Logo
image

এই কেইটা নকৰিলে বন্ধ হ’ব ‘ৱাটছএপ’

আমাৰ অসম বিশেষঃ ‘ৱাটছএপ’ এতিয়া যেন দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে৷ বন্ধুৰ সৈতে মত-বিনিময়, অফিচৰ কাম-কাজ আদিকে ধৰি সকলোতেই আজি-কালি ‘ৱাটছএপ’ৰ ব্যৱহাৰ হয়৷ এক কথাত ক’বলৈ গ’লে দৈনন্দিন কাম-কাজৰ প্ৰতিটো মুহূৰ্ততেই এতিয়া প্ৰয়োজন ‘ৱাটছএপ’ নামৰ মেছেজিং এপটোৰ৷ কিন্তু হঠাৎ যদি আপোনাৰ স্মাৰ্ট ফোনটোৰ পৰা এই এপৰ সেৱা বন্ধ হৈ যায়, তেতিয়া কি কৰিব? আপুনি ব্যৱহাৰ কৰি থকা স্মাৰ্ট ফোনটোত কেইটামান বিশেষ ফিচাৰ নাথাকিলে চলিত বৰ্ষৰ শেষৰ পৰা ৱাটছএপে কাম নকৰিব৷ ‘ৱাটছএপ’ কতৃৰ্পক্ষই প্ৰকাশ কৰা মতে চলিত বছৰৰ শেষত এই মেছেঞ্জাৰ এপটো কেইটামান এনড্ৰইড আৰু আই ফোনত উপলব্ধ নহ’ব৷ যিবোৰ এনড্ৰইড ফোনৰ অপাৰেটিং ছীষ্টেম ৪.০৩ আৰু আই ফোনৰ আই অ’ এছৰ মান ৯তকৈ ক’ম, সেইবোৰ ফোনত ৱাটছএপে কাম নকৰিব৷ অৰ্থাৎ অপাৰেটিং ছীষ্টেম আৰু আই অ’ এছসমূহ আপডেট কৰিব লাগিব৷ উল্লেখ্য যে বেছি ভাগ ফোনৰ অপাৰেটিং ছীষ্টেম ওপৰত উল্লেখ কৰা মানতকৈ অধিক৷ কিন্তু বহুতেই তেওঁলোকৰ ফোনৰ অপাৰেটিং ছীষ্টেম আপডেট নকৰে বা কৰিবলৈ পাহৰি থাকে৷ ফলত তেওঁলোকৰ ফোনৰ অপাৰেটিং ছীষ্টেম বা আই অ’ এছ পুৰণিকলীয়া হৈ পৰে৷ এইক্ষেত্ৰত এইচ টি চি ডিজায়াৰ, এল জি অপটিমাছ, মট’ৰ’লা ড্ৰয়েড ৰেজাৰ, ছেমছাং গেলেক্সি-এছ টু আদিৰ বিষয়ে উল্লেখ কৰিব পাৰি৷ ইপিনে, আই ফোন ফ’ৰ এছ, আই ফোন ফাইভ, আই ফোন ফাইভ এছ, আই ফোন ছিক্স আৰু আই ফোন ছিক্স এছ ব্যৱহাৰ কৰাসকলে তেওঁলোকৰ ফোনসমূহৰ ছীষ্টেম আপডেট কৰাটো জৰুৰী৷ এতিয়া কথা হ’ল আপোনাৰ ফোনত ৱাটছএপে কাম কৰিব নে নকৰে সেয়া আপুনি কেনেকৈ নিশ্চিত হ’ব– এনড্ৰইড ফোন ব্যৱহাৰকাৰীসকলে প্ৰথমে ছেটিংছলৈ যাওক৷ তাত থকা এবাউট ফোন অপছনত ক্লিক কৰক৷ লগে লগে কেইটামান অপছন ওলাব৷ যদি আপডেট কৰিবলৈ আছে সেয়া তাত উল্লেখ হ’ব৷ আনহাতে, আই ফোন ব্যৱহাৰকাৰীসকলে ছেটিংছলৈ গৈ ইনফৰ্মেছন অপছন ক্লিক কৰক৷ তাত কিছুমান অপছন ওলাব, লগে লগে ফোনটো আপডেট কৰি লওক৷ এনে কৰিলে ফোনটোত আপুনি ৱাটছএপৰ সেৱা পুনৰ লাভ কৰিব৷