Logo
image

ফ্ৰান্সৰ সন্মুখত আজি ‘ছাৰপ্ৰাইজ পেকেজ’ মৰক্কো

ডিজিটেল ডেস্ক, ১৪ ডিচেম্বৰ:  ফিফা বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত বুধবাৰে ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্স সন্মুখীন হ’ব মৰক্কোৰ৷ অপ্ৰত্যাশীতভাৱে কাতাৰ বিশ্বকাপৰ ছেমিফাইনেলত উপনীত হোৱাৰ পাছত মৰক্কোৰ আত্মবিশ্বাস এতিয়া তুংগত৷ আফ্ৰিকাৰ প্ৰথমটো দল হিচাপে বিশ্বকাপ জয়ৰ স্বপ্নই ইতিমধ্যে আমনি কৰিছে মৰক্কোক৷ বুধবাৰে নিশ্চয় ফৰাচী শক্তিৰ বিৰুদ্ধে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন উজাৰি দিয়াৰ প্ৰয়াস চলাব দলটোৱে৷ আনহাতে মৰক্কোৰ স্বপ্নভংগ কৰি ফাইনেলত স্থান নিশ্চিত কৰাৰ প্ৰয়াস চলাব ফ্ৰান্সে৷ বুধবাৰৰ ছেমিফাইনেলখন যে চৰম উত্তেজনাপূৰ্ণ হ’ব সেই বিষয়ে ইতিমধ্যে সম্ভাৱনা প্ৰকাশ  কৰিছে বিশ্বৰ ফুটবল প্ৰেমীয়ে৷ ক্ৰীড়াপ্ৰেমীৰ আলোচনাত বিশেষভাৱে স্থান লাভ কৰিছে ফ্ৰান্স আৰু মৰক্কোৰ মাজৰ ছেমিফাইনেলে৷ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে পৰাস্ত কৰিছিল ইংলেণ্ডক৷ ৬০ বছৰত  বিশ্বকাপৰ খিতাপ অক্ষত ৰখা প্ৰথমটো দল হিচাপে পৰিগণিত হ’ব বিচাৰে ফ্ৰান্স৷ কিন্তু ইয়াৰ বাবে প্ৰথমে চলিত বিশ্বকাপৰ ‘ছাৰপ্ৰাইজ পেকেজ’ মৰক্কোৰ বাধা অতিক্ৰম কৰিব লাগিব দলটোৱে৷ প্ৰথমটো আফ্ৰিকান দল হিচাপে বিশ্বকাপত ইমান দূৰ আগুৱাই আহিছে মৰক্কো৷ ‘আটলাছ লায়ন্স’ অধিক দূৰ আগুৱাব বিচাৰে৷ ছেমিফাইনেলত উপনীত হোৱাৰ পিছত মৰক্কোক লৈ আশাবাদী দেশবাসী৷ দেশখনৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আজিজ বৌডাৰবালাই কয়–‘এতিয়াও পথ শেষ হোৱা নাই৷ আমাৰ লক্ষ্য ফাইনেল৷ আমি এক ঐতিহাসিক ক্ষণত আছো৷ আমি বিশ্বৰ চাৰিটা শ্ৰেষ্ঠ দলৰ মাজত৷ এয়া চমৎকাৰ৷’ উল্লেখ ফ্ৰান্সত  মৰক্কোৰ মূলৰ বহু লোক আছে৷ মৰক্কোৰ প্ৰশিক্ষক ৱালিড ৰেগ্ৰাগুইৰ জন্ম পেৰিছৰ কাষৰ এক স্থানত৷ তেওঁ নিজৰ ফুটবল কেৰিয়াৰৰ অধিক সময়পাৰ কৰিছিল ফ্ৰেন্স লীগত খেলি৷ প্ৰশিক্ষকজনৰ মতে বুধবাৰৰ ছেমিফাইনেলত মৰক্কোৱেই ফেৱৰিট৷ ৱালিডে কয়–‘চলিত বিশ্বকাপত আমাৰ দলৰ বিষয়ে মানুহৰ মনোভাৱ ইতিবাচক৷ প্ৰতিভা, মান আৰু ধনৰ প্ৰাৰ্চুযতা কম থাকিলেও কেনেদৰে সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰি সেয়া আমি দেখুৱাইছো৷’ উল্লেখ্য মৰক্কোৰ প্ৰাৰ্চুযতাৰ অভাৱৰ বিপৰীতে ফ্ৰান্স দলত সমাহাৰ ঘটিছে প্ৰতিভা আৰু অভিজ্ঞতাৰ৷ কীলিয়ান এমবাপে, অলিভিয়েৰ জিহু আদিৰ দৰে অনেক বিশ্ব বিখ্যাত খেলুৱৈৰ সমাহাৰ ঘটিছে ফ্ৰান্স দলত৷ কিন্তু তথাপিও মৰক্কোক সমীহ কৰিবলৈ বাধ্য হৈছে ফৰাচী শক্তি৷ আক্ৰমণাত্মক ফুটবলেৰে মৰক্কোৱে বিশ্বকাপৰ পৰা বিদায় দিছে প্ৰাক্তন বিশ্ব চেম্পিয়ন স্পেইনক৷ পৰ্তুগালক পৰাস্ত কৰি চকুলো নিগৰাই বিশ্বকাপৰ পৰা বিদায় ল’বলৈ বাধ্য কৰিছে ছুপাৰষ্টাৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক৷ এনেবোৰ দিশলৈ লক্ষ্য কৰিলে কাতাৰৰ বিশ্বকাপৰ মঞ্চত বুধবাৰে নিশা এখন ৰোমাঞ্চকৰ ছেমিফাইনেল উপভোগৰ বাবে অপেক্ষা কৰিব পাৰে বিশ্বৰ ক্ৰীড়াপ্ৰেমীয়ে৷