Logo
image

চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : ভাৰত জোড়ো যাত্ৰা এৰি দিল্লীলৈ উভতিল ৰাহুল

ডিজিটেল ডেস্ক : শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ছোনিয়া গান্ধীক৷ বুধবাৰে দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হয় ছোনিয়া গান্ধীক৷ নিয়মীয়া পৰীক্ষাৰ বাবে আজি পুৱা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ জানিব পৰা মতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাতো ভুগি আছিল কংগ্ৰেছ নেত্ৰীগৰাকী৷

ছোনিয়া গান্ধীক চিকিৎসালয়ত ভৰ্তি কৰোৱা সময়ত তেওঁৰ লগত উপস্থিত আছিল প্ৰিয়ংকা গান্ধী৷ ইফালে মাতৃৰ অসুস্থতাৰ খবৰ পাই ভাৰত জোড়ো যাত্ৰা এৰি দল্লীলৈ উভতিল ৰাহুল গান্ধী৷ উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত সাত কিলোমিটাৰ পদযাত্ৰাৰ পিছত ভাৰত জোড়ো যাত্ৰাত এৰি মঙলবাৰে ভগ্নী প্ৰিয়ংকাৰ সৈতে দিল্লীলৈ উভতি আহে ৰাহুল গান্ধী৷  

উল্লেখ্য যে ছোনিয়া গান্ধীয়ে ৪ ছেপ্টেম্বৰত কৰ্ণাটকত ভাৰত জোড়ো যাত্ৰাত অংশ লৈছিল৷ ৰাহুলৰ সৈতে পদযাত্ৰাত ভাগ লৈছিল ছোনিয়াই৷ পদযাত্ৰাত মাতৃৰ কান্ধত হাত থৈ ৰাহুলে খোজ কঢ়া ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল৷ কংগ্ৰেছ নেতা শশী থাৰুৰে মাতৃ-পুত্ৰৰ ফটো শ্বেয়াৰ কৰি লিখিছিল যে আইৰ স্থান কোনেও ল'ব নোৱাৰে৷