Logo
image

বি চি চি আইৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ, আই পি এলত এটা দলক দিয়া হৈছে বিশেষ সুবিধা

আমাৰ অসম,২৩ ছেপ্টেম্বৰঃ কৰ’না ভাইৰাছৰ আতংকৰ মাজতে ইউনাইটেড আৰৱ এমীৰেটছত আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]৷ ক্ৰিকেটাৰৰ লগতে ছাপ’ৰ্ট ষ্টাফ আৰু আন কৰ্মকৰ্তাই মানি চলিবলগীয়া হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বি চি চি আই]বান্ধি দিয়া বিশেষ নিৰ্দেশাৱলী৷ তাৰ মাজতে টুৰ্নামেণ্টখনত ভাগ লোৱা দল এটাৰ সদস্যই এই নিৰ্দেশাৱলা মানি নচলা এইক্ষেত্ৰত বি চি চি আয়েও দলটোৰ প্ৰতি নমনীয় স্থিতি লোৱাৰ অভিযোগ উঠিছে৷ এই অভিযোগ কেইবাটাও ফ্ৰেঞ্জাইজীৰ৷ আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন নকৰিলেও তেওঁলোকৰ কথাত অসন্তুষ্টিৰ ভাৱ স্পষ্ট৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মহেন্দ্ৰ সিং ধোনি নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছৰ দুজন বিদেশী খেলুৱৈয়ে বি চি চি আইৰ নিৰ্দেশাৱলী উলংঘা কৰা সত্ত্বেও তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই৷ ইংলেণ্ডৰ পৰা ইউ এ ইলৈ অহা চেন্নাই ছুপাৰ কিংছৰ সদস্য ছেম কুৰেন আৰু জোছ হেজেলউদে ৩৬ ঘণ্টাৰ বাধ্যতামূলক কোৱাৰেণ্টীনৰ নিয়ম উলংঘা কৰা বুলি ফ্ৰেঞ্চাইজীকেইটাৰ অভিযোগ৷ নাম উল্লেখ কৰাৰ পৰা বিৰত থকা ফ্ৰেঞ্চাইজী এটাৰ শীৰ্ষ বিষয়া এজনে জনোৱা মতে,  খেলুৱৈ আৰু ছাপ’ৰ্ট ষ্টাফক জৈৱ সুৰক্ষিত পৰিবেশত ৰখাৰ নামত তেওঁলোকে যথেষ্ট ধন ব্যয় কৰিবলগীয়া হৈছে৷ কিন্তু ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সীমিত অ’ভাৰৰ শৃংখলা সমাপ্তিৰ পাছত কুৰেন আৰু হেজেলউদে  কোৱাৰেণ্টীনৰ নিয়ম নমনাকৈ আবু ধাবিত উপস্থিত হৈছে৷ যদি তেওঁলোকে দেহত কৰ’না ভাইৰাছ কঢ়িয়াই লৈ ফুৰিছে, তেন্তে তেওঁলোকৰ পৰা ভাইৰাছ আনৰ দেহলৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে৷ কুৰেন আৰু হেজেলউদ সন্দৰ্ভত লগতে কোৱা হয় যে তেওঁলোকে ৩৬ ঘণ্টাৰ কোৱাৰেণ্টীনৰ সময় সম্পূৰ্ণ নকৰাকৈ খেলপথাৰত অৱতীৰ্ণ হৈছিল৷ নিয়ম অনুসৰি খেলৰ চাৰি ঘণ্টা পূৰ্বে ষ্টেডিয়ামত উপস্থিত হ’ব লাগে৷ দুয়োজনে এই নিয়নো উলংঘা কৰিছে৷ আই পি এলত ভাগ লোৱা দলবোৰৰ বিদেশী সদস্যই কোৱাৰেণ্টীনৰ সম্পূৰ্ণ নিয়ম মানি চলাৰ বিপৰীতে এটা দলৰ বিদেশী ক্ৰিকেটাৰৰ বাবে এই সময়সীমা ৩৬ ঘণ্টালৈ হ্ৰাস কৰা হৈছে৷  টুৰ্নামেণ্টখন আৰম্ভ হোৱাৰ আগৰ পৰাই চেন্নাই ছছুপাৰ কিংছৰ খেলুৱৈ-কৰ্মকৰ্তাসকলৰ কৰ’না সংক্ৰান্তীয় নিয়ম-নীতি মানি নচলাৰ মানসিকতা দেখা গৈছিল বুলিও অভিযোগ উঠিছে৷ উল্লেখ্য, উইনাইটেড আৰব এমীৰেটছত উপস্থিত হোৱাৰ পিছত চেন্নাই ছুপাৰ কিংছৰ ১৩ জন সদস্যৰ দেহত ধৰা পৰিছিল কৰ’না ভাইৰাছ৷