Logo
image

পুনৰ বিমান উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা

আমাৰ অসম, ২১ ডিচেম্বৰঃ ব্ৰিটেইনৰ পৰা অহা সকলো বিমান নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে। ২২ ডিচেম্বৰৰ মাজনিশাৰ পৰা কাৰ্য্যকৰী হ’ব এই নিৰ্দেশনা। ইয়াৰ পূৰ্বে ভাৰতলৈ আহিব লগা প্ৰতিগৰাকী বিমান যাত্ৰীৰ বাবে আৰটি-পিচিআৰ পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। ব্ৰিটেইনত কৰনা ভাইৰাছৰ নতুন প্ৰকাৰৰ নিয়ন্ত্ৰণহীন হোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।