Logo
image

এটা নহয়, দুটাকৈ নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য বন্দী চি চি টিভি কেমেৰাত

ডিজিটেল সংবাদ, দুলীয়াজান : ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাহৰফুটুকী জনাঞ্চললৈ ওলাই অহাৰ বাতৰি প্ৰকাশিত হৈ অহাৰ সময়তে এইবাৰ তৈল নগৰী দুলীয়াজানত দেখা গৈছে দুটাকৈ নাহৰফুটুকীৰ মুক্ত বিচৰণ। অৱশ্যে জনাঞ্চলৰ বিপৰীতে নাহৰফুটুকী দুটা অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য ঔদ্যোগিক অঞ্চলৰ ভিতৰত বিচৰণ কৰা দেখিবলৈ পোৱা গৈছে। 

অঞ্চলটোৰ এল পি জি ৰিক’ভাৰী প্লাণ্টৰ ভিতৰৰ কণ্ট্ৰ’ল ৰুমত থকা চি চি টিভি ফুটেজত মঙলবাৰে সন্ধিয়া দুটাকৈ নাহৰফুটুকীয়ে বিচৰণ কৰি থকা দেখিবলৈ পোৱা যায়। ফলত উক্ত সময়ত কৰ্মৰত এল পি প্লাণ্টৰ বিষয়াই সংশ্লিষ্ট সকলো পক্ষকে খবৰ দিয়াৰ লগতে বন বিভাগৰ লোককো খবৰ দিয়ে। 

আজি পুৱা বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ বাঘ দুটাৰ সন্ধান কৰে যদিও কোনো শুংসূত্ৰ লাভ নকৰাত এটা লোৰ পিঞ্জৰা সংস্থাপন কৰে। চাৰিওফালে প্ৰায় ১৪ ফুট উচ্চতাৰ দেৱালৰ ওপৰত কাঁইটীয়া তাঁৰৰ বন্ধনীৰ মাজত বাঘ দুটা ঔদ্যোগিক অঞ্চলটোত কেনেকৈ প্ৰৱেশ কৰিলে সেয়া সকলোৰে বাবে সাঁথৰ হৈ পৰিছে।