Logo
image

দুৰ্নীতিৰ লাইচেঞ্চ

কোনে দুৰ্নীতি কৰিব পাৰে? কাৰ দুৰ্নীতি কৰাৰ লাইচেঞ্চ আছে? যদিহে এটা নীতি আছে বা এটা বিধি আছে, আৰু সেই নীতি বা বিধি বলৱৎ কৰাৰো ব্যৱস্থা আছে৷ বলৱৎ কৰিব নোৱৰা নীতি আৰু বিধিও আছে, কিন্তু সেইবোৰ মানি চলা বা নচলাটো এজন ব্যক্তিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল৷ ঈৰ্ষা, বিদ্বেষ, অসূয়া, অহিত চিন্তা আদিক সুস্থ মানসিকতাৰ ফল বুলি ভবা নহয়৷ কিন্তু এজন ব্যক্তিৰ মনত পোষণ  কৰা ঈৰ্ষাৰ বাবে তেওঁৰ ওপৰত কোনো ব্যৱস্থা ল’ব নোৱাৰি, কাৰণ এনে নীতি, বিধি বা আইন নাই যাৰ সহায়ত মনত ঈৰ্ষা পোষণ কৰা এজন লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷  কিছুমান দুৰ্নীতিৰ বিষয়ে গল্প-কবিতা-উপন্যাস বা প্ৰবন্ধও লিখিব পাৰি, কিন্তু সেইবোৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে দেৱানী বা ফৌজদাৰী গোচৰ তৰিব নোৱাৰি৷ পুলিচ বা আদালতে তেনে দুৰ্নীতিৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে, কাৰণ সেইবোৰৰ বিৰুদ্ধে বলৱৎ কৰিব পৰা কোনো আইন প্ৰণয়ন হোৱা নাই, কোনো নীতি বা বিধি নাই, যাৰ আধাৰত সেইবোৰক দুৰ্নীতি বুলিব পাৰি৷ সেইবোৰ ব্যক্তিগত বা সামাজিক নৈতিকতাৰ দিশৰ পৰা আলোচনাৰ বিষয় হ’ব পাৰে,  কিন্তু ৰাষ্ট্ৰযন্ত্ৰ সেইবোৰৰ পৰা দূৰৈত অৱস্থান কৰে৷

খুশৱন্ত সিঙে ধেমালিৰ সুৰত পৃথিৱীত দুইধৰণৰ লোক থকা বুলি কৈছিল– প্ৰথমবিধ হ’ল দুৰ্নীতিগ্ৰস্ত বা দুৰ্নীতিপৰায়ণ আৰু দ্বিতীয়বিধ হ’ল যিসকলে দুৰ্নীতি কৰাৰ সুযোগ পোৱা নাই৷ অৰ্থাৎ তেওঁৰ মতে, সুযোগ-সুবিধা পালে  সকলোৱেই দুৰ্নীতিত লিপ্ত হয়৷ গতিকে দুৰ্নীতিৰ প্ৰথম, প্ৰধান আৰু অপৰিহাৰ্য চৰ্ত হ’ল দুৰ্নীতিত লিপ্ত হোৱাজন এনে এক অৱস্থানত বা পদত অধিষ্ঠিত হৈ থাকিব লাগিব যাৰ ফলত তেওঁ অলপ বা বহুত ক্ষমতাৰ অধিকাৰী হয় আৰু সেই ক্ষমতাৰ বলত তেওঁ প্ৰচলিত নীতি-বিধি-আইন ভংগ কৰি নিজৰ বাবে অধিক ধন-সম্পদ-ক্ষমতা আহৰণ  কৰে৷ এই দুৰ্নীতি ব্যক্তিগত বা সামাজিক নৈতিকতাৰ বিষয়  নহয়, এয়া হ’ল বেআইনী কাম আৰু তেনে কাম কৰাজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ ৰাষ্ট্ৰৰ ক্ষমতা আছে, প্ৰয়োজনীয় ব্যৱস্থাও আছে৷

সমস্যা হ’ল ব্যক্তিগত বা সামাজিক নৈতিকতাৰ দৃষ্টিত সংঘটিত দুৰ্নীতিসমূহ–  যিবোৰ সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মত পোষণ  কৰিব পাৰে আৰু যিবোৰ সন্দৰ্ভত ৰাষ্ট্ৰযন্ত্ৰ বলৱৎ কৰিব পৰা কোনো নীতি-বিধি-আইন নাই আৰু ৰাষ্ট্ৰযন্ত্ৰই দিয়া ক্ষমতাৰ অপৱ্যবহাৰ কৰি বিধি-নীতি-আইন ভংগ কৰি ব্যক্তিগত লাভৰ উদ্দেশ্যে কৰা দুৰ্নীতিসমূহক একাকাৰ কৰি এইবোৰকো ব্যক্তিগত আৰু সামাজিক নৈতিকতাৰ দৃষ্টিৰে বিশ্লেষণ কৰাৰ বাবে ৰাষ্ট্ৰৰ আইন ভংগ কৰি অপৰাধ  কৰাটোও এটা ব্যক্তিগত আৰু সামাজিক নৈতিকতাৰ বিষয় হৈ পৰে, আৰু নৈতিক ৰসেৰে সিক্ত বিৰক্তিকৰ উপদেশ বাণীৰে তেনে আলোচনাৰ সামৰণি পৰে আৰু দুৰ্নীতি কৰি অপৰাধ কৰি থকাসকলে নিৰ্বিঘ্নে নিজৰ পদৰ অপব্যৱহাৰ কৰি থাকে৷ এজন প্ৰেমিকক বা স্বামীক ৰাষ্ট্ৰই প্ৰেমিক বা স্বামীৰ পদত অধিষ্ঠিত নকৰে, বা প্ৰেমিক বা স্বামী হোৱাৰ বাবে তেওঁ ৰাষ্ট্ৰযন্ত্ৰৰ পৰা বিশেষ সুবিধাও নাপায়; গতিকে তেওঁ প্ৰেমিকা বা পত্নীক ‘ভাল নোপোৱা’ হ’লে সেয়া ব্যক্তিগত বা সামাজিক নৈতিকতাৰ দৃষ্টিৰে এটা আলোচনাৰ বিষয় হ’বও পাৰে, কিন্তু তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰই পদ বা ক্ষমতাৰ অপৱ্যহাৰ কৰাৰ অভিযোগ আনিব নোৱাৰে৷

পদ বা ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজৰ লাভৰ বাবে কৰা প্ৰতিটো দুৰ্নীতি হ’ল আইনৰ উলংঘা আৰু প্ৰতিটো দুৰ্নীতি হ’ল ৰাষ্ট্ৰযন্ত্ৰৰ ব্যৰ্থতা৷ এইটো ব্যক্তিগত বা সামাজিক নৈতিকতাৰ বিষয় নহয়৷ ৰাষ্ট্ৰযন্ত্ৰৰ যিকোনো পদত অধিষ্ঠিত হোৱাজন নীতিনিস্থ হ’বলৈ অৰ্থাৎ আইন মতে চলিবলৈ বাধ্য, সেয়া তেওঁৰ ব্যক্তিগত নৈতিকতাৰ বিষয় নহয়৷ তেওঁ আইন বা নীতি মতে নচলিলে অৰ্থাৎ দুৰ্নীতি কৰিলে তেওঁৰ বিৰুদ্ধে আইন ভংগ কৰি অপৰাধ কৰাৰ বাবে এজন অপৰাধীৰ দৰে বিচাৰ হ’ব লাগে৷ বাতৰিকাকতৰ নৈতিক ৰসেৰে সিক্তপ্ৰবন্ধই এনে দুৰ্নীতি বন্ধ কৰাত কোনো ভূমিকা ল’ব নোৱাৰে৷

দুৰ্নীতিক বা সঠিককৈ ক’বলৈ গ’লে পদ তথা ক্ষমতাৰ অপব্যৱহাৰ কৰি সংঘটিত কৰা অপৰাধসমূহক নৈতিকতাৰ দৃষ্টিৰে চোৱাৰ ফলত দুৰ্নীতিৰ বৰ্গীকৰণ হৈছে৷ লোক-নিৰ্মাণ বিভাগৰ কেৰাণীজন বা অভিযন্তাজন ঘোচখোৰ হ’ব পাৰে, কিন্তু স্কুলৰ শিক্ষকজন আৰু চৰকাৰী চিকিৎসালয়ৰ ডাক্তৰজন ঘোচখোৰ হ’ব নালাগে৷ পৰিবহণ বিভাগৰ বিষয়াই ‘এনফ’ৰ্চমেণ্ট’ৰ নামত দিনে-ৰাতিয়ে ডকাইতি কৰিব পাৰে, কিন্তু মহাবিদ্যালয়ৰ প্ৰবক্তাজন নৈতিকতাৰ জ্বলন্ত উদাহৰণ হ’ব লাগে৷ বিধায়ক, মন্ত্ৰী– তেওঁলোক ৰাজনীতিৰ মানুহ, গতিকে দুৰ্নীতি অলপ-অচৰপ কৰিবই, কিন্তু জিলাৰ উপায়ুক্তজন উচ্ছ নৈতিক আদৰ্শৰ দুৰ্নীতিবিৰোধী বিষয়া হ’ব লাগে৷ চাকৰিৰ মুকলি বজাৰ চলি থাকিলেও কোনো সাংবাদিকে ঘৈণীয়েক বা খুলশালীয়েকক সেই বজাৰৰ পৰা চাকৰি কিনি দিব নালাগে, কাৰণ অসম লোকসেৱা আয়োগ দুৰ্নীতিৰ বোকাত পোত গৈ থাকিলেও সাংবাদিকসকল উচ্ছ নৈতিক আদৰ্শৰ উদাহৰণ হৈ থাকিব লাগে৷ দুৰ্নীতিৰ এনে উদ্ভট নৈতিক আধাৰেৰে কৰা বৰ্গীকৰণেৰে দুৰ্নীতিক মান্যতা দিয়াৰ ফলত খুশৱন্ত সিঙৰ বৰ্গীকৰণ এতিয়া প্ৰায় সত্যত  পৰিণত হৈছে৷ সেইসকলেই দুৰ্নীতিত লিপ্ত হোৱা নাই যিসকলে এতিয়ালৈ তেনে কৰাৰ সুযোগ পোৱা নাই৷ সমাজৰ কিছুমান মানুহৰ ওপৰত ব্যক্তিগত তথা সামাজিক নৈতিকতা ৰক্ষাৰ মহান দায়িত্ব অৰ্পণ কৰি তেনে কৰাসকলক কামৰূপীয়া ভাষাত ‘আতালত তুলি ধঙা [ধোঁৱা] দিলে’ আৰু দুৰ্নীতিগ্ৰস্তসকলৰ দুৰ্নীতিক কেৱল এক ব্যক্তিগত তথা সামাজিক নৈতিকতাৰ বিষয় মাত্ৰ কৰি ৰাখিলে, ইতিমধ্যে গেলিবলৈ ধৰা সমাজখন উৱলি যাবলৈ বেছি পৰ নাই৷