Logo
image

আমি উভতি আহিম! এমবাপে

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ: মহান অথচ ৰক্তক্ষয়ী ফৰাছী বিপ্লৱৰ আনুষ্ঠানিক পৰিসমাপ্তি ঘটাই ফ্ৰান্সৰ আকাশত ১৭৯৯ চনৰ শীতত উদিত হৈছিল নেপোলিয়ন বোনাপাৰ্ট নামৰ নতুন সূৰ্যৰ৷ পৰৱৰ্তী কুৰি বছৰত তেওঁ অৰ্ধেক বিশ্বৰ অধীশ্বৰ হৈছিল আৰু যুদ্ধৰ সাফল্যতকৈয়ো অতিমানৱীয় সাংগঠনিক দক্ষতা, প্ৰশাসনীয় বিধি প্ৰস্তুত, বিস্তৰ আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে সমগ্ৰ বিশ্বক উজ্বলাই তুলিছিল৷ সেই ঘটনাৰ ২২৩ বছৰ অতিক্ৰম কৰাৰ পাছত তেনে এক শীততে মধ্যপ্ৰাচ্যৰ মৰুৰ দেশ কাতাৰত উদিত হ’ল আন এক তৰুণ ফৰাছী সূৰ্যৰ৷ ৰক্তপাতহীন এই এমাহজোৰা যুদ্ধৰ অন্তত সেই একেই অতিমানৱীয় দক্ষতা, অবিশ্বাস্য প্ৰতিভা আৰু দুৰ্দান্ত শক্তিৰে ফৰাছী তৰুণজনে সমগ্ৰ বিশ্বক জনাই দিলে নেপোলিয়নৰ দৰেই তেৱোঁ পৰৱৰ্তী কুৰি বছৰ সমগ্ৰ বিশ্ব শাসন কৰিব৷ কাতাৰত মাজনিশাৰ আকাশ পোহৰাই উদিত হোৱা এই তৰুণ ফৰাছী সূৰ্যৰ নাম কিলিয়ান এমবাপে৷ হাতত কামান, গোলা নহয়, দুভৰিৰ শক্তিৰে কামানৰ গোলাতকৈয়ো অধিক বল আৰু তাতোধিক গতিৰে বীৰত্ব প্ৰকাশ কৰা এই ফৰাছী তৰুণ কিলিয়ান এমবাপে ফুটবল যোদ্ধা৷ দেওবাৰে নিশা কাতাৰত আন এক প্ৰবীণ সম্ৰাটৰ বিৰুদ্ধে কৰা তৰুণ ফৰাছীৰ অকল্পনীয়  যুদ্ধৰ অন্তত সমগ্ৰ বিশ্বই নিশ্চিত ভৱিষ্যতৰ ফুটবল বিশ্বৰ নতুন শাসক আৰু আন কোনো নহয়, হ’ব কিলিয়ান এমবাপে৷

বিশ্ব ফুটবলৰ নতুন সম্ৰাট লিঅ’নেল মেছিৰ সৈতে সমানে সমানে যুঁজিও নিজ দলক চেম্পিয়ন কৰাত ব্যৰ্থ হোৱা বিশ্ব ফুটবলৰ সেই নতুন ৰাজকুমাৰে অসম যুদ্ধখন সমাপ্ত হোৱাৰ ২৪ ঘণ্টাৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলি তিনিটা শব্দৰে ঘোষণা কৰিছে তেওঁৰ পৰিকল্পনা– আমি উভতি আহিম৷ কাতাৰত দেওবাৰে নিশা অতুলনীয় প্ৰদৰ্শনেৰে স্বয়ং লিঅ’নেল মেছিক ব্যক্তিগত যুদ্ধত পৰাস্ত কৰা এমবাপেই প্ৰত্যাশিতভাৱেই যোৱানিশা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল৷ বিশ্বকাপৰ ফাইনেলত ১৯৬৬ চনৰ পাছত প্ৰথমজন ফুটবলাৰ হিচাপে হেটট্ৰিক কৰি ইতিহাস সৃষ্টি কৰা এমবাপেই সোমবাৰে যোৱানিশাৰ ফাইনেলৰ পৰাজয়ক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলেও তেওঁৰ প্ৰতিক্ৰিয়া তিনিটা শব্দতে সীমিত থাকিল৷ বিগতবাৰৰ বিশ্বকাপ ১৯ বছৰ বয়সতে হাতত তুলি লোৱাৰ সৌভাগ্য হোৱা এমবাপেই এইবাৰৰ বিশ্বকাপত নিজে ৮টা গ’ল স্ক’ৰ কৰিলেও দেশক বিশ্বকাপ অৰ্পণ কৰিব নোৱাৰিলে৷ সেই আক্ষেপ লুকুৱাব নোৱাৰিয়েই এমবাপেই তিনিটা শব্দৰ প্ৰতিক্ৰিয়াৰে বুজাই দিছে, বিশ্বকাপ হাতত তুলি ল’বলৈ প্ৰতিযোগিতাৰ আসৰলৈ তেওঁ পুনৰ আহিব৷ অবিশ্বাস্য ব্যক্তিগত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি তেওঁ দেওবাৰে আৰ্জেণ্টিনাৰ পৰা বিশ্বকাপ প্ৰায় কাঢ়িয়েই নিছিল৷ মুঠ ১২টা গ’লেৰে বিশ্বকাপত পেলেৰ গ’লৰ সৈতে সমতা স্থাপন কৰা এমবাপেই পূৰ্বৰ ৬খন মেচৰ দৰে সতীৰ্থৰ পৰা সহযোগিতা পোৱা হ’লে মেছিৰ দৰে নিজ দেশকো তৃতীয়বাৰৰ বাবে বিশ্বকাপ চেম্পিয়ন কৰিলেহেঁতেন৷ ২০১৮ ৰ বিশ্বকাপত ৪টা গ’ল স্ক’ৰ কৰা এমবাপেই আৰু এখন বিশ্বকাপ খেলিয়েই প্ৰতিযোগিতাখনৰ ইতিহাসৰ সৰ্বোচ্ছ গ’ল স্ক’ৰাৰ জাৰ্মানীৰ মিৰোশ্লাভ ক্ল’জাক নিৰ্বিঘ্নে অতিক্ৰম কৰিব পাৰিব৷ ক্ল’জাৰ গ’লৰ সংখ্যা ১৬৷ অৱশ্যে তাৰ পূৰ্বে এমবাপেই মেছি তথা জাঁ ফঁতে [দুয়োৰে ১৩টাকৈ], জাৰ্মানীৰ গাৰ্ড মুলাৰ [১৪টা], ব্ৰাজিলৰ ৰ’নাল্ডোক [১৫টা] অতিক্ৰম কৰিব লাগিব৷ এতিয়া ২৩ বছৰীয়া এমবাপে পৰৱৰ্তী বিশ্বকাপত পূৰ্ণাংগ যুৱক হ’ব৷ যদিহে নিজৰ ফৰ্ম, ছন্দ আৰু শাৰীৰিক সক্ষমতা অটুত থাকে তেন্তে এমবাপেই অন্ততঃ দুটা বিশ্বকাপ শাসন কৰিব৷ তেতিয়ালৈ তেওঁ ক’ত থমকি ৰয়গৈ সেয়া ভৱিষ্যতেহে ক’ব৷