Logo
image

ইউৰিক এছিডৰ পৰা হাত সাৰিবলৈ এইখিনি কৰক

আমাৰ অসম বিশেষঃ এই কেইটা নিয়ম মানি চলিলে ইউৰিক এছিডৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে৷

  • তৈলজাত আহাৰ পৰিহাৰ কৰা উচিত৷ তদুপৰি ডাঙৰ মাছ, ৰেডমিট, গাখীৰ, বেকন, চেনি এৰাই চলা উচিত৷ ইউৰিক এছিডৰ সমস্যা হ’লে সামুদ্ৰিক মাছ খোৱা অনুচিত৷
  • ফেটযুক্ত খাদ্য পৰিহাৰ কৰা উচিত৷ তাৰ পৰিৱৰ্তে সতেজ ফল, শাক-পাচলি আদি খাদ্য তালিকাত সংযোজন কৰা উচিত৷ 
  • এছপিৰিন জাতীয় ঔষধ সেৱনৰ পৰা বিৰত থাকক৷
  • নিয়মীয়াকৈ ব্যায়াম কৰক৷ শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব লাগে৷ ৰক্তচাপ, কলেষ্টৰেল, হূদৰোগ থাকিলেও ইউৰিক এছিড বৃদ্ধি পোৱাৰ আশংকা থাকে৷ এনে ৰোগত আক্ৰান্ত লোকে প্ৰতিমুহূৰ্ততে স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ থকা উচিত৷
  • বজাৰত উপলব্ধ জুছ, পানীয় আদি খোৱা উচিত নহয়৷ 
  • চাহৰ পৰিৱৰ্তে কফি খোৱাৰ অভ্যাস কৰিব লাগে৷ প্ৰতিদিনে তিনিৰ পৰা চাৰি কাপ ব্লেক কফি খালে শৰীৰ ভালে থাকে৷ কিন্তু ইয়াৰ অত্যধিক কফি পানে কিডনীৰ যাতে ক্ষতি নকৰে তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত৷
  • খাদ্য তালিকাত ভিটামিন ‘চি’যুক্ত খাদ্য নিয়মীয়াকৈ ৰাখক৷  নিয়মীয়াকৈ নেমু, ‘চি’ ভিটামিনযুক্ত ফল খালে ইউৰিক এছিড নিয়ন্ত্ৰণত থাকে৷