Logo
image

ইতিহাস ন-কৈ লিখাৰ আহ্বান মোদীৰ

আমাৰ অসম, ২৬ নৱেম্বৰঃ ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ পংক্তি ‘শুনিছানে ল’ৰাহঁত লাচিতৰে কথা, মোগল বিজয়ী বীৰ ইতিহাসত আছে লিখা’ আৰু সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই গোৱা ‘মই লাচিতে কৈছোঁ, মোৰ সঘনাই নাম লোৱা লুইতপৰীয়া ডেকাদল’ শীৰ্ষক গীতৰ কলি আওৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তিনিদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে  অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য–  লাচিত বৰফুকনৰ সাহসিকতা আৰু নিৰ্ভীকতাই হৈছে অসমৰ পৰিচয়৷ অতীতৰ বুৰঞ্জীত সকলো কথা সামৰি লোৱা হোৱা নাই৷ ইতিহাসৰ কিছু কথা একপক্ষীয়৷ সেইসূত্ৰে ইতিহাস নতুনকৈ লিখাৰ বাবে আহ৩ান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে৷ লক্ষণীয়ভাৱে অসমীয়তে ভাষণ আৰম্ভ কৰা প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত দেশৰ ৰাজধানীত উপস্থিত হোৱা অসমৰ জনসাধাৰণক অভিবাদন জনাই কয়– ‘দেশৰ ৰাজধানীলৈ অহা আৰু ইয়াত সমবেত হোৱা আপোনালোক সকলোকে মই অভিবাদন আৰু সেৱা জনাইছোঁ৷’ মহাবীৰ লাচিত বৰফুকনৰ বিখ্যাত বাণী ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ আওৰাই প্ৰধানমন্ত্ৰী মোদীয়ে পৰিয়ালতন্ত্ৰৰ বিৰোধিতাৰে কাৰ্যতঃ কংগ্ৰেছক কটাক্ষ কৰে৷ প্ৰধানমন্ত্ৰীয়ে মহাবীৰজনকলৈ আজি কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ কয় যে, আমি পৰাক্ৰমী লাচিত বৰফুকনক তেওঁৰ ৪০০সংখ্যক জয়ন্তীত প্ৰণাম জনাইছোঁ৷ তেওঁ অসমৰ সংস্কৃতি সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ গৌৰৱোজ্জ্বল সময়তে ভাৰতে লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তী উদযাপনৰ সুযোগ লাভ কৰাটো এক অনন্য বিষয়৷ বীৰ লাচিতৰ কাৰ্যকলাপক অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় বুলি কয়৷ ভাৰতৰ চিৰন্তন সংস্কৃতি, চিৰন্তন বীৰত্ব আৰু চিৰন্তন অস্তিত্বৰ উৎসৱৰ এই মহান পৰম্পৰাক মই আদৰণি জনাইছোঁ৷ দাসত্ত্বৰ মানসিকতাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু ইয়াৰ ঐতিহ্যক লৈ আমি গৌৰৱবোধ কৰিব লাগিব৷ ভাৰতীয় সভ্যতাই কেৱল ইয়াৰ সাংস্কৃতিক বৈচিত্ৰ্য উদ্‌যাপন কৰাই নহয়, ইতিহাসৰ অখ্যাত নায়ক সকলকো স্বীকৃতি প্ৰদান কৰিছে৷ লাচিত বৰফুকনৰ দৰে মা ভাৰতীৰ অমৰ পুত্ৰসকল অমৃত কালৰ সংকল্প পূৰণৰ অনুপ্ৰেৰণাস্বৰূপ৷ লাচিত বৰফুকনৰ দৰে সাহসী ব্যক্তিয়ে ধৰ্মান্ধতা আৰু সন্ত্ৰাসবাদৰ শক্তিক যে ধবংস কৰিব পাৰি তথা জীৱনৰ অমৰ পোহৰ চিৰন্তন কৰি ৰাখিব পাৰি সেই কথা প্ৰমাণ কৰি থৈ গৈছে৷ অসমৰ ইতিহাস ভাৰতৰ সাংস্কৃতিক যাত্ৰাৰ মূল্যৱান ঐতিহ্যৰ অন্তৰ্গত৷ ই হৈছে চিন্তা আৰু আদৰ্শ, সমাজ আৰু সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাৰ এক সংমিশ্ৰণ৷ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বীৰসকলৰ সাহসিকতা অতুলনীয়৷ মানৱ জাতিৰ অস্তিত্বৰ ইতিহাস সহস্ৰ বছৰ পুৰণি৷ বিশ্বত অনেক সভ্যতা আছিল৷ যাৰ বহুতক অবিনেশ্বৰ-অপৰাজেয় বোধ হৈছিল৷ কিন্তু সময়ৰ গতিত সেই সভ্যতাবোৰে বাধ্য হৈছিল শিৰণত কৰিবলৈ৷ বিশ্বই আজি এনে সভ্যতাৰ অৱশিষ্টৰ আধাৰত ইতিহাসৰ মূল্যাংকন কৰে৷ কিন্তু ইতিহাসত অপ্ৰত্যাশিত প্ৰতিকুলতাৰ সন্মুখীন হোৱা আৰু বিদেশী আক্ৰমণকাৰীৰ অকল্পনীয় সন্ত্ৰাসৰ পৰা ৰক্ষা পোৱা ভাৰত এতিয়াও পূৰ্বৰ দৰে একে শক্তি আৰু চেতনাৰে অমৰ হৈ আছে৷ কাৰণ যেতিয়াই কোনো সংকটৰ উদ্ভৱ হৈছিল তেতিয়াই ইয়াৰ মোকাবিলা কৰিবলৈ লাচিত বৰফুকনৰ দৰে কেতবোৰ বিভূতিৰ আবিৰ্ভাব হৈছিল৷ ভাৰতৰ ইতিহাস যোদ্ধা-বিজয়ৰ৷ ভাৰত ইতিহাস হৈছে অভূতপূৰ্ব বীৰত্ব আৰু সাহসেৰে অত্যাচাৰৰ বিৰুদ্ধে থিয় দিয়াৰ পৰম্পৰা, গোলামীৰ নহয়৷ দেশৰ জনসাধাৰণে তুৰ্কী, আফগান আৰু মোগলসকলক বিভিন্ন সময়ত বিতাড়িত কৰিছিল৷ যদিও মোগলসকলে গুৱাহাটী দখল কৰিছিল তথাপিও লাচিত বৰফুকনৰ দৰে সাহসী সেনানীয়ে মোগল সাম্ৰাজ্যৰ অত্যাচাৰী শাসকৰ কৱলৰ পৰা স্বাধীনতা ওভতাই আনিছিল৷ শৰাইঘাটৰ যুদ্ধত বীৰ লাচিত বৰফুকনে দেখুওৱা বীৰত্ব কেৱল মাতৃভূমিৰ প্ৰতি অতুলনীয় প্ৰেমৰ উদাহৰণেই নহয়, প্ৰয়োজনত প্ৰতিজন নাগৰিকক মাতৃভূমি ৰক্ষা কৰিবলৈ সাজু কৰোৱাৰ ক্ষমতাও আছিল তেওঁৰ৷ দাসত্ত্বকালত ষড়যন্ত্ৰ হিচাপে প্ৰতিয়মান হোৱা ইতিহাসকেই দুৰ্ভাগ্যবশতঃ স্বাধীনতাৰ পাছতো আমাক শিকোৱা হৈছিল৷ অত্যাচাৰৰ প্ৰতিৰোধৰ কাহিনীবোৰ ইচ্ছাকৃতভাৱে গাপ দিয়া হৈছিল৷ দাসত্ত্বৰ সময়ছোৱাত অত্যাচাৰৰ বিৰুদ্ধে বিজয়ৰ অগণন পৰিঘটনা আছে৷ মূলসুঁতিত সেই পৰিঘটনাসমূহ সন্নিবিষ্ট নকৰাৰ ভুল এতিয়া সংশোধন কৰা হৈছে৷ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী দিল্লীত অনুষ্ঠিত হোৱাটোৱেই এই পৰিৱৰ্তনৰ প্ৰতিফলন হিচাপে চিহ্নিত হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰক অসমৰ বীৰ-নায়কসকলৰ ঐতিহ্য উদযাপনৰ বাবে গ্ৰহণ কৰা পদক্ষেপক উচ্ছ প্ৰশংসা কৰে৷ তেওঁ নায়কসকলক সন্মান জনোৱাৰ বাবে অসমত এটা সংগ্ৰহালয় আৰু স্মাৰক স্থাপনৰ বিষয়টো উল্লেখ কৰে৷ তেওঁ কয় যে, এনে পদক্ষেপে যুৱ প্ৰজন্মক ত্যাগ আৰু সাহসিকতাৰ ইতিহাস জানিবলৈ সহায় কৰিব৷ লাচিত বৰফুকনৰ আদৰ্শই আমাক ‘ৰাষ্ট্ৰ সৰ্বপ্ৰথম’ৰ মন্ত্ৰ অনুধাৱন কৰিবলৈ অনুপ্ৰাণিত কৰে৷ তেওঁৰ জীৱনে আমাক আত্মাৰ ঊৰ্ধলৈ যাবলৈ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্ছ অগ্ৰাধিকাৰ দিবলৈ অনুপ্ৰাণিত কৰে৷ তেওঁৰ জীৱনে আমাক শিকায় যে স্বজন-তোষণ আৰু বংশবাদৰ পৰিৱৰ্তে দেশখন সৰ্বোচ্ছ হ’ব লাগে৷ যেতিয়া এখন ৰাষ্ট্ৰই ইয়াৰ প্ৰকৃত অতীতৰ বিষয়ে অৱগত হয়, তেতিয়াহে সেই ৰাষ্ট্ৰখনে অভিজ্ঞতাৰ পৰা শিকিব পাৰে আৰু ইয়াৰ ভৱিষ্যতৰ বাবে সঠিক দিশ তৈয়াৰ কৰিব পাৰে৷ আমাৰ ইতিহাসৰ অনুভূতি কেইটামান দশক আৰু শতিকাতে সীমাবদ্ধ নহয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে ছত্ৰপতি শিৱাজীৰ আৰ্হিত লাচিত বৰফুকনৰ বিষয়ে এক নাট্য প্ৰকল্প গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক পৰামৰ্শ প্ৰদান কৰে৷ যাতে এই নাট্য প্ৰকল্পটো দেশৰ কোণে কোণে মঞ্চস্থ কৰিব পাৰি৷ তেওঁৰ মতে, এই পদক্ষেপে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ সংকল্পক যথেষ্ট উৎসাহিত কৰিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়— ‘আমি ভাৰতক উন্নত কৰিব লাগিব আৰু ভাৰতৰ বিকাশৰ কেন্দ্ৰবিন্দু হিচাপে উত্তৰ-পূবক গঢ় দিব লাগিব৷ মই নিশ্চিত যে, বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ উদ্দেশ্যই আমাৰ সংকল্পক শক্তি প্ৰদান কৰিব আৰু ৰাষ্ট্ৰই ইয়াৰ লক্ষ্যত উপনীত হ’ব৷’ প্ৰধানমন্ত্ৰীৰ ভাষণত লাচিত বৰফুকনৰ দেশপ্ৰেমৰ বিখ্যাত উক্তি ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ আৰু ৪০০ বছৰীয়া জয়ন্তী উপলক্ষ্যে প্ৰস্তুত কৰা থীম ছং ‘অসমৰ আকাশৰ ভোটাতৰা তুমি, সাহসৰ শকতিৰ পৰিভাষা তুমি...’ শীৰ্ষক গীতটোৱেও স্থান লাভ কৰে৷ ইফালে আজিৰ সামৰণি অনুষ্ঠানতে ‘লাচিত বৰফুকন’ নামৰ তথ্যচিত্ৰখনৰ কিয়দাংশ প্ৰদৰ্শন কৰাৰ লগতে ‘‘লাচিত বৰফুকন– আছামছ হিৰ’ হু হল্টেড দ্য মোগলছ’’ নামৰ গ্ৰন্থখন প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰে৷ উল্লেখ্য যে, অনুষ্ঠানৰ আৰম্ভণিতে আহোম জনগোষ্ঠীৰ পৰম্পৰাগত প্ৰাৰ্থনা ‘আই চেং লাও’ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্বাগত জনোৱা হয়৷ তদুপৰি, তেওঁক এখন মুগাৰ গামোচা, এৰি চাদৰ, লাচিতৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আৰু হেংদাঙেৰে সম্বৰ্ধনা জনাই ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে বিজ্ঞান ভৱন প্ৰাংগণত প্ৰদৰ্শিত অসমীয়া গাঁওখন পৰিদৰ্শন কৰে৷ বিজ্ঞান ভৱনৰ ভিতৰত স্থাপন কৰা ঐতিহাসিক প্ৰদৰ্শনীখন তন্ন তন্নকৈ চাই আপ্লুত হয় প্ৰধানমন্ত্ৰী মোদী৷ নতুন দিল্লীত অসম চৰকাৰৰ উদ্যোগত আয়োজিত তিনিদিনীয়া লাচিত জয়ন্তীৰ কাৰ্যসূচীৰ সফলতাৰে সমাপ্তি ঘটিছে৷ আজিৰ সামৰণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈ, তপন গগৈ উপস্থিত আছিল৷