Logo
image

মহানগৰীৰ অভিজাত পাবত এয়াৰফ’ৰ্চৰ বিষয়াক ছুৰিকাঘাত

আমাৰ অসম, ১৯ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত প্ৰতিনিয়ত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছে যে সাধাৰণ মানুহে প্ৰাতঃভ্ৰমণ, সান্ধ্যভ্ৰমণ কৰিবলৈও ভয় খোৱা হৈছে৷ এনে আতংকময় পৰিস্থিতিৰ মাজতে উদণ্ড যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বায়ুসেনাৰ এজন বিষয়া৷ ঘটনাটো সংঘটিত হয় দিছপুৰত, আৰক্ষী থানাৰ পৰা কিছু নিলগত৷ এই ঘটনা সংঘটিত হোৱাৰ পাঁচ দিন হৈ গ’ল যদিও আজিকোপতি আৰক্ষীয়ে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ এই সম্পৰ্কে প্ৰশ্ন কৰিলে প্ৰতিবাৰেই আৰক্ষীৰ ৰেডীমেড উত্তৰ– ‘তদন্ত চলি আছে৷ আমি সন্দেহজনক ঠাইবোৰত তালাচী চলাইছোঁ৷ শীঘ্ৰেই দুৰ্বৃত্ত ধৰা পৰিব৷’ আৰক্ষীৰ সূত্ৰই দিয়া ঘটনাৰ বিৱৰণি মতে, বায়ু সেনাৰ ফ্লায়িং অফিচাৰ আনছন ৰষ্টোগীয়ে যোৱা ১৩ ডিচেম্বৰ অৰ্থাৎ যোৱা দেওবাৰে দিছপুৰৰ জি এছ ৰোডত থকা এজন মন্ত্ৰীৰ মালিকানাধীন এখন পাবত ৪জন বন্ধুৰ সৈতে আহাৰ গ্ৰহণ কৰিবলৈ যায়৷ বায়ুসেনা বিষয়াই বহা টেবুলৰ পৰা দুজন অচিনাক্ত যুৱকে পানীয়ৰ গিলাছ কাঢ়ি নি পান কৰে৷ ইয়াত ক্ষুব্ধ হৈ বায়ু সেনাৰ বিষয়াসকলে উদণ্ড যুৱক দুজনৰ লগত বাক-বিতণ্ডাত লিপ্ত হয়৷ পৰিস্থিতি বিষম দেখি হোটেলৰ কতৃৰ্পক্ষই দুই অচিনাক্ত যুৱকক  গালি গালাজ পাৰি হোটেলৰ পৰা উলিয়াই দিয়ে৷ উত্তেজনাময় পৰিস্থিতি  শামকটাত বায়ু সেনাৰ বিষয়াসকলে অভিজাত পাবত নিশাৰ আহাৰ গ্ৰহণ কৰে৷ আহাৰ গ্ৰহণৰ অন্তত বায়ু সেনাৰ বিষয়াসকলে মাচুল পৰিশোধ কৰি পাবৰ পৰা ওলাই আহে৷ হোটেলৰ বাহিৰত খাপ পিটি থকা যুৱক দুজনৰ এজন দুষ্কৃতিকাৰীয়ে ফ্লায়িং অফিচাৰ আনছল ৰষ্টোগীৰ পেট, মূৰ আৰু হাতত উপৰ্যুপৰি ছুৰীৰে আঘাত কৰি তেওঁৰ হাতৰ পৰা ম’বাইল ফোন কাঢ়ি পলায়ন কৰে৷ লগে লগে সতীৰ্থসকলে আহত বিষয়াজনক ডাউন টাউন হাস্পতালত ভৰ্তি কৰায়৷ স্বাস্থ্যৰ দ্ৰুত গতিত অৱনতি ঘটাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বিষয়াজনক বশিষ্ঠৰ আৰ্মী বেছ হাস্পতাললৈ প্ৰেৰণ কৰে৷ ইপিনে, পিছদিনা অৰ্থাৎ ১৪ ডিচেম্বৰত ঘটনা সন্দৰ্ভত বায়ু সেনা বিষয়াজনে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই আছে যদিও ৫ টা দিন অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে অভিযুক্ত দুজনৰ শুংসূত্ৰ উলিয়াব পৰা নাই৷