Logo
image

জুবিনৰ মূৰ্তি, মাল্যাৰ্পণ আৰু শিলগুটি...

আমাৰ অসম, ৪ জানুৱাৰী:  ডিগবৈৰ ডিব্ৰু নৈৰ পাৰত ১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা নাজিৰাটিং তামুলী পৰ্যটন উৎসৱৰ ২ জানুৱাৰী দিনাও লোকে লোকাৰণ্য হৈ পৰে৷ এফালে বনভোজৰ দলৰ আনন্দ-উল্লাস আৰু আনফালে ডিব্ৰু সমণ্ৱয় মঞ্চত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-নৃত্যৰ সমাহাৰ৷ প্ৰকৃতিৰ মনোমোহা পৰিৱেশ উপভোগ কৰিবলৈও অজস্ৰ লোকৰ ভিৰ৷ তাৰ মাজতে আকৌ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ উপস্থিতিয়ে উপস্থিত ৰাইজক আৰু অধিক উৎসাহিত কৰি তুলিলে৷ ৰাইজৰ বিপুল উল্লাস, হৰ্ষধবনিৰ মাজেদি ডিব্ৰু নৈৰ পাৰত নিৰ্মাণ কৰা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো উদ্বোধন কৰে জুবিন গাৰ্গে নিজেই৷ ভাস্কৰ্যশিল্পী দিগন্ত মাধৱ গোস্বামীয়ে নিৰ্মাণ কৰিছে জুবিন গাৰ্গৰ ২০ ফুট উচ্ছতাৰ প্ৰতিমূৰ্তিটো৷ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠান  আঁতধৰি আয়োজক সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক সুৰেণ ফুকনে কয়– দেশৰ ভিতৰতে অন্যতম জনপ্ৰিয়, অসমৰ প্ৰতিজন লোকৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি জীৱিত কালত মৰম-সন্মান দিবলৈ প্ৰয়াস কৰিছোঁ৷ তাৰ বাবে ডিব্ৰু নৈ পাৰৰ মনোৰম পৰিৱেশত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ল৷ এই প্ৰতিমূৰ্তিস্থলীতে জুবিন গাৰ্গৰ জন্মদিনটো উদযাপন কৰা হ’ব বুলি বিধায়ক সুৰেন ফুকনে জানিবলৈ দিয়ে৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে৷ সন্ধিয়া সংগীতানুষ্ঠানত ভালেকেইটা গীত পৰিৱেশন কৰে জুবিন গাৰ্গে৷ গীত পৰিৱেশন কৰি থকাৰ মাজতে জুবিন গাৰ্গে সংগীতপ্ৰিয় ৰাইজৰ উদ্দেশ্যি কয়– কোনোৱাই মঞ্চলৈ শিল দলিয়াইছে বুলি শুনিছোঁ৷ তেনে কৰিলে কথা বেয়া হ’ব৷গুৱাহাটীলৈ  উঠাই লৈ যাম৷ এইদৰেই জুবিনৰ মূৰ্তি, মাল্যাৰ্পণ আৰু শিলগুটিকে ধৰি বিভিন্ন প্ৰসংগই গোটেই অনুষ্ঠানটোক এটা বেলেগ মাত্ৰা দিয়ে৷ হাড় কঁপোৱা জাৰকো নেওচি হিলদ’ল ভাঙি বহু নিশালৈ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত ভাগ লয় হাজাৰ হাজাৰ সংগীতপ্ৰেমীয়ে৷