Logo
image

ফেচবুক পেজৰ উচটনিমূলক পোষ্ট : ৰাহুল ছেত্ৰীক পংগু কৰিলে ৫০ হাজাৰ টকাৰ পুৰস্কাৰ

ডিজিটেল ডেস্ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক পংগু কৰিলে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে এটা ফেচবুক পেজে৷ ৰাহুল ছেত্ৰীৰ ফ'টো প্ৰকাশ কৰি বিশেষ জাননী জাৰি কৰিছে ফেচবুক পেজটোৱে৷ ৰাহুলৰ ফটো সন্নিবিষ্ট কৰি ফেচবুক পেজটোত ৰাহুলৰ হাত-ভৰি ভাঙিলে ৫০ হাজাৰ টকাৰে পুৰস্কৃত কৰা হ'ব বুলি উল্লেখ কৰা হৈছে৷ 'অসম চোৰাংচোৱা সংস্থা' নামৰ এটা ফেচবুক পেজৰ দ্বাৰা এই জাননী জাৰি কৰা হৈছে৷

'অসম চোৰাংচোৱা সংস্থা' নামৰ ফেচবুক পেজটোৱে এটা পোষ্টৰ জৰিয়তে লিখিছে:

জাননী-

এই যুৱকজনক হাত বা ভৰি এখন ভাঙি পংগু কৰিব পাৰিলে নগদ ৫০ হেজাৰ টকাৰে পুৰস্কৃত কৰা হব। (পংগু কৰি তাৰে ভিজুৱেল বা ফটো আমাৰ পেজৰ মেচেজ বক্সত পঠিয়াই  দিলে আমি অনলাইনযোগে ৫০ হেজাৰ টকা গোপনীয়ভাৱে প্ৰদান কৰিম। ভৱিষ্যতৰ বাবে যেন আৰু কোনো লোকে ৰেগিং কৰিব সাহস নকৰে তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে।)- এডমিন পেনেল


'অসম চোৰাংচোৱা সংস্থা' নামৰ পেজটোৰ দ্বাৰা জাৰি কৰা এই জাননীৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এগৰাকী অভিযুক্তক পংগু কৰিবলৈ উচটনি দিয়াৰ লগতে পুৰস্কৃত কৰাৰ কথাও মুকলিকৈ ঘোষণা কৰিছে ফেচবুক পেজটোৱে৷ আইন-আদালতৰ উৰ্ধত গৈ কেনেকৈ এটা ফেচবুক পেজে এজন অভিযুক্তক মুকলিকৈ শাস্তি বিহিবলৈ উচটনি দিব পাৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ এনে ফেচবুক পেজৰ দ্বাৰা সমাজত বিশৃংখল পৰিস্থিতি সৃষ্টি নহ'বলৈ আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভিন্নজনে৷ এনে পেজৰ দ্বাৰা উচটনিমূলক পোষ্ট দিয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আৰক্ষীয়ে৷