Logo
image

তপন শইকীয়ালৈ 'অসম বৈভৱ' : কোনে কোনে লাভ কৰিলে অসম সৌৰভ, অসম গৌৰৱ বঁটা?

ডিজিটেল ডেস্ক ৪ জানুৱাৰী: সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে আজি অসমৰ ২১গৰাকী সন্মানীয় ব্যক্তিলৈ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান ক্ৰমে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়।

অসম বৈভৱ –

ডাঃ তপন শইকীয়া ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ সজাগতা বৃদ্ধিৰ বাবে কৰি অহা প্ৰচেষ্টা আৰু সেৱাৰ বাবে মুম্বাইৰ প্ৰিন্স আলি খান চিকিৎসালয়ৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডা: তপন শইকীয়ালৈ আগবঢ়োৱা হ'ল অসম বৈভৱ বঁটা।

অসম সৌৰভ -

কৃষ্ণ ৰয়। তেওঁক সাংস্কৃতিক ক্ষেত্ৰত থকা অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হয়।তেওঁ আৱাহন থিয়েটাৰৰ প্ৰযোজক।

গিলবাৰ্ট চাংমা। খেলৰ ক্ষেত্ৰখনত আগবঢোৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।

নয়নমণি শইকীয়া। খেল জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

ড০ বিনয় কুমাৰ শইকীয়া। বিজ্ঞান ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ এই বঁটা প্ৰদান কৰা হয়।

শশীধৰ ফুকন । স্বাস্থ্য আৰু সমাজিক দিশত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

 অসম গৌৰৱ-

ধৃতিমালা ডেকা। সমাজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।

দেৱজিত বৰ্মন।  কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

ৰুস্তম বসুমতাৰী। পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

মাঞ্জে লা। পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

বিনন্দ হাতীবৰুৱা। পৰিবেশ আৰু বন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অতুল চন্দ্ৰ বৰুৱা । সমাজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

কল্যানী ৰাজবংশী। উদ্যোগপতি গৰাকীলৈ তেওঁৰ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

চিলা গোৱালা। তেওঁ এগৰাকী আশা কৰ্মী। ৰাজহুৱা খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

ড০ যোগেশ দেউৰী। কৃষি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

ড০ পংকজ লাল গগৈ। উদ্যোগপতি গৰাকীলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

সৰ্বেশ্বৰ বসুমতাৰী। কৃষি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

মনথাং হমাৰ। কৃষি ক্ষেত্ৰলৈ অৱদানৰ বাবে এই বঁটা।

ড০ ধ্ৰুৱজ্যোতি শৰ্মা। কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

দয়াল গোস্বামী। সত্ৰীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

ড০ চৈয়দ ইফটিকাৰ আহমেদ।এইডচ আৰু ড্ৰাগছ বিৰোধী সজাগতা মূলক কাম কাজৰ বাবে এই বঁটা।