Logo
image

গাংগুলীৰ বিৰুদ্ধে পুনৰ স্বাৰ্থৰ সংঘাতৰ অভিযোগ!

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ কিংছ ইলেভেনৰ বিৰুদ্ধে দেওবাৰৰ আই পি এলৰ খেলখনৰ পূৰ্বে টছৰ সময়ত দিল্লী কেপিটেলছৰ অধিনায়ক শ্ৰেয়াস আয়াৰৰ এটা মন্তব্যই সৃষ্টি কৰিছিল বিতৰ্কৰ৷ আয়াৰে কৈছিল–‘এজন ভাল অধিয়ানক হ’বলৈ হ’লে প্ৰয়োজন ভাল টেম্পাৰমেণ্টৰ আৰু মোৰ সৌভাগ্য যে মই এই কৌশল আয়ত্ত কৰিছো ৰিকী পণ্টিং আৰু সৌৰভ গাংগুলীৰ পৰা৷ এজন ক্ৰিকেটাৰৰ কাষত যদি পণ্টিং আৰু গাংগুলীৰ দৰে ব্যক্তি থাকে, তেন্তে  কামটো বহুখিনি সহজ হৈ পৰে৷ অধিনায়ক হিচাপে অভিজ্ঞতা আহৰণ কৰাত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে৷’ আয়াৰৰ এই মন্তব্যৰ পাছত আই পি এলৰ ফ্ৰেঞ্চাইজীৰ লগতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিষয়ববীয়াৰ মাজতো গুণগুণনি আৰম্ভ হৈছিল–‘বি চি চি আইৰ সভাপতি গাংগুলী কেনেকৈ দিল্লী কেপিটেলছৰ মেণ্টৰ হ’ব পাৰে! পুনৰ গাংগুলীৰ বিৰুদ্ধে স্বাৰ্থৰ সংঘাতৰ অভিযোগ উত্থাপন হ’ব নেকি?’ উল্লেখ্য, যোৱা বছৰ গাংগুলী দিল্লী কেপিটেলছৰ মেণ্টৰ আছিল৷ কিন্তু ব’ৰ্ডৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত তেওঁ সেই দায়িত্ব এৰিছে৷ দৰাচলতে গাংগুলীৰ প্ৰসংগ উত্থাপন কৰোতে ভুল কৰিছিল শ্ৰেয়াস আয়াৰে আৰু পাছত তেওঁ ছ’ছিয়েল মিডিয়াযোগে মন্তব্য সলালগীয়া হৈছিল৷ পাছত তেওঁ কৈছিল–‘বিগত ছীজনত পণ্টিং আৰু দাদাৰ পৰা মই বহুখিনি শিকিছো আৰু তাৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ৷’