ব্ৰিটেইনত পুনৰ লকডাউন
আমাৰ অসম, ২০ ডিচেম্বৰঃ ব্ৰিটেইনত পুনৰ লকডাউন আৰোপ কৰা হৈছে। সম্প্ৰতি ক’ৰনা ভাইৰাছৰ নতুন প্ৰকাৰে ব্ৰিটেইনত বেয়া পৰিস্থিতি সৃষ্টি কৰাৰ বাবে এই নিৰ্দেশনা প্ৰদান কৰিছে ব্ৰিটেইন চৰকাৰে। বিমানৰ চলাচল বাতিল কৰা হৈছে। খ্ৰীষ্টমাছত ঘৰতে থকাৰ পৰামৰ্শ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনচনৰ।