Logo
image

শতাধিক মহিলাক ধৰ্ষণ, ব্লেকমেইল কৰি অৱশেষত জে’লত ‘জেলেপি বাবা’

আমাৰ অসম, ১৩ জানুৱাৰী: দেশৰ তথাকথিত ‘আধ্যাত্মিক গুৰু’ৰ কু-কীৰ্তিৰ কাহিনী যেন শেষেই নহ’ব৷ আশাৰাম বাপু, গুৰমিত ৰাম ৰহিম আদিকে ধৰি ইজনৰ পাছত সিজন স্বয়ম্ভু গুৰুৰ কু-কীৰ্তি পোহৰলৈ আহিয়েই আছে৷ এইবাৰ সেই তালিকাত যোগ হৈছে আন এজন বিতৰ্কিত স্বয়ম্ভু গুৰু ‘জেলেপি বাবা’ৰ নাম৷ হাৰিয়ানাৰ বাবা বালকনাথ  মন্দিৰৰ এইজন সন্যাসী কমেও ১২০ গৰাকী মহিলাক ধৰ্ষণ কৰা আৰু আপত্তিজনক ভিডিঅ’ প্ৰস্তুত কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছে৷ হাৰিয়ানাৰ এখন ফাষ্টট্ৰেক আদালতে দোষী সাব্যস্ত কৰি স্বয়ম্ভু ধৰ্মগুৰুজনক চৈধ্য বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে৷ উল্লেখ্য যে জেলেপি বাবা নামৰ এইজন ভণ্ড সন্যাসীৰ বিৰুদ্ধে বহুদিন ধৰি হাৰিয়ানাৰ বিভিন্ন থানাত কু-কীৰ্তিৰ অভিযোগ দাখিল হৈ আহিছিল৷ তদুপৰি ২০১৭ চনত ভণ্ড ধৰ্মগুৰুজনৰ যৌন নিৰ্যাতনৰ বলি হোৱা এগৰাকী মহিলাই তেওঁৰ কু-কীৰ্তিৰ বিষয়ে ৰাজহুৱা কৰাৰ ভাবুকি প্ৰদান কৰিছিল৷ ইয়াৰ পাছতে জেলেপি বাবাই মহিলাগৰাকীৰ এটা আপত্তিজনক ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল কৰি দিছিল৷ এই ঘটনাৰ পাছতে ভুক্তভোগী মহিলাগৰাকীয়ে জেলেপি বাবাৰ কু-কীৰ্তিৰ বিষয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷ উক্ত অভিযোগৰ ভিত্তিতেই হাৰিয়ানাৰ আৰক্ষীয়ে স্বয়ম্ভু ধৰ্মগুৰুজনৰ আশ্ৰমত অভিযান চলাই কেইবাশ আপত্তিজনক ভিডিঅ’ জব্দ কৰে আৰু জেলেপি বাবাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়৷ অৱশেষত আদালতে ভণ্ড ধৰ্মগুৰুজনে কৰা কু-কীৰ্তিৰ বাবে দোষী সাব্যস্ত কৰি চৈধ্য বছৰৰ কাৰাদণ্ড বিহে৷ প্ৰশ্ন হয়, কিহৰ বাবে এই ধৰ্মগুৰুজনক জেলেপি বাবা বুলি কোৱা হয়৷ আচলতে হাৰিয়ানাৰ তোহানা জে’ল ৰোডত এটা সময়ত এই লোকজনে জেলেপিৰ ব্যৱসায় কৰিছিল৷ সেই সময়ত তেওঁৰ নাম আছিল অমৰ পুৰী৷ জেলেপিৰ ব্যৱসায় কৰি থাকোতে থাকোতে অমৰ পুৰী তান্ত্ৰিক হৈ পৰে৷ তেতিয়াৰে পৰা তেওঁ ‘জেলেপি বাবা’ৰূপে পৰিচিত হয়৷ সেই জেলেপি বাবা এতিয়া আশ্ৰমৰ বিলাসী জীৱনৰ সলনি কটাবলগীয়া হৈছে কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত৷ জেলেপি বাবাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মতে, তেওঁৰ আশ্ৰমলৈ বিভিন্ন সময়ত বিভিন্ন অঞ্চলৰ পৰা মহিলা আহি নিজ নিজ সমস্যাৰ পৰিত্ৰাণ বিচাৰিছিল৷ জেলেপি বাবাই সমস্যাসমূহৰ প্ৰতিকাৰ দিয়াৰ নামত মহিলাসকলক নিচাযুক্ত দ্ৰব্য খুৱাই অজ্ঞান কৰি লয় আৰু সংজ্ঞাহীন হোৱা মহিলাৰ  ওপৰত তেওঁ পূৰ্ণ কৰে নিজৰ যৌন লালসা৷ পাছত নিৰ্যাতিতা মহিলাই ইয়াৰ বিৰুদ্ধে মাত মাতিলেই জেলেপি বাবাই তেওঁলোকক লৈ প্ৰস্তুত কৰা আপত্তিজনক ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে ‘ব্লেকমেইল’ কৰিবলৈ আৰম্ভ কৰে৷ ফলত মুখলজ্জাৰ ভয়ত মহিলাসকলে এই বিষয়ে আনকি পৰিয়ালৰ লোককো অৱগত কৰাৰ পৰা বিৰত থাকে৷ আৰক্ষীয়ে লাভ কৰা তথ্য মতে, এতিয়ালৈকে জেলেপি বাবাৰ কামনাৰ বলি হৈছে কমেও ১২০ গৰাকী মহিলা৷