Logo
image

টি-২০ শৃংখলাত ভাৰতীয় দলক নেতৃত্ব দিব পাৰে হাৰ্দিকে

ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰ: শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া আসন্ন টি-টুৱেণ্টী শৃংখলাত ভাৰতীয় দলক নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই৷ শৃংখলাটো ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব মুম্বাইত৷ শৃংখলাৰ দ্বিতীয় আৰু তৃতীয় মেচ অনুষ্ঠিত হ’ব পুনে (৫ জানুৱাৰী) আৰু ৰাজকোটত (৭ জানুৱাৰী)৷ বি চি চি আইৰ এক সূত্ৰই প্ৰকাশ কৰা মতে বুঢ়া আঙুলিৰ আঘাতৰ পৰা সুস্থ হৈ উঠাৰ বাবে ৰোহিতক অধিক সময়ৰ প্ৰয়োজন হ’ব পাৰে৷ ৰোহিতে টি-টুৱেণ্টী দলৰ নেতৃত্ব এৰিব নেকি সেয়াও স্পষ্ট নহয়৷ কিন্তু  অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-টুৱেণ্টী বিশ্বকাপৰ ছেমিফাইনেলৰ পৰাই ভাৰতৰ বিদায়ৰ পিছত দলত কিছু সালসলনিৰ সম্ভাৱনা দেখা গৈছে৷ নতুন নিৰ্বাচক কমিটীয়ে এতিয়াও সেই বিষয়ে অৱশ্যে একো ঘোষণা কৰা নাই৷ নেতৃত্ব সলনিৰ বিষয়টো বিভিন্ন স্তৰত চৰ্চিত হৈ আছে যদিও এই প্ৰসংগ এপেক্স কাউন্সিলৰ বৈঠকত আলোচনা হোৱা নাই৷ বি চি চি আইৰ এজন কৰ্মকৰ্তাই কয়–‘নেতৃত্ব সলনিৰ বিষয়টো এপেক্স কাউন্সিলৰ এজেণ্ডাত নাছিল৷ মঞ্চত এই বিষয়টো আলোচনাও হোৱা নাই৷ নিৰ্বাচক কমিটীয়েহে এই বিষয়ত সিদ্ধান্ত ল’ব৷’ কিন্তু ভাৰতীয় টি-টুৱেণ্টী দলৰ গাঁঠনিত সংশোধন ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে৷ গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক নেতৃত্ব দিয়া হ’ব পাৰে বুলি চৰ্চিত হৈ আছে৷ উল্লেখ্য পৰৱৰ্তী টি-টুৱেণ্টী বিশ্বকাপ অনুষ্ঠিত হ’ব ২০২৪ চনত৷ সেই বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ পৰিকল্পনাত নাই ৰোহিত৷ সেয়ে তেওঁ টি-টুৱেণ্টী আন্তঃষ্ট্ৰীয়ৰ পৰা আঁতৰি থাকিব পাৰে বা ফৰ্মেটটোৰ পৰা অৱসৰ ল’ব পাৰে৷