Logo
image

জনতাক সুৰক্ষা দিয়াটো আৰক্ষীৰ দায়িত্ব, নিচিন্ত মনেৰে যাওক বিহু খাবলৈ : আৰক্ষী আয়ুক্তৰ মন্তব্যৰ পিছতে এনেদৰে ক'লে মুখ্যমন্ত্ৰীয়ে

ডিজিটেল ডেস্ক : জনতাক সুৰক্ষা দিয়াটো আৰক্ষীৰ দায়িত্ব৷ বিহু খাবলৈ গাঁৱলৈ যাওক মহানগৰীৰ লোক৷ আৰক্ষী আয়ুক্তই মহানগৰবাসীক কৰা আহ্বানৰ পিছত এনেদৰে ক'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ 

মুখ্যমন্ত্ৰীয়ে কয় যে মহানগৰীৰ লোক আৰামত গাঁৱলৈ যাওক বিহু খাবলৈ৷ মাথোঁ ঘৰত দুটা তলা লগাই থৈ যাওক৷ আৰক্ষীৰ দায়িত্ব হৈছে জনতাক সুৰক্ষা দিয়া৷ আৰক্ষীয়ে জনতাক এই  উপদেশ দিলে কেনেকৈ হব বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে

উল্লেখ্য যে বৃহস্পতিবাৰে মহানগৰবাসীক বিহুৰ বতৰত ঘৰ খালী নকৰিবলৈ আহ্বান জনাইছিল মহানগৰ আৰক্ষী আয়ুক্তই৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই মহানগৰবাসীক উদ্দেশ্যি কয় যে যিসকলে বিহুৰ বতৰত গুৱাহাটী এৰি গাঁৱত বিহু খাবলৈ যাবলৈ বিচাৰে তেওঁলোকে ঘৰত ৰখীয়া ৰখাৰ ব্যৱস্থা কৰক৷ ঘৰত ৰখীয়া নোহোৱাকৈ গাঁৱত বিহু খাবলৈ নাযাবলৈ আহ্বান আৰক্ষী আয়ুক্তগৰাকীৰ৷ লগতে তেওঁ কয় যে আৰক্ষীৰ সংখ্য়া সীমিত হোৱাৰ লগতে মহানগৰীত সৰু-সুৰা অপৰাধ হৈ থাকে৷ আৰক্ষীৰ ফালৰ পৰা অপৰাধ ৰোধ কৰিবলৈ সকলো চেষ্টা কৰিব বুলি কৈ দিগন্ত বৰাই গাঁৱত বিহু খাবলৈ যাবলৈ বিচৰাসকলক ঘৰত ৰখীয়া ৰখাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷