Logo
image

পকা চুলি প্ৰাকৃতিক উপায়েৰে ক’লা কৰাৰ উপায়

আমাৰ অসম বিশেষঃ সাধাৰণতে ৩০ বছৰ অতিক্ৰম কৰাৰ পাছতে পুৰুষ-মহিলাৰ চুলি পকিবলৈ আৰম্ভ কৰে৷ কিন্তু কম বয়সতে যদি চুলি পকা আৰম্ভ হয়, তেন্তে এই সমস্যাৰ পৰা হাত সাৰিবলৈ এক বিশেষ পানীয়ৰ সহায় ল’ব পাৰে৷ পানীয় সেৱনেৰে চুলি পকা বন্ধ কৰিব পাৰি৷ স্বাভাৱিকতে ই বিশ্বাসযোগ্য নহয়৷ কিন্তু এই পদ্ধতি প্ৰয়োগেৰে বহুলোক উপকৃত হৈছে৷ প্ৰশ্ন হয় এই পানীয় বিধ কি বা কেনে পদ্ধতিৰে ব্যৱহাৰ কৰিলে বগা চুলি ক’লা কৰিব পাৰি–

[১] পাঁচটা পাতিনেমু, পাঁচ কোহ নহৰু, একাপ মৌ, একাপ ফ্লেক্স চীডৰ তেল একেলগে মিহলাই লওক৷ নেমুৰ বাকলি আঁতৰাই নললেও কোনো কথা নাই৷

[২] মিশ্ৰণবিধ অকণমান ডাঠ হ’লে এটা কাচৰ পাত্ৰত ঢালি ৰাখক৷ আপোনাৰ ‘মিৰাক্‌ল ড্ৰিংক’ বা অলৌকিক পানীয়বিধ প্ৰস্তুত হৈ উঠিল৷

[৩] এই পানীয় প্ৰতিদিনে ৩/৪ বাৰকৈ খাওক৷ অৱশ্যে গধুৰ খাদ্য গ্ৰহণৰ পাছতহে এই পানীয় খাব৷ এনেদৰে তিনিমাহ এই পানীয় সেৱন কৰিলে আপোনাৰ বগা চুলি ক’লা হ’বলৈ ধৰিব৷