Logo
image

নয়নতৰা ফুলত আছে বহু ঔষধি গুণ

আমাৰ অসম বিশেষঃ নয়নতৰা ফুল সকলোৰে পৰিচিত৷ পূজা বা মাংগলিক অনুষ্ঠানত নয়নতৰা ফুল আগবঢ়োৱা হয়৷ কিন্তু এইবিধ ফুল যে বহু ঔষধি গুণসম্পন্ন সেয়া বহুতেই নাজানে৷ নয়নতৰা ফুলে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰে৷ তদুপৰি নয়নতৰা ফুলৰ পাত বিভিন্ন ৰোগৰ দৰৱ হিচাপে ব্যৱহাৰ হয়৷

[১] মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ দুই গ্ৰাম ওজনৰ কেঁচা নয়নতৰা ফুল একাপ পানীত ওৰেনিশা তিয়াই ৰাখি পিছদিনা পুৱা সেই পানী উতলাই আধাকাপ কৰক৷ ইয়াৰ আধা খাওক৷ বাকীখিনি নিশা খাব৷ ইয়াৰ জৰিয়তে মধুমেহৰ পৰা নিৰাময় লাভ কৰিব৷

[২] মেধা বৃদ্ধি আৰু স্মৰণশক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত নয়নতৰা ফুল খুবেই উপকাৰী৷

[৩] পেলুত আক্ৰান্ত হোৱা শিশুক নয়নতৰা পাতৰ ৰস খুৱাব পাৰি৷ নয়নতৰা ফুলৰ শিপা আৰু পাত নিশা তিয়াই ৰাখি পুৱা উতলাই খুৱাব পাৰিলে শিশুৰ পেলুৰ সমস্যা আঁতৰ হয়৷

[৪] ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো নয়নতৰা ফুলে কাম কৰে৷

[৫] গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ নয়নতৰাৰ পাত, ফুল আৰু শিপাৰ ৰস উলিয়াই খালে উপকাৰ পোৱা যায়৷

[৬] অনিয়মিত ঋতুস্ৰাৱৰ ক্ষেত্ৰতো নয়নতৰা ফুলে প্ৰাকৃতিক দৰৱ হিচাপে কাম কৰে৷

[৭] কৰ্কট ৰোগৰ কোষ ধবংস কৰাৰ ক্ষেত্ৰতো নয়নতৰা ফুলে কাম কৰে৷