
মাতৃত্বৰ দিশে নেহা কাক্কাৰ, ছ’চিয়েল মিডিয়াত ফটো ভাইৰেল
আমাৰ অসম, ১৯ ডিচেম্বৰঃ বলীউডৰ জনপ্ৰিয় গায়িকা তথা জনপ্ৰিয় সংগীত ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল’ৰ বিচাৰক নেহা কাক্কাৰ মাতৃত্বৰ দিশে আগবঢ়াৰ কথাটোক লৈ এতিয়া ছ’চিয়েল মিডিয়া তোলপাৰ লাগিছে৷ মাত্ৰ কেইদিনমান পূৰ্বে বিয়াত বহিছিল নেহা কাক্কাৰ আৰু পঞ্জাবী গায়ক ৰোহনপ্ৰীত সিং৷ ১৮ ডিচেম্বৰত নেহা কাক্কাৰে ইনষ্টাগ্ৰামত স্বামী ৰোহনপ্ৰীত সিঙৰ সৈতে এখন ছবি ৰাজহুৱা কৰে, যিখনক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ উক্ত ছবিত নেহা কাক্কাৰৰ দেহত মাতৃত্বৰ লক্ষণ ফুটি উঠা দেখা যায়৷ লগে লগে তেওঁৰ অনুৰাগীসকল আনন্দত আত্মহাৰা হৈ পৰে৷ নেহা কাক্কাৰ গৰ্ভৱতী বুলি চাৰিওফালে প্ৰচাৰ হয়৷ বহুতে আশ্চৰ্য প্ৰকাশ কৰে৷ কাৰণ সৌ সিদিনাহে বিয়াত বহিছিল৷ এই চৰ্চাৰ মাজতে নহা কাক্কাৰৰ ভ্ৰাতৃ টনী কাক্কাৰে নিশ্চিত কৰে যে তেওঁ ‘মামা’ হোৱাৰ দিশে আগবাঢ়িছে৷ অৰ্থাৎ নেহা কাক্কাৰ মাতৃ হোৱাৰ দিশে আগবঢ়া কথাটো সঁচা৷ টনী কাক্কাৰৰ টুইটৰ পাছতে সকলোৱে নেহা আৰু ৰোহনক শুভেচ্ছা জনায়৷