Logo
image

সাহসিকতাৰ পদক ঘূৰাই দিব আৰক্ষী বিষয়াই

আমাৰ অসম, ২০ ডিচেম্বৰঃ মণিপুৰৰ এগৰাকী মহিলা আৰক্ষী বিষয়াই সাহসিকতাৰ বাবে লাভ কৰা মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক ওভতাই দিয়াৰ সিদ্ধান্ত লৈছে৷ ড্ৰাগ্‌ছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা সাতজন লোকক ইম্ফলৰ বিশেষ আদালতে মুক্তি দিয়াৰ বাবেই পদক ওভতাই দিয়াৰ সিদ্ধান্ত লয় থাওনাওজাম বৃন্দা নামৰ বিষয়াগৰাকীয়ে৷ উল্লেখ্য যে অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াগৰাকীয়ে ২০১৮ চনত সাহসিকতাৰে অভিযান চলাই চাণ্ডেল স্বায়ত্ত শাসিত জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ লুখোছেই জৌসহ সাতজন লোকক ৪.৫৯৫ কিলোগ্ৰাম হেৰ’ইন আৰু ৭ কোটি টকাৰো অধিক মূল্যৰ নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰিছিল৷ বৃহস্পতিবাৰে এই লোক কেইজনক ইম্ফলৰ এখন বিশেষ আদালতে মুক্তি দিয়ে৷ যাৰ বাবে  থাওনাওজাম বৃন্দা নামৰ সাহসী মহিলা বিষয়াগৰাকীয়ে পদক ওভতাই দিয়াৰ সিদ্ধান্ত লৈছে৷