Logo
image

এতিয়াও সুস্থ হোৱা নাই ঋষভ পণ্ট : উন্নত চিকিৎসাৰ বাবে ডেৰাডুনৰ পৰা মুম্বাইলৈ স্থানান্তৰ

ডিজিটেল ডেস্ক : ৩০ ডিচেম্বৰত ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হোৱা ঋষভ পণ্ট এতিয়াও সুস্থ হোৱা নাই৷ যাৰ বাবে উন্নত চিকিৎসাৰ বাবে ঋষভক বুধবাৰে ডেৰাডুনৰ পৰা মুম্বাইলৈ স্থানান্তৰ কৰা হয়। ক্ৰিকেটাৰ ঋষভ পণ্ট ডেৰাডুনৰ মেক্স হাস্পতালত চিকিৎসাধীন হৈ আছিল।

৩০ ডিচেম্বৰৰ পুৱা ক্ৰিকেটাৰগৰাকী এক ভয়াৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়। শুকুৰবাৰে পুৱা গাড়ী চলাই থকাৰ সময়তে টোপনি গৈছিল ক্ৰিকেটাৰগৰাকী৷ যাৰ ফলত তেওঁৰ বাহনখনে ডিভাইডাৰত খুন্দা মৰাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাৰ পিছত জ্বলি উঠিছিল পণ্টৰ বাহন। দুৰ্ঘটনাত মূৰ আৰু ভৰিত আঘাত পাইছিল ঋষভে৷ কোনোমতে বাহনৰ পৰা বাহিৰলৈ ওলোৱাত প্ৰাণ ৰক্ষা পৰিছিল ক্ৰিকেটাৰগৰাকীৰ৷

এজন বাছ কণ্ডাক্টৰৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিছিল ঋষভৰ৷ দুৰ্ঘটনাৰ পিছত ঋষভক গাড়ীৰ পৰা উলিয়াই আনি প্ৰয়োজনীয় সহায়ৰ লগতে চিকিৎসালয়লৈ লৈ যোৱাত সহায় কৰিছিল বাছ কণ্ডাক্টৰগৰাকীয়ে৷ উল্লেখ্য যে মুখমণ্ডলত অধিক আঘাত পোৱাৰ বাবে প্লাষ্টিক ছাৰ্জাৰী কৰা হৈছে ক্ৰিকেটাৰগৰাকীৰ৷