Logo
image

কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ পৰিব পাৰে ঈশান্ত, ৰাহানে

ডিজিটেল ডেস্ক, ১৪ ডিচেম্বৰ: বি চি চি আইৰ কেন্দ্ৰীয় চুক্তিৰ পৰা এইবাৰ বাদ পৰিব পাৰে কেইবাজনো জ্যেষ্ঠ খেলুৱৈ৷ তেওঁলোকৰ ভিতৰত নাম উচ্ছাৰিত হৈছে অজিংক্য ৰাহানে, ঈশান্ত শৰ্মা আৰু ঋধিমান সাহাৰ৷ কেন্দ্ৰীয় চুক্তিত উত্তৰণ ঘটাৰ সম্ভাৱনা আছে শুভমন গীল, সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াৰ৷ গ্ৰুপ ‘চি’ৰ পৰা ‘বি’লৈ উত্তৰণ ঘটিব পাৰে তেওঁলোকৰ৷ ২১ ডিচেম্বৰত ভিডিঅ’ কনফাৰেন্স যোগে ব’ৰ্ডৰ এপেক্স কাউন্সিলৰ বৈঠক অনুষ্ঠিত হ’ব৷ তাতেই কেন্দ্ৰীয় চুক্তিৰ নতুন তালিকা চূড়ান্ত হোৱাৰ কথা৷ ইয়াৰ লগতে বৈঠকত আলোচনা হ’ব আন ১১ টা বিষয়৷ এপেক্স কাউন্সিলৰ বৈঠকত ভি জয়দেৱনক বিশেষভাৱে সন্মানিত কৰা হ’ব পাৰে৷ ঘৰুৱা ক্ৰিকেটত বৰষুণ হ’লে যোৱা এক দশকৰো অধিক সময় জয়দেৱনৰ ফৰ্মূলা ব্যৱহাৰ কৰা হৈছে৷ আই চি চি চিৰ ডাকৱৰ্ছ-লিৱিছ প্ৰক্ৰিয়াৰ [ডি এল এছ] দৰেই জনপ্ৰিয় ‘ভিজেডি’ নিয়ম৷ ব’ৰ্ডৰ ‘এ+’ বিভাগত থকা ক্ৰিকেটাৰে লাভ কৰে সাত কোটিকৈ টকা৷ ইয়াৰ বাহিৰে ‘এ’, ‘বি’ আৰু ‘চি’ গ্ৰুপৰ ক্ৰিকেটাৰে লাভ কৰে ক্ৰমে ৫, ৩ আৰু এক কোটি টকা৷ নিৰ্বাচকৰ সৈতে আলোচনা কৰি বিভিন্ন কথা মনত ৰাখি এই তালিকা প্ৰস্তুত কৰা হয়৷ ব’ৰ্ডৰ এজন কৰ্মকৰ্তাই কয়–‘সূৰ্যকুমাৰ যাদৱ গ্ৰুপ চিত আছিল৷ কিন্তু যোৱা এবছৰ প্ৰদৰ্শনলৈ লক্ষ্য কৰি তেওঁক বি গ্ৰুপলৈ উত্তৰণৰ সিদ্ধান্ত লোৱা হৈছে৷ তেওঁ বিশ্বৰ শ্ৰেষ্ঠ টি-টুৱেণ্টী অলৰাউণ্ডাৰ আৰু এদিনীয়া দলতো নিশ্চিতভাৱে ভাল স্থান পোৱাৰ দাবীদাৰ৷’ কেন্দ্ৰীয় চুক্তিত ঈশান কিষাণৰ নাম অন্তৰ্ভুক্ত হোৱাৰো সম্ভাৱনা আছে৷