Logo
image

ম্যানমাৰৰ এয়াৰ ষ্ট্ৰাইক

আমাৰ অসম, ১৩ জানুৱাৰী:  বিদ্ৰোহীৰ সন্ধানত ভাৰতৰ ভূ-খণ্ডতো এয়াৰ ষ্ট্ৰাইক চলাইছে ম্যানমাৰৰ সামৰিক জুণ্টাৰ যুজাঁৰু বিমানে৷ ম্যানমাৰ সেনা অৰ্থাৎ জুণ্টা বাহিনীয়ে আকাশমাৰ্গৰ পৰা নিক্ষেপ কৰা বোমা বিস্ফোৰণত কঁপি উঠিছে মিজোৰাম সীমান্ত৷ ম্যানমাৰ সেনাই দেশখনৰ জনগোষ্ঠীয় তথা কমিউনিষ্ট বিদ্ৰোহী সংগঠনৰ কেম্পলৈ লক্ষ্য কৰি নিক্ষেপ কৰা বোমা বৰ্ষণৰ ফলত   মিজোৰাম আৰু ম্যানমাৰৰ সীমান্তবাসী এতিয়া আতংকিত হৈ পৰিছে৷ মঙলবাৰৰ পৰা ম্যানমাৰৰ জুণ্টা সেনাই উগ্ৰপন্থী সংগঠন চিন নেশ্বনেল আৰ্মীৰ হেডকোৱাৰ্টাৰত ভিক্টোৰিয়াত এয়াৰ ষ্ট্ৰাইক অব্যাহত ৰাখিছে৷ ভাৰতৰ মিজোৰাম সীমান্তৰ গাতে লাগি থকা বিদ্ৰোহী সংগঠনটোৰ মূল ঘাটিত আকস্মিকভাৱে চলোৱা আক্ৰমণত দুটা বোমা ভাৰতৰ ভূ-খণ্ডত পৰা বুলিও দাবী কৰিছে আন্তৰ্জাতিক সংবাদ সংস্থাই৷ মিজোৰামৰ চাম্পাই জিলাৰ সীমান্তৰ ফাৰ্কৱান গাঁৱৰ স্থানীয় বাসিন্দাই বোমা বিস্ফোৰণৰ শব্দ শুনাৰ কথা সাংবাদিকক নিশ্চিত কৰিছে৷ ফৰ্কৱান আৰু খাওবাং গাঁৱৰ বাসিন্দাসকলে বুধবাৰে বিয়লি ৪.৩০ বজাত সীমান্তৰ টিয়াও নদীৰ কাষত কাম কৰি থকাৰ সময়তে বোমাৰ শব্দ শুনি ঘৰলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল৷ এই বোমা বিস্ফোৰণত মিজোৰামৰ বাসিন্দাৰ এখন ট্ৰাক ক্ষতিগ্ৰস্ত হয়৷ সীমান্তৰ এই টিয়াও নদীয়ে ভাৰত আৰু ম্যানমাৰৰ ভাগ কৰিছে৷ স্থানীয় ৰাইজে দাবী কৰা মতে সীমান্তৰ পৰা মাত্ৰ ৩০ মিটাৰ দূৰত্বত বোমা বিস্ফোৰণ ঘটিছে৷ ইতিমধ্যে আছাম ৰাইফলছে সমগ্ৰ অঞ্চলটো ঘেৰি আছে যদিও আছাম ৰাইফলছে আনুষ্ঠানিকভাৱে ম্যানমাৰৰ জুণ্টা সেনাই বিমানৰ পৰা নিক্ষেপ কৰা বোমা ভাৰতৰ ভূ-খণ্ডত পৰাৰ কথা ৰাজহুৱা কৰা নাই৷ ইফালে চাম্পাই জিলাৰ উপায়ুক্ত জেমচ লালৰিঞ্চানাই স্থানীয় লোকে দাবী কৰা তথ্যৰ সত্যাসত্য নিৰূপণৰ বাবে এজন দণ্ডাধীশ সীমান্তৰ গাঁৱলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে৷ উপায়ুক্তজনে চুবুৰীয়া দেশখনত ৮টা বিস্ফোৰণ সংঘটিত হোৱা বুলিও প্ৰকাশ কৰিছে৷ উল্লেখ্য, ২০২১ চনৰ ফেব্ৰুৱাৰীত ম্যানমাৰত ক্ষমতা দখল কৰিছিল সামৰিক বাহিনী জুণ্টাই৷ তেতিয়াৰে পৰা দেশখনত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে সাধাৰণ নাগৰিকৰ লগতে জনগোষ্ঠীয় বিদ্ৰোহী সংগঠনসমূহেও৷ ম্যানমাৰৰ সশস্ত্ৰ  সংগঠন চিন নেশ্বনেল আৰ্মীয়ে জুণ্টা বাহিনীৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে৷ ম্যানমাৰৰ বিদ্ৰোহী সংগঠনসমূহে যৌথভাৱে জনসুৰক্ষা বাহিনী [পিডিএফ] গঠন কৰিছে৷ পিডিএফৰ অধীনতে চিন নেশ্বনেল আমীৰ্ৰ হেডকোৱাৰ্টাৰ ভিক্টোৰিয়াত যুৱকসকলক সামৰিক প্ৰশিক্ষণ দি অহা হৈছে৷ জুণ্টা সেনাই বিগত নৱেম্বৰতে ভিক্টোৰিয়াত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল যদিও সেয়া ফাদিল হৈছিল৷ অৱশেষত বুধবাৰে চিন নেশ্বনেল আৰ্মীৰ হেডকোৱাৰ্টাৰত আকাশ মাৰ্গৰ পৰা বোমা নিক্ষেপ কৰাত এগৰাকী মহিলাকে ধৰি সাতজন বিদ্ৰোহীৰ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ পাইছে৷ এই ঘটনাত আন ২০ জন লোক আহত হৈছে৷ লক্ষণীয় বিষয়টো হৈছে যে জুণ্টা সেনাই নিক্ষেপ কৰা বোমাই বিদ্ৰোহীৰ কেম্পটোৰ এখন হাস্পতাল ধবংসস্তুপত পৰিণত কৰে৷ এই হাস্পতালখনত মিজোৰামৰ পৰাও ভাৰতীয় নাগৰিকে চিকিৎসাৰ বাবে যায়৷ প্ত জন চিকিৎসক আৰু ৬ গৰাকী নাৰ্ছে কাম কৰি আছিল চিকিৎসালয়খনত৷ উল্লেখ্য, জুণ্টা সেনাই বুধবাৰৰ পৰা চলোৱা আক্ৰমণত ৩ খন য়াক-১৩০ আৰু ২ খন মিগ-২৯ যুদ্ধ বিমান ব্যৱহাৰ কৰাৰ লগতে বিদ্ৰোহীৰ শিবিৰটোত মুঠ পাঁচ বাৰ আক্ৰমণ চলায়৷ লক্ষণীয়ভাৱে বিগত চাৰি দিনত ম্যানমাৰৰ উগ্ৰপন্থী সংগঠনে অভিযান চলাই প্ৰায় ৬০জন জুণ্টা সেনাক হত্যা কৰিছে৷