Logo
image

ৰবিশ কুমাৰৰ পদত্যাগৰ পাছতেই দিছপুৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এনডি টিভিৰ জ্যেষ্ঠ সম্পাদক

ডিজিটেল ডেস্ক : ৰবিশ কুমাৰৰ পদত্যাগৰ পাছতেই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎকাৰ গ্ৰহণৰ বাবে দিছপুৰত উপস্থিত হয় এনডিটিভিৰ জ্যেষ্ঠ সম্পাদক শ্ৰীনিবাস জৈন৷ সততে বিজেপি দল আৰু চৰকাৰবিৰোধী   স্থিতি গ্ৰহণ কৰি অহা সংবাদ প্ৰতিষ্ঠান এনডিটিভিৰ মালিকীস্বত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ গৌতম আদানিৰ হাতলৈ যোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থিত হয় এনডিটিভিৰ জ্যেষ্ঠসম্পাদকজন৷ প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ পৰা সংবাদ প্ৰতিষ্ঠানটোৰ মালিকীস্বত্ব আদানিৰ হাতলৈ যোৱাৰ পাছতে এনডিটিভিৰ পৰা পদত্যাগ কৰিছিল জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰ৷ উল্লেখ্য, যোৱা মঙলবাৰে এনডিটিভিৰ ২৯ শতাংশ শ্বেয়াৰ হস্তান্তৰ হয় আদানিৰ হাতলৈ৷ ইয়াৰ পাছতে বুধবাৰে সংস্থাটোৰ পৰা পদত্যাগ কৰে প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে৷ তেওঁলোকৰ পদত্যাগৰ পাছতে বিগত চ্ছ বছৰ ধৰি এনডিটিভিত কাম কৰা ৰবিশ কুমাৰো সংবাদ প্ৰতিষ্ঠানটোৰ পৰা পদত্যাগ কৰে৷ ইয়াৰ পাছতে তেওঁ নিজৰ ইউটিউব চেনেলত ভিডিঅ’ পোষ্ট কৰি কয়– ভাৰতৰ সাংবাদিকতাত কোনো দিনেই স্বৰ্ণযুগ নাছিল৷ কিন্তু বৰ্তমান সাংবাদিকতাৰ ভস্মযুগ আৰম্ভ হৈছে৷ ভাৰতত একাধিক নামত বহু চেনেল আছে৷ কিন্তু সকলোৱেই ‘গোদী মিডিয়া’৷ এনডিটিভিৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰিছিল ৰবিশ কুমাৰে৷ উল্লেখ্য, পৰোক্ষভাৱে ২৯.১৮ শতাংশ শ্বেয়াৰ আদানি নিয়ন্ত্ৰিত সংস্থালৈ হস্তান্তৰ হোৱাৰ পাছত এনডিটিভিৰ আৰু ২৬ শতাংশ শ্বেয়াৰ ৪৯৬ কোটি  টকাত ক্ৰয়ৰ প্ৰস্তাৱ দিয়ে আদানি গ্ৰুপে৷ সংবাদ প্ৰতিষ্ঠানটোৰ মালিকীস্বত্ব হস্তান্তৰ হোৱাৰ সময়তে এনডিটিভিৰ গ্ৰুপ এডিটৰ শ্ৰীনিবাসন জৈন গুৱাহাটীত উপস্থিত হৈ বৃহস্পতিবাৰে সন্ধিয়া জনতা ভৱনত হিন্দুত্ব গুজৰাটৰ নিৰ্বাচন,  লাভ জেহাদ, শ্ৰদ্ধা হত্যাকাণ্ড, অসমৰ লগতে দেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰে৷ এই সাক্ষাৎকাৰতো মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য হিচাপে লয়৷