Logo
image

অসহায় মহানগৰ আৰক্ষী! : বিহুৰ বতৰত ঘৰ খালী নকৰিবলৈ মহানগৰবাসীক আহ্বান আৰক্ষী আয়ুক্তৰ

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷ হত্যা, চুুৰি-ডকাইতি কাণ্ড সঘনে সংঘটিত হ'বলৈ ধৰিছে মহানগৰীত৷ মহানগৰীত কৰ্তব্যত নিয়োজিত আৰক্ষীয়েই নিৰাপত্তাহীনতাত ভুগিছে৷ শেহতীয়াকৈ কৰ্তব্যৰত আৰক্ষী বিষয়াৰ হাতৰ পৰা চোৰে মোবাইল ফোন কাঢ়ি নিয়া ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত৷

ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত দুটা দিন৷ ভোগালী আদৰিবলৈ সাজু ৰাজ্যৰ লগতে মহানগৰবাসী৷ ইয়াৰ মাজতে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই দিগন্ত বৰাই মহানগৰবাসীলৈ বিশেষ আহ্বান জনাইছে৷ মহানগৰবাসীক ঘৰ খালী কৰি বিহু খাবলৈ নাযাবলৈ আহ্বান জনাইছে আৰক্ষী আয়ুক্তই৷

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই মহানগৰবাসীক উদ্দেশ্যি কয় যে যিসকলে বিহুৰ বতৰত গুৱাহাটী এৰি গাঁৱত বিহু খাবলৈ যাবলৈ বিচাৰে তেওঁলোকে ঘৰত ৰখীয়া ৰখাৰ ব্যৱস্থা কৰক৷ ঘৰত ৰখীয়া নোহোৱাকৈ গাঁৱত বিহু খাবলৈ নাযাবলৈ আহ্বান আৰক্ষী আয়ুক্তগৰাকীৰ৷ লগতে তেওঁ কয় যে আৰক্ষীৰ সংখ্য়া সীমিত হোৱাৰ লগতে মহানগৰীত সৰু-সুৰা অপৰাধ হৈ থাকে৷ আৰক্ষীৰ ফালৰ পৰা অপৰাধ ৰোধ কৰিবলৈ সকলো চেষ্টা কৰিব বুলি কৈ দিগন্ত বৰাই গাঁৱত বিহু খাবলৈ যাবলৈ বিচৰাসকলক ঘৰত ৰখীয়া ৰখাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷