৫০০ বৰ্গ মিটাৰ ধাৰ্য কৰিছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে গড়কাপ্টানি বিভাগ বা জি এম ডি এৰ পূৰ্বৰ সকলো নিৰ্মাণ সম্পৰ্কীয় নিবিদাত নিমাৰ্ণ এলেকা বৰ্গফুট বা বৰ্গ মিটাৰৰ জোখ ‘ৰাউণ্ড ফিগাৰ’ত ধৰা হয়৷ কিন্তু জি এম ডি এৰ উক্ত নিবিদাত ৪৬,৫০০ বৰ্গমিটাৰ চৰ্ত আৰোপ কৰাত স্বাভাৱিকতেই সন্দেহৰ সৃষ্টি হৈছে৷ কিয়নো আৰোপ কৰা চৰ্ত মতে নিৰ্মাণ অঞ্চল ৪৬,৫০০ বৰ্গমিটাৰৰ বিপৰীতে ৪৬,০০০ বৰ্গ মিটাৰ বা ৪৭,০০০ বৰ্গ মিটাৰ হ’ব পাৰিলহেঁতেন, কিন্তু তাকে নকৰি ৪৬,৫০০ বৰ্গ মিটাৰ ধাৰ্য কৰাত কোনো নিৰ্দিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠান অৰ্থাৎ অশোক সিংঘালৰ স্বাৰ্থত এই চৰ্ত যে আৰোপ কৰা হৈছে সেয়া স্পষ্ট হৈ পৰিছে৷ স্বাভাৱিকতেই অশোক সিংঘালে অতি কৌশলপূৰ্ণভাৱে স্থানীয় থলুৱা কোনো ঠিকাদাৰে যাতে নিবিদা চৰ্ত পূৰণ কৰিব নোৱাৰে তাক নিশ্চিত কৰাৰ বাবেই এনে কিছু অদ্ভুত অৰ্হতাৰ চৰ্ত আৰোপ কৰা বুলিও চৰ্চা চলিছে৷ কিয়নো অশোক সিংঘালৰ ‘প্ৰটেক গ্ৰুপে’ ইতিপূৰ্বে এনে পৰিসৰৰ কেইবাটাও অট্টালিকাৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে৷ ইপিনে, জি এম ডি এৰ এনে কৌশলপূৰ্ণ চৰ্তৰ বিৰুদ্ধে থলুৱা একাংশ ঠিকাদাৰে আপত্তি কৰাত জি এম ডি এয়ে উক্ত নিবিদাৰ আবেদন দাখিলৰ অন্তিম সময়সীমা ২১ ডিচেম্বৰলৈ বৃদ্ধি কৰা বুলিও জানিব পৰা গৈছে৷ নিবিদা দাখিলৰ অন্তিম সময়সীমা বৃদ্ধি কৰিলেও জি এম ডি এৰ উজান বজাৰৰ বিল্ডিং নিৰ্মাণৰ ঠিকা যে অশোক সিংঘালে নিজৰ হাততে ৰাখিব সেয়া জি এম ডি এৰ ভিতৰচ’ৰাতো চৰ্চা লাভ কৰিছে৷