Logo
image

মই ৰঞ্জিত দাস, নিজৰ ষ্টাইলত কাম কৰোঁ...

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ:  দীৰ্ঘদিন ধৰি কাৰ্যালয়তে পৰি থকা দিব্যাংগসকলৰ পৰিচয়ৰ প্ৰমাণ-পত্ৰসমূহ সময়মতে বজালী আৰু বৰপেটা সমাজ কল্যাণ বিভাগে বিতৰণ নকৰাত সোমবাৰে খঙত জাঙুৰ খাই উঠে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস৷ বৰপেটা  আৰু বজালী জিলাৰ সমাজ কল্যাণ বিভাগৰ বিষয়াসকলক কি যুক্তিত এইবোৰ বিতৰণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে৷ উল্লেখ্য যে সোমবাৰে কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ পৃষ্ঠপোষকতাত আৰু বজালী উন্নয়ন খণ্ড, বৰপেটা জিলা স্বাস্থ্য বিভাগ, বজালী সমাজ কল্যাণ বিভাগৰ উদ্যোগত বজালীৰ দিব্যাংগ ব্যক্তিসকলক প্ৰমাণ-পত্ৰ প্ৰদান আৰু বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয়৷ বজালী উন্নয়ন খণ্ড চৌহদত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাষণ প্ৰসংগত কয় সমাজৰ দিব্যাংগ ব্যক্তিসকলে যাতে তেওঁলোকৰ মনৰ আশাৰে কিবা এটা কৰিব পাৰে তাৰ বাবে আমি এই পদক্ষেপ গ্ৰহণ কৰিছো৷  চৰকাৰী কাৰ্যালয়ত প্ৰমাণ-পত্ৰৰ বাবে ঘূৰি ঘূৰি হতাশ হোৱা দিব্যাংগ লোকক এনেদৰে প্ৰমাণ-পত্ৰসমূহ বিতৰণ নকৰাত সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি মন্ত্ৰীজনে সভাতে কয়– মই ৰণজিৎ দাস হয়, নেক্সট টাইম এনেকুৱা নকৰিব৷  মই নিজৰ ষ্টাইলত কাম কৰো৷ বিষয়াসকলে প্ৰদৰ্শন কৰা কোনো যুক্তিৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিলে মন্ত্ৰীজনে৷ আনহাতে মন্ত্ৰীজনৰ কঢ়া নিৰ্দেশৰ পাছত উপস্থিত দিব্যাংগ তথা ৰাইজে হাত চাপৰিৰে তেওঁৰ মন্তব্যক সমৰ্থন জনায়৷ আজিৰ অনুষ্ঠানৰ জৰিয়তে স্বাস্থ্য বিভাগৰ দ্বাৰা ভাৰত চৰকাৰে প্ৰদান কৰা বিশেষ চিকিৎসা কাৰ্ডৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰি সকাহ প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ স্বাস্থ্যও পৰীক্ষা কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে দিব্যাংগ ব্যক্তিসকলৰ বাবে ঘোষণা কৰা সুবিধা আৰু আঁচনিসমূহ ৰূপায়ণ কৰাৰ স্বাৰ্থতে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰা বুলি মন্তব্য কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে এই অনুষ্ঠানত যদি কোনোবা দিব্যাংগ ব্যক্তি উপস্থিত থাকিব পৰা নাই আগন্তুক সময়ত পুনৰ এনেধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব৷ আনহাতে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ সহযোগত ভৱানীপুৰ সমষ্টিতো এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি অৱগত কৰি স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰদান কৰা প্ৰমাণ পত্ৰৰ জৰিয়তে চিকিৎসাৰ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই বিনামূলীয়া স্বাস্থ্য শিবিৰটোৱে প্ৰায় ৫০০ গৰাকী বিশেষভাৱে সক্ষম লোকক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীজনে৷ অনুষ্ঠানত বজালী জিলা উন্নয়ন আয়ুক্ত মানস দাস, খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱা, জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত শালৈকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে৷