Logo
image

ব্ৰয়লাৰ মাংসৰ সাতটা মাৰাত্মক পাৰ্শ্চক্ৰিয়া

আমাৰ অসম বিশেষঃ মাংস আমাৰ সু-স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ শৰীৰত প্ৰয়োজনীয় পুষ্টি সৰবৰাহত মুৰ্গী মাংসৰ ভূমিকা অতান্ত গুৰুত্বপূৰ্ণ এই মাংসত প্ৰ’টিন কেলচিয়াম এমিন’ এচিড, ভিটামিন বি-৩ মেগনেচিয়াম আৰু অন্যান্য গুৰুত্বপূৰ্ণ পুষ্টিৰ সমৃদ্ধ উৎস৷ কিন্তু সকলোধৰণৰ মুৰ্গীৰ মাংস স্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ নহয়৷ বিশেষকৈ বয়লাৰ মূৰ্গীৰ মাংস মানুহৰ স্বাস্থ্যৰ বাবে অতান্ত বিপজ্জনক৷ বহুক্ষেত্ৰত ব্ৰয়লাৰ মূৰ্গীৰ মাংস খোৱাৰ সমান্তৰালকৈ ক্ষতিকাৰক ৰাসায়নিক, এণ্টিবায়’টিক খোৱা হয়৷ যিয়ে মাত্ৰ ৪০ দিনৰ ভিতৰত তাৰ দ্ৰুত বৃদ্ধিত সহায় কৰে৷ নিয়মিয়াকৈ বয়লাৰ মূৰ্গী খোৱা স্বাস্থ্যৰ উপৰি শৰীৰত বিভিন্ন বিপজ্জনক প্ৰভাৱ পেলাব পাৰে৷ ব্ৰয়লাৰ মূৰ্গীৰ পাশ্বৰ্ক্ৰিয়া শেহতীয়াভাৱে ধৰা পৰিছে৷ 

  • এক গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি [পলট্ৰি কনজাম্পচন এণ্ড প্ৰষ্টেট কেঞ্চৰ ৰিস্ক] উচ্ছ তাপ মাত্ৰাত ৰন্ধা ব্ৰয়লাৰ মূৰ্গী খোৱাৰ ফলত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে৷ বিশেষকৈ পুৰুষৰ প্ৰষ্টেট কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি৷ গতিকে উচ্ছ তাপমাত্ৰত বনোৱা ব্ৰয়লাৰ মূৰ্গী খোৱাৰ পৰা বিৰত থকা উচিত৷ 
  • বেছিভাগ প’ল্ট্ৰি ফাৰ্মত আৰু ব্ৰয়লাৰ মূৰ্গীত মাৰাত্মাক বেক্টেৰীয়া থাকে [তাজা মূৰ্গীৰ মাংসত স্পাইলেচ বেক্টেৰীয়া থাকে] তাজা আৰু স্বাস্থ্যকৰ মাংস নহ’লে সহজতেই উপলব্ধ ব্ৰয়লাৰ মূৰ্গীত থকা বেক্টেৰীয়াই অসুস্থতাৰ কাৰণ হ’ব পাৰে৷ 
  • গ্ৰীল্ড আৰু তণ্ডুৰী ব্ৰয়লাৰ স্বাস্থ্যৰ পক্ষে বিপজ্জনক৷ এইবোৰ ধুমপানতকৈ বিপজ্জনক হ’ব পাৰে৷ [ব্ৰয়লাৰৰ একোখন ভৰিৰ ৰোষ্ট চাৰিটা চিগাৰেটৰ সমান ক্ষতিকাৰক]৷ 
  • ব্ৰয়লাৰ মূৰ্গীত অস্বাস্থ্যকৰ ফেট থাকে৷ স্বাভাৱিকতে সেইবোৰ স্বাস্থ্যৰ পক্ষে ভাল নহয়৷ ব্ৰয়লাৰ মূৰ্গী নিয়মিতভাৱে খালে শকত, উচ্ছ ৰক্তচাপ আৰু হাৰ্টৰ সমস্যাত ভূগিব পাৰে৷ 
  • উৎপাদন আৰু ওজন বঢ়োৱাৰ বাবে ব্ৰয়লাৰত ক্ষতিকাৰক ৰাসায়নিক, এণ্টিবায়’টিক আৰু গ্ৰোথ হৰমন ‘ডি’ ইনজেকশ্যন দিয়া হয়৷ এই মাংস খোৱাৰ ফলত শকত, পুৰুষৰ প্ৰজননহীনতা, মহিলাৰ বয়ঃসন্ধিৰ সমস্যাৰ হ’ব পাৰে৷ 
  • ব্ৰয়লাৰ মূৰ্গীক এণ্টিবায়’টিক ঔষধ খুওৱা হয়৷ প্ৰচুৰ পৰিমাণে এণ্টিবায়’টিকৰ উপস্থিতিয়ে মানুহৰ শৰীৰৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে৷ এটা গৱেষণাত প্ৰকাশ পাইছে যে এসপ্তাহত তিনিবাৰ ব্ৰয়লাৰ মূৰ্গী খোৱাটো তিনিটা এণ্টিবায়’টিক ইনজেকশ্যন লোৱাৰ সমান৷ 
  • বৰ্তমান পুৰুষ বন্ধ্যাত্বৰ অন্যতম কাৰণসমূহৰ ভিতৰত আছে ব্ৰয়লাৰ মূৰ্গীৰ মাংস৷ গৱেষকসকলৰ দাবী– ব্ৰয়লাৰ মূৰ্গীত উপস্থিত ৰায়নিকসমূহে পুৰুষৰ শুক্ৰানু ধবংস কৰে আৰু সেইবোৰ অক্ষম কৰি তোলে৷